ETV Bharat / bharat

গ্ৰাহকৰ ২৬ কিলোগ্ৰাম সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ বেংক মেনেজাৰ - BANK OF MAHARASHTRA

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 1:38 PM IST

KERALA BANK GOLD SCAM : বৃহৎ পৰিমাণৰ সোণ চুৰিৰ অভিযোগত অভিযুক্ত বেংক অফ মহাৰাষ্ট্ৰৰ কেৰালা শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ । অভিযুক্ত মাধা জয়কুমাৰৰ বিৰুদ্ধে কেৰালাৰ কোজিকোড়ৰ বেংক অফ মহাৰাষ্ট্ৰ শাখাত বন্ধকত ৰখা ১৭ কোটি টকাতকৈ অধিক মূল্যৰ ২৬ কিলোগ্ৰাম সোণ আত্মসাৎ কৰাৰ অভিযোগ আছে ।

KERALA BANK GOLD SCAM
প্ৰাক্তন বেংক মেনেজাৰক গ্ৰেপ্তাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, 19 আগষ্ট : বেংক অৱ মহাৰাষ্ট্ৰৰ ভাদাকাৰা শাখাৰ পৰা বৃহৎ পৰিমাণৰ সোণ চুৰিৰ অভিযুক্তক তেলেংগানাৰ পৰা আটক কৰা হৈছে ৷ কেৰালা আৰক্ষীৰ বিষয়াসকলে এই গোচৰটোৰ সন্দৰ্ভত আন ৰাজ্যসমূহক জাননী দিয়াৰ পিছত অভিযুক্ত মাধা জয়কুমাৰক দেওবাৰে তেলেংগানাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷

সূত্ৰসমূহে ই টিভি ভাৰতক জনাইছে যে 34 বছৰীয়া জয়কুমাৰ বৰ্তমান তেলেংগানা আৰক্ষীৰ জিম্মাত আছে আৰু কেৰালা আৰক্ষীৰ এটা দলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ তেলেংগানালৈ গৈ আছে ৷

তেলেংগানাৰ আৰক্ষী বিষয়াসকলে ৰাজ্যখনত অভিযুক্ত প্ৰাক্তন শাখা প্ৰৱন্ধকৰ উপস্থিতিৰ বিষয়ে গোপন সূত্ৰে এক খবৰ লাভ কৰিছিল ৷ ইটিভি ভাৰতৰ প্ৰতিবেদন অনুসৰি, মাধা জয়কুমাৰৰ বিৰুদ্ধে কেৰালাৰ কোজিকোড়ৰ বেংক অৱ মহাৰাষ্ট্ৰ শাখাত বন্ধকত থোৱা 17 কোটি টকাৰ অধিক মূল্যৰ 26 কিলোগ্ৰাম সোণ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি অভিযুক্ত শাখা প্ৰৱন্ধকজনে চুৰি কৰা এই সোণখিনিৰ ঠাইত নকল সোণ ৰাখিছিল ৷ তামিলনাডুৰ মেট্টুপালয়ম পাথি ষ্ট্ৰীটৰ বাসিন্দা জয়কুমাৰে বেংক অৱ মহাৰাষ্ট্ৰৰ ভাদাকাৰা শাখাৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ শাখাত পুনৰ মূল্যাংকন প্ৰক্ৰিয়াৰ সময়ত তেওঁৰ বিৰুদ্ধে এই অপৰাধৰ অভিযোগ উত্থাপিত হৈছিল ৷

এই ঘটনাত গ্ৰাহকসকলে বন্ধকত থোৱা প্ৰকৃত সোণৰ সলনি নকল সোণ ৰখাৰ প্ৰৱঞ্চনামূলক কাৰ্যকলাপ জড়িত আছিল ৷ এই অনিয়ম নৱনিযুক্ত মেনেজাৰ ভি ইৰ্শাদে ধৰা পেলাইছিল ৷ এই কথা জানিব পৰাৰ পিছতে লগে লগে তেওঁ ভাদাকাৰা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ এই অভিযোগৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ৷

উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি ভাদাকাৰা শাখাৰ মেনেজাৰ হৈ থকা জয়কুমাৰক শেহতীয়াকৈ জুলাইত এৰ্নাকুলামৰ পালাৰিৱত্তম শাখালৈ বদলি কৰা হৈছিল, কিন্তু দায়িত্ব ল'বলৈ তেওঁ ব্যৰ্থ হৈছিল ৷ সন্ধানহীন সোণখিনি গ্ৰাহকসকলে 13 জুনৰ পৰা 6 জুলাই, 2024-ৰ ভিতৰত বন্ধকত থোৱা 42 টা একাউণ্টৰ সৈতে সংযুক্ত কৰা হৈছিল, যাৰ ফলত ভাদাকাৰা চক্ৰ পৰিদৰ্শক সুনীল কুমাৰৰ নেতৃত্বত এটা তদন্ত আৰম্ভ হৈছিল ৷ ভাৰতীয় দণ্ডবিধিৰ 409 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক : খাদ্যত বিষক্ৰিয়া: হঠাৎ অসুস্থ হৈ পৰিল অতিকমেও 150 গৰাকী আৰক্ষী জোৱান - Bihar Special Armed Police incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.