ETV Bharat / bharat

24 উত্তৰ পৰগণা আৰু সুন্দৰবন ভ্ৰমণৰে পৰিস্থিতি পৰ্যবেক্ষণ বি এছ এফৰ সঞ্চালকপ্ৰধানৰ - BANGLADESH VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:59 PM IST

DG BSF: পশ্চিমবংগৰ 24 উত্তৰ পৰগণা জিলা আৰু সুন্দৰবন অঞ্চল পৰিদৰ্শন সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধুৰীৰ ৷ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে এই গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহত বি এছ এফৰ কাৰ্যকৰী প্ৰস্তুতি আৰু কৌশলগত নিয়োজনৰ পৰ্যালোচনা কৰা ৷

BANGLADESH VIOLENCE
ভাৰত-বাংলা সীমান্তত বিএছএফ সতৰ্ক হৈ আছে (ETV Bharat)

নেশ্যনেল ডেস্ক, 5 আগষ্ট: বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ(বি এছ এফ) সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধুৰীয়ে পশ্চিমবংগৰ 24 উত্তৰ পৰগণা জিলা আৰু সুন্দৰবন অঞ্চল পৰিদৰ্শন কৰে ৷ এই গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চলসমূহত বি এছ এফৰ কাৰ্যকৰী প্ৰস্তুতি আৰু কৌশলগত নিয়োজনৰ পৰ্যালোচনা কৰে চৌধুৰীয়ে ।

সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত কয়, "বাংলাদেশৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বি এছ এফে ইণ্ডো-বাংলাদেশ সীমান্তত সতৰ্কবাণী জাৰি কৰিছে আৰু সীমান্তত নিয়োজিত সৈন্যৰ সংখ্যাও বৃদ্ধি কৰা হৈছে" ৷

লগতে পঢ়ক: বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

দলজিৎ সিং চৌধুৰীৰ সৈতে ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহানিৰ্দেশক ৰবি গান্ধী আৰু দক্ষিণ বংগৰ মহাপৰিদৰ্শক মণিন্দৰ প্ৰতাপ সিঙো উপস্থিত আছিল ।

"এই ভ্ৰমণৰ উদ্দেশ্য হৈছে এই গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহত বি এছ এফৰ কাৰ্যকৰী প্ৰস্তুতি আৰু কৌশলগত নিয়োজনৰ পৰ্যালোচনা কৰা," বিষয়াজনে এনেদৰে কয় ।

চৌধুৰীয়ে বিগত 3 আগষ্টত সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণ আছিল পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন ।

লগতে পঢ়ক: অসমত উপস্থিত বাংলাদেশৰ অধ্যয়নৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী - Bangladesh job quota crisis

দক্ষিণ বংগ সীমান্তৰ মুখ্য কাৰ্যালয়ত এ ডি জি ইষ্টাৰ্ণ কমাণ্ড সীমান্ত সুৰক্ষা বাহিনীৰ ৰবি গান্ধীৰ সৈতে হোৱা এক বিতং আলোচনাৰ পিচতে এই ভ্ৰমণ আৰম্ভ হয় । এই কাৰ্যসূচীৰ জৰিয়তে ইষ্টাৰ্ণ কমাণ্ডৰ বেটালিয়নসমূহৰ কৌশলগত পৰিস্থিতি আৰু কাৰ্যকলাপ সামৰি লোৱা হয়, য’ত সঞ্চালকপ্ৰধানক স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা বজাই ৰখাত বি এছ এফৰ ভূমিকাৰ বিষয়ে অৱগত কৰা হয় ।

এই আলোচনাৰ পিচত চৌধুৰীয়ে গান্ধী আৰু অন্যান্য বিষয়াসকলৰ সৈতে ধামাখালিলৈ যায়, য’ত 118 তম বেটালিয়নৰ কমাণ্ডেণ্টে ডিজি বি এছ এফক টি-জংচনত নিয়োজিত ফ্লোটিং বি অ' পিলৈ যাওঁতে বাংলাদেশৰ সৈতে বেটেলিয়নৰ জল সীমান্তৰ দায়িত্বৰ বিষয়ে অৱগত কৰে ৷ ঘন বৰ্ষাৰণ্য সুন্দৰবনত অৱস্থিত চৌকিত এই ভ্ৰমণৰ সামৰণি পৰে ৷

লগতে পঢ়ক: অগ্নিগৰ্ভা বাংলাদেশ: মমতাৰ বিপৰীত স্থিতিত টিএমচি নেতা - Bangladesh anti quota protests

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.