নেশ্যনেল ডেস্ক, 29 : বৃক্ক ৰোগৰ কৰাল গ্ৰাসত এখন গাঁও ৷ এই গাঁওখনৰ অধিকাংশ লোক বৃক্ক ৰোগত আক্ৰান্ত ৷ এতিয়ালৈ এই গাঁওখনত বৃক্ক ৰোগত আক্ৰান্ত হৈ 82 গৰাকী লোকৰ মৃত্যু হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই গাঁওখন হৈছে ছত্তীশগড়ৰ গাৰিয়াবান্দৰ চুপেবাদা গাঁও ৷ বৃক্ক ৰোগৰ ত্ৰাসৰ বাবেই প্ৰখ্যাত এইখন গাঁও ৷ শুকুৰবাৰে পুনৰ বৃক্ক ৰোগত আক্ৰান্ত হৈ গাঁওখনৰ এজন 82 বছৰীয়া লোকে মৃত্যুক আকোৱালি লয় ৷ মৃত লোকজনৰ নাম নবীন সোনৱানী বুলি জানিব পৰা গৈছে । তেওঁ বহু বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি আছিল । তাৰ পিচতে তেওঁক এইমছত ভৰ্তি কৰা হৈছিল ৷
নবীনে ইয়াৰ পূৰ্বে 15 বাৰ ডায়েলাইচিছ কৰিছিল । ইয়াৰ স্বত্ত্বেও, বৃক্কৰ ৰোগত তেওঁৰ মৃত্যুক আকোৱালি লয় । উল্লেখ্য যে, গাঁওখনত এতিয়ালৈকে বৃক্কৰ ৰোগত 82 জন লোকৰ মৃত্যু হৈছে।
পানীৰ ফলত অসুস্থ হৈছে লোকসকল:
গাওঁবাসীয়ে কৈছে যে গাঁওবাসীয়ে দূষিত পানী খোৱাৰ ফলত এই ৰোগে ভয়াবহভাৱে ছানি ধৰিছে ৷ 2018 চনৰ 23 ডিচেম্বৰত গাঁওখনত বিশুদ্ধ খোৱা পানীৰ বাবে, চৰকাৰে এবছৰৰ ভিতৰত তেল নদীৰ পৰা বিশুদ্ধ খোৱা পানী অনাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু চৰকাৰ সলনি হ’ল যদিও গাঁওখনত খোৱা পানীৰ সমস্যা সমাধান হোৱা নাই । আনকি বছৰ পাৰ হোৱাৰ পাচতো, খোৱা পানীৰ বাবে নিবিদা জাৰি কৰা হোৱা নাই।
বৃক্কৰ ৰোগত 82 জন লোকৰ মৃত্যু :
গাঁওখনত এতিয়ালৈ বৃক্কৰ ৰোগৰ ফলত মুঠ 82 জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ কাৰণ ইয়াত তেল নদীৰ পানী বুলি বিশ্বাস কৰা হয় । এইটো বিশ্বাস কৰা হয় যে তেল নদীৰ পৰা অনা পানী খোৱাৰ বাবে গ্ৰহণযোগ্য নহয় ৷ পৰিষ্কাৰ পানীৰ অভাৱত মানুহে লেতেৰা পানী খাই জীয়াই থাকিব লগা হয় । এইকাৰণেই গাঁওখনৰ লোকসকল বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে । চৰকাৰ তথা প্ৰশাসনে এই ৰোগৰ প্ৰতি কোনো মনোযোগ নিদিয়ে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: তিতাবিধৰহে আছে উপকাৰিতা: ভাল পালেও কমাই খাওক মিঠাবিধ - Benefits of chocolate