ETV Bharat / bharat

তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালক বৈদ্যুতিক কেটলি যোগান ধৰাৰ নিৰ্দেশ আদালতৰ - Electric kettle in Tihar Jail - ELECTRIC KETTLE IN TIHAR JAIL

Kejriwal In Tihar Jail : ৰাউছ এভিনিউ আদালতে কাৰাগাৰৰ ভিতৰত বৈদ্যুতিক কেটলি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক । কেজৰিৱালৰ স্বাস্থ্যজনিত কাৰণৰ বাবেই আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

Order to provide electric kettle to Arvind Kejriwal in Tihar Jail

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 6:55 AM IST

Updated : Apr 4, 2024, 7:08 AM IST

নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল : দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৈদ্যুতিক কেটলি, টেবুল আৰু চকী প্ৰদান কৰিবলৈ বুধবাৰে তিহাৰ জেলৰ অধীক্ষকক নিৰ্দেশ দিছে ৰাউছ এভিনিউ আদালতে । বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই কেজৰিৱালক পানী গৰম কৰিবলৈ বৈদ্যুতিক কেটলি ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে । আদালতে কয় যে বৈদ্যুতিক কেটলি যোগান ধৰাটো তেওঁৰ অধিবক্তা আৰু পৰিয়ালৰ সদস্যৰ দায়িত্ব হ’ব ।

উল্লেখ্য যে, কেজৰিৱালে আদালতত কৈছিল যে তেওঁ ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত । যাৰ বাবে সঘনে চাহ খাব লগা হয় ৷ আনহাতে কাৰাগাৰ প্ৰশাসনে কাৰাগাৰৰ নিয়ম অনুসৰিহে চাহ যোগান ধৰিব পাৰে ৷ তদুপৰি আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক মুখ্যমন্ত্ৰী কেজৰিৱালৰ অধিবক্তাক জেল মেনুৱেল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

তিহাৰ কাৰাগাৰত অৰবিন্দ কেজৰিৱালক বৈদ্যুতিক কেটলি যোগান ধৰাৰ নিৰ্দেশ আদালতৰ

এইখিনিতে কওঁ যে, ১ এপ্ৰিলৰ দিনা আদালতে ১৫ এপ্ৰিললৈকে কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । ন্যায়িক জিম্মাত থকা এই সময়খিনিত আদালতে কেজৰিৱালক ভাগৱত, গীতা, ৰামায়ণ আৰু প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সিদ্ধান্ত লয় (How Prime Ministers Decide) শীৰ্ষক গ্ৰন্থ পঢ়িবলৈ অনুমতি দিছিল । আদালতে কেজৰিৱালক ঘৰুৱা খাদ্য আৰু জেলত চকী-টেবুল যোগান ধৰিবলৈয়ো অনুমতি দিছিল ।

লগতে পঢ়ক : তিহাৰ কাৰাগাৰৰ আলহী হ'ল কে কবিতা - Delhi liquor case

উল্লেখ্য যে, ২১ মাৰ্চৰ দিনা অৰবিন্দ কেজৰিৱালক জেৰা কৰি গ্ৰেপ্তাৰ কৰে । কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সন্দৰ্ভত আজি উচ্চ ন্যায়ালয়ে ৰায় সংৰক্ষিত কৰি ৰাখিছে ।

ইফালে দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইতিমধ্যে কেইবাগৰাকী নেতাক গ্ৰেপ্তাৰ কৰা হৈছে । আপৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী মনীষ ছিছোডিয়া, তেলেংগানাৰ বিআৰএছ নেত্ৰী কে কবিতাও ইয়াৰ পূৰ্বে একেটা কেলেংকাৰী গোচৰতে গ্ৰেপ্তাৰ হৈছে ।

লগতে পঢ়ক : ১৫ এপ্ৰিললৈ তিহাৰ কাৰাগাৰৰ আলহী হ’ল কেজৰিৱাল - Kejriwal ED custody

Last Updated : Apr 4, 2024, 7:08 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.