ETV Bharat / bharat

কৃষকৰ দিল্লী চলো পদযাত্ৰা আৰম্ভ; শম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা - FARMERS PROTEST

কৃষকসকলৰ সৈতে আলোচনাৰ পক্ষত নাই কেন্দ্ৰীয় চৰকাৰ । দেওবাৰে পুনৰ দিল্লী চলো পদযাত্ৰা আৰম্ভ প্ৰতিবাদকাৰী কৃষকৰ ।

Farmers protest
কৃষকৰ দিল্লী চলো পদযাত্ৰা আৰম্ভ (PTI)
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 3:57 PM IST

নতুন দিল্লী : 'দিল্লী চলো' পদযাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে কৃষকৰ প্ৰতিবাদকাৰী দল । ইফালে কৃষকসকলক বাধা দিবলৈ শম্ভু সীমান্তত বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে । শনিবাৰে পাঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভুত সাংবাদিকক সম্বোধন কৰা কৃষক প্ৰতিনিধি চাৰৱান সিং পান্ধেৰে কয় যে দেওবাৰে দুপৰীয়া ১০১ জনীয়া কৃষকৰ এটা দল দিল্লীলৈ ৰাওনা হ'ব । পান্ধেৰে কয় যে শুকুৰবাৰে হাৰিয়ানাৰ নিৰাপত্তাকৰ্মীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত ১৬ গৰাকী কৃষক আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকৰ এজনে শ্ৰৱণ ক্ষমতা হেৰুৱাইছে ।

তেওঁ কয়, "কৃষকসকলক কিয় বৰ্বৰতাৰে আক্ৰমণ কৰা হৈছে ? সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, সংযুক্ত কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ইতিমধ্যে সিদ্ধান্ত লৈছে যে ১০১ জনীয়া কৃষকৰ দলে দেওবাৰে দুপৰীয়া শান্তিপূৰ্ণভাৱে পুনৰ ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰা কৰিব । আমাৰ গোটটো শান্তিপূৰ্ণভাৱে যাব আৰু কোনো নিয়ম উলংঘা নকৰাটো নিশ্চিত কৰিব ।"

'মোদী চৰকাৰ আলোচনাৰ পক্ষত নাই'

পান্ধেৰে লগতে কয় যে ৪ গৰাকী আহত কৃষকৰ বাহিৰে বাকীসকলক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁ কয়, "আমি আলোচনা কৰাৰ বাবে কেন্দ্ৰৰ পৰা কোনো বাৰ্তা পোৱা নাই । মোদী চৰকাৰে আলোচনা কৰাৰ স্থিতিত নাই ।"

উল্লেখ্য যে শুকুৰবাৰে প্ৰতিবাদকাৰী কৃষকসকলক বাধা দিয়াৰ বাবে পাঞ্জাৱ-হাৰিয়ানা সীমান্তত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল । য'ত একাংশ কৃষক আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পিছতে পদযাত্ৰা স্থগিত ৰখা হৈছিল ।

পান্ধেৰে লগতে কয় যে কিষাণ মজদুৰ মৰ্চা আৰু সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিবাদে ৩০০ দিনত ভৰি দিছে কিন্তু কেন্দ্ৰীয় চৰকাৰ নিজৰ স্থিতিত অটল আছে । পান্ধেৰে কয়, "আমি কৰা আন এটা ডাঙৰ ঘোষণা আছিল যে আমি পাঞ্জাৱত বিজেপি নেতাসকলৰ প্ৰৱেশৰ বিৰোধিতা কৰিম । আমি নিশ্চিত নহয় কিন্তু আমি শুনিছো যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনী আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী অমৃতসৰলৈ গৈ আছে । আমি পাঞ্জাৱৰ কৃষকসকলক ৰাজ্যখনত তেওঁলোকৰ প্ৰৱেশৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছো ।"

সংবাদ মাধ্য়মক দূৰত্ব বজাই ৰখাৰ আহ্বান

হাৰিয়ানা আৰক্ষীয়ে পাঞ্জাৱ আৰক্ষীয়ে পত্ৰ লিখি জনাইছে যে সংবাদ মাধ্যমক তেওঁলোকৰ সুৰক্ষাৰ বাবে প্ৰতিবাদস্থলীৰ পৰা দূৰত ৰাখিব লাগে । হাৰিয়ানা আৰক্ষীয়ে পত্ৰখনত উল্লেখ কৰিছে যে ৬ ডিচেম্বৰত যেতিয়া কৃষকসকল হাৰিয়ানা সীমান্তৰ ফালে আহিছিল প্ৰতিবাদস্থলীৰ ওচৰত সংবাদ মাধ্যমৰ লোকসকলক অনুমতি নিদিবলৈ কৰা অনুৰোধ স্বত্বেও বহু সংবাদ মাধ্যমৰ লোকে প্ৰৱেশ কৰিছিল । যাৰ বাবে হাৰিয়ানা আৰক্ষীয়ে সীমান্তত আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ।

লগতে পঢ়ক :দিনটোৰ বাবে স্থগিত কৃষকৰ দিল্লী চলো যাত্ৰা; কন্দুৱা গেছ নিক্ষেপত আহত কেইবাজনো কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.