ETV Bharat / bharat

শ্ৰেণীকোঠাত ৭৫ শতাংশ উপস্থিতি নাথাকিলে পৰীক্ষাত বহিব নোৱাৰিব CBSE ৰ ছাত্ৰ-ছাত্ৰী

CBSE Board Exams: CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ হ’লে এতিয়াৰ পৰা শ্ৰেণীকোঠাত নিয়মীয়া হ’ব লাগিব শিক্ষাৰ্থীৰ উপস্থিতি ৷

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 11:19 AM IST

CBSE Mandates 75 pc Attendance
CBSE Board Exams (ETV Bharat)

নিউজ ডেস্ক, 15 অক্টোবৰ: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ নীতি ৰূপায়ণ কৰিছে ৷ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড । CBSE ৰ এক নতুন নিৰ্দেশনা অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাত উপস্থিতি ন্যূনতম ৭৫% হ’ব লাগিব ।

শেহতীয়াকৈ বিদ্যালয়ৰ অধ্যক্ষসকলক উদ্দেশ্যি এক বিজ্ঞপ্তিযোগে CBSE এ গুৰুত্ব আৰোপ কৰিছে যে শৈক্ষিক দিশৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীৰ আন দিশসমূহৰ বিকাশত বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ দ্বাৰা এনে এক পৰিৱেশ প্ৰদান কৰা হয় যিয়ে পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ, চৰিত্ৰ গঠন, দলীয় কাম আৰু অন্তৰ্ভুক্তিক লাভান্বিত কৰে ।

এই শিক্ষণ পৰিৱেশৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সম্পূৰ্ণৰূপে উপকৃত হয়, তাৰ বাবে নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থকাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয় । ইয়াৰ উপৰিও কয় যে CBSE ৰ পৰীক্ষাৰ উপ-বিধি বিশেষকৈ ১৩ আৰু ১৪ নং নিয়মত ৭৫% উপস্থিতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিটো বিদ্যালয়সমূহে কঠোৰভাৱে পালন কৰিব লাগিব ।

উপস্থিতিৰ প্ৰয়োজনীয়তা ৭৫%, কিন্তু ব্যতিক্ৰমী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা ছাত্ৰ-ছাত্ৰীসকলে ২৫% শিথিলতা লাভ কৰিব পাৰে । এই পৰিস্থিতিসমূহৰ ভিতৰত গুৰুতৰ চিকিৎসাজনিত অৱস্থা, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ, বা অন্যান্য জৰুৰীকালীন অৱস্থা আদি অন্তৰ্ভুক্ত । কিন্তু ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অনুপস্থিতিৰ ন্যায্যতা প্ৰদান কৰিবলৈ চিকিৎসাৰ প্ৰমাণপত্ৰ বা সংশ্লিষ্ট ক্ৰীড়া কৰ্তৃপক্ষৰ পৰা অনুমোদন পত্ৰৰ দৰে সঠিক নথিপত্ৰ প্ৰদান কৰিব লাগিব ।

৭৫% উপস্থিতিৰ নিয়ম পুনৰবাৰ উল্লেখ কৰি CBSE এ কেৱল শৈক্ষিক কৃতিত্বই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্বশীল, সু-সংস্কাৰী ব্যক্তি হিচাপে সামগ্ৰিক বিকাশকো প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে । ব’ৰ্ডে জোৰ দি কয় যে নিয়মীয়াকৈ বিদ্যালয়ত উপস্থিত থকাটো এই উদ্দেশ্যৰ অবিচ্ছেদ্য অংগ ।

এক সামঞ্জস্যপূৰ্ণ শিক্ষণ পৰিৱেশ গঢ়ি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক আৰু পাঠ্যক্ৰমৰ বাহিৰৰ দুয়োটা কামতে জড়িত হ’বলৈ অধিক সুবিধা পায়, যিবোৰ তেওঁলোকৰ ব্যক্তিগত বিকাশ আৰু ভৱিষ্যতৰ সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: ইতিহাস হ'ল ছেবা আৰু শিক্ষা সংসদ : গঠন হ'ল অসম ৰাজ্যিক স্কুল শিক্ষা পৰিষদ - Assam School Education Board

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.