ETV Bharat / bharat

নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে; আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ - JHARSUGUDA BOAT MISHAP update - JHARSUGUDA BOAT MISHAP UPDATE

Jharsuguda boat mishap: ওড়িশাৰ ঝাৰছুগুড়াত সংঘটিত নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা 7 লৈ বৃদ্ধি । নিহত আটাইকেইজন ছত্তীশগড়ৰ বাসিন্দা । ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে । মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা ৷

Boat capsizes in Odishas Jharsuguda SEVERAL dead AND missing
নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 7 জনকৈ লোকে; আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 11:08 AM IST

Updated : Apr 20, 2024, 12:11 PM IST

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল: ওড়িশাত মৰ্মান্তিক ঘটনা ৷ ঝাৰছুগুড়াত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা । মৃতকৰ সংখ্যা 7 জনলৈ বৃদ্ধি । নিহত আটাইকেইজন ব্যক্তি ছত্তীশগড়ৰ বুলি জানিব পৰা গৈছে । বৰগড় জিলাৰ আম্বাভোনা ব্লকৰ অন্তৰ্গত পাথাৰসেনীলৈ ফেৰীৰে গৈ আছিল ছত্তীশগড়ৰ লোককেইজন ৷ যাত্ৰা অব্যাহত থকা অৱস্থাতে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।

যাত্ৰীবাহী নাওখনে মহিলা, শিশুসহ প্ৰায় 50 গৰাকী যাত্ৰীক কঢ়িয়াই লৈ গৈছিল ৷ জানিব পৰা মতে, যাত্ৰীবাহী নাওখন মহানদী নদীত বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাৰ ঘটনাটো । মাছমৰীয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় 40 জনৰো অধিক যাত্ৰীক ৷ বহুসংখ্যক যাত্ৰী বৰ্তমানেও নিৰুদ্দেশ অৱস্থাত আছে । বাতৰি যুগুত কৰা পৰ্যন্ত উদ্বাৰ হৈছে সাতজন লোকৰ মৃতদেহ ৷

শোকাৱহ ঘটনাটো সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে । মৃতকৰ শোকসন্তপ্ত পৰিয়াললৈ 4 লাখ টকাৰ এক্স-গ্ৰেচিয়া সাহায্যৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰিবলৈ মুখ্য সচিব আৰু এছ আৰ চিক নিৰ্দেশ প্ৰদান কৰিছিল । বিমানযোগে 5 জন স্কুবা চালক আৰু 2 টা কেমেৰা দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ।

ইফালে বৰগড়ৰ স্থানীয় সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুৰেশ পূজাৰীয়ে নাওখনত অতিমাত্ৰা ভিৰ হোৱাৰ লগতে সামৰ্থতকৈ বহু বেছি লোকক ফেৰীখনত কঢ়িওৱা বুলি অভিযোগ উত্থাপন কৰে । লগতে নাওখন বৈধ অনুজ্ঞাপত্ৰ অবিহনে চলাচল কৰাৰ অভিযোগ উত্থাপন কৰে পূজাৰীয়ে ।

এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি জিলা কৰ্তৃপক্ষই জনাইছে যদিও বৰ্তমান সময়ত নিৰুদ্দেশ হোৱা লোকক উদ্ধাৰ কৰাটোতেই অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শ্ৰীনগৰত ভয়ংকৰ নাও দুৰ্ঘটনা, বহু লোকৰ মৃত্যুৰ আশংকা - Srinagar boat accident

Last Updated : Apr 20, 2024, 12:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.