ETV Bharat / bharat

আদালতৰ বাহিৰত সন্দীপ ঘোষক কোনে শোধালে চৰ ! - Sandip Ghosh Sent to Police Custody

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:34 AM IST

Sandip Ghosh Suspend: আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক আঠ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ আদালতৰ । আদালতৰ শুনানিৰ পাচত ঘোষক বাহিৰলৈ অনাৰ সময়তে ভিৰৰ মাজৰ পৰা এজন ব্যক্তিয়ে ঘোষৰ গালত প্ৰচণ্ড চৰ শোধায় । ইফালে আদালতৰ এই শুনানীৰ পাচতেই পশ্চিমবংগৰ স্বাস্থ্য বিভাগে নিলম্বন কৰে ঘোষক ৷

SANDIP GHOSH SENT TO POLICE CUSTODY
আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ (ETV Bharat Assam)

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ: আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে চিবিআইয়ে আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে তেওঁক আঠ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে । চিবিআইৰ বিষয়াসকলে ঘোষক উভতাই নিয়াৰ সময়ত আদালতৰ বাহিৰত ভিৰৰ মাজৰ এজন ব্যক্তিয়ে ঘোষক চৰ মাৰে ।

ঘোষক কলকাতাৰ আলিপুৰৰ চিবিআইৰ বিশেষ আদালতলৈ অনাৰ সময়ত তাত উপস্থিত থকা ৰাইজে ‘চোৰ-চোৰ’ বুলি শ্লোগান দিছিল । এদল অধিবক্তাই তেওঁক ঘেৰি প্ৰতিবাদো সাব্যস্ত কৰে । চি বি আইৰ বিশেষ আদালতে তেওঁক আঠ দিনৰ চিবিআইৰ জিম্মালৈ পঠিয়াবলৈ নিৰ্দেশ দিয়াৰ পাচত সন্ধিয়া প্ৰায় ৬ বজাত তেওঁক আদালতৰ পৰা উলিয়াই অনা হয় ।

চি আৰ পি এফৰ জোৱানে তেওঁক ঘেৰি ধৰি আদালতৰ বাহিৰলৈ লৈ আনে । ঘোষক কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালত চৌহদৰ পৰা উলিয়াই আনি এখন গাড়ীত উঠাবলৈ নিয়াৰ সময়তে ভিৰৰ মাজৰ পৰা এজন ব্যক্তিয়ে তেওঁৰ গালত প্ৰচণ্ড চৰ সোধাইছিল । অৱশ্যে প্ৰতিবাদকাৰী অধিবক্তাই তেওঁক চৰ মাৰিলে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ঘোষক চৰ মৰা পিছত তেওঁক কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালত চৌহদৰ পৰা উলিয়াই আনি এখন গাড়ীত উঠাই লৈ যোৱা হয় ।

স্বাস্থ্য বিভাগে নিলম্বন কৰিলে ঘোষক:

ইফালে আদালতে ঘোষক ৮ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত স্বাস্থ্য বিভাগে তেওঁক নিলম্বন কৰে । মঙলবাৰে স্বাস্থ্য বিভাগে এক অধিসূচনাযোগে ঘোষক চৰকাৰী পদৰ পৰা নিলম্বনৰ বিষয়ে অৱগত কৰে ।

ঘোষ এজন প্ৰভাৱশালী ব্যক্তি: চিবিআই

সন্দীপ ঘোষক আদালতত দাখিল কৰাৰ পিছত চিবিআইয়ে কয় যে ঘোষ এজন প্ৰভাৱশালী ব্যক্তি । যাৰ বাবে তেওঁক অধিক সোধা-পোছাৰ বাবে জিম্মাত লোৱাটো প্ৰয়োজনীয় । আনহাতে, ঘোষৰ অধিবক্তাই অৱগত কৰে যে আৰ জি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে যিমানবাৰ চিবিআইয়ে সোধা-পোছাৰ বাবে ফোন কৰিছে, সিমানবাৰ সংস্থাটোৰ সন্মুখত হাজিৰ হৈছে । অৰ্থাৎ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত তেওঁ সহযোগিতা আগবঢ়াইছিল । উভয় পক্ষৰ প্ৰশ্নোত্তৰ শুনি ন্যায়াধীশে ঘোষক আঠ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ।

আদালতৰ ভিতৰত শ্লোগান

মঙলবাৰে আলিপুৰৰ চিবিআইৰ বিশেষ আদালতত ঘোষসহ মুঠ চাৰিজন লোকক হাজিৰ কৰোৱা হয় । আটাইকে আলিপুৰ আদালতস্থিত চি বি আইৰ বিশেষ আদালতলৈ পিছফালৰ দুৱাৰেদি অনা হয় । ঘোষে মাস্ক পিন্ধি আদালত কক্ষত প্ৰৱেশ কৰে । অৱশ্যে ঘোষৰ মাস্ক আঁতৰাই দিয়াৰ বাবে অধিবক্তাই আদালতত দাবী জনায় । ইয়াকে লৈ তেওঁলোকে আদালতৰ কক্ষৰ ভিতৰতে শ্লোগান দিবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: বাতিল হ’ব পাৰে সন্দীপ ঘোষৰ চিকিৎসা পঞ্জীয়ন, এনএমচিক আবেদন চিকিৎসক ফেডাৰেচনৰ - EX Principal Sandip Ghosh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.