ETV Bharat / bharat

ৰাম মন্দিৰত পুৰোহিতেও ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন : সকলো পুৰোহিতক দিয়া হ’ব বিশেষ পোচাক - Ayodhya Ram Mandir

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 5:46 PM IST

Android Phone ban in Ram Mandir: এতিয়াৰে পৰা ২৬ জন পুৰোহিতে ৰাম মন্দিৰত পূজাৰ বাবে বিভিন্ন সময়ত ভাগে ভাগে সেৱা আগবঢ়াব ৷ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ দ্বাৰা গঠিত ধৰ্মীয় সমিতিয়ে ২১ জন নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পুৰোহিতক পূজা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Android Phone ban in Ram Mandir
AYODHYA RAM MANDIR (ETV Bharat)

নিউজ ডেস্ক, ১ জুলাই: দৰ্শনাৰ্থীৰ পিচত এইবাৰ আনকি পুৰোহিতসকলকো ৰাম মন্দিৰলৈ মোবাইল ফোন নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ লগে লগে ৰাম মন্দিৰৰ পুৰোহিতসকলে এতিয়া বিশেষ সাজ-পোচাক পৰিধান কৰি মন্দিৰলৈ আহিব লাগিব । মন্দিৰত প্ৰৱেশ কৰাৰ আগতে পূজাৰীয়ে হালধীয়া ৰঙৰ কুৰ্তা, ধূতি আৰু পাগুৰি পৰিধান কৰিব লাগিব ।

আজিৰে পৰা ৰাম মন্দিৰতো পুৰোহিতৰ সংখ্যা বৃদ্ধি কৰা হৈছে । এতিয়া ২৬ জন পুৰোহিতে ৰামৰ পূজাৰ বাবে ভাগে ভাগে সেৱা আগবঢ়াব । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ দ্বাৰা গঠিত ধৰ্মীয় সমিতিয়ে ২১ জন নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত পুৰোহিতক পূজাৰ কাৰ্যত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: ৰামলালা দৰ্শনত অভিলেখ; ১ কোটি ১২ লাখ ভক্তৰ অযোধ্যা আগমন - Ayodhya ram mandir

ইয়াৰ বাবে ট্ৰাষ্টে সকলো পুৰোহিতক আই ডি কাৰ্ডো প্ৰদান কৰিছে । অতি সোনকালে ৬ মাহৰ বাবে লোৱা প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰ লগতে নিযুক্তি পত্ৰও প্ৰদান কৰা হ’ব পুৰোহিতসকলক । যদিও দেওবাৰে ধৰ্মীয় সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব লাগিছিল, কিন্তু বিশেষ কাৰণত এই নিযুক্তি পত্ৰ এতিয়া ৩ বা ৫ জুলাইত বিতৰণ কৰিব পৰা যাব ।

ৰাম মন্দিৰৰ সহকাৰী পুৰোহিত অশোক উপাধ্যায়ে কয় যে ট্ৰাষ্টে ৰাম মন্দিৰলৈ অহা পুৰোহিতসকলক এণ্ড্ৰইড ফোন অনাত নিষেধাজ্ঞা আৰোপ কৰিছে । তেওঁলোকৰ মতে কথা পতাৰ বাবে কিপেড থকা ফোনহে ল’ব পাৰিব । কুৰ্তা, ধূতি আৰু পাগুৰিকে ধৰি পুৰোহিতৰ বাবে বিশেষ সাজ-পোচাকো প্ৰস্তুত কৰা হৈছে । কোৱা হৈছে যে ট্ৰাষ্টৰ পৰা এতিয়াও কোনো নিৰ্দেশনা পোৱা নাই ।

লগতে পঢ়ক: ৰাম মন্দিৰ নিৰ্মাণৰ পিছতো কিয় অযোধ্যাতেই দূৰ্গ খহিল গেৰুৱা শিবিৰৰ ? - Bjp Lose Uttar Pradesh’s Ayodhya

ৰাম মন্দিৰত প্ৰশিক্ষণৰ সময়ত ইতিমধ্যে ১১ জন প্ৰশিক্ষাৰ্থীক ৰামলালাৰ পূজা পদ্ধতিত অন্তৰ্ভুক্ত কৰা হৈছে । ৰামনৱমীৰ সময়ত ৰামলালাৰ পূজাৰ লগত জড়িত ১১ জন পুৰোহিতক পূজা পদ্ধতি সম্পৰ্কে সম্পূৰ্ণ তথ্য দিয়া হৈছিল । য'ত প্ৰতিদিনে পুৱা ৰামলালাৰ মংগল আৰতি, শৃংগাৰ আৰতি আৰু শয়ন আৰতিলৈকে ৰাম ৰক্ষা স্তোত্ৰ আৰু পুৰুসোত্ৰৰ ১৬টা মন্ত্ৰ জপ কৰা হয় ।

লগতে পঢ়ক: অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শনৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি - Ayodhya Ram Mandir

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.