ETV Bharat / bharat

পুৰীৰ জগন্নাথ মন্দিৰত মূৰ দোৱালে ড৹ শৰ্মাই: Assam CM in Puri Srimandir - ASSAM CM IN PURI SRIMANDIR

ওড়িশাত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পুৰী ভ্ৰমণ কৰে ৷ লগতে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সমৰ্থন কৰাৰ কথাও ব্যক্ত কৰে ৷

Assam CM Himanta Biswa Sarma Visits Puri Srimandir
ওডিশাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 9:08 PM IST

পুৰী : বৃহস্পতিবাৰে ওড়িশাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ওড়িশাৰ পুৰীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত মূৰ দোৱাই ভগৱানৰ আশিস লয় ৷ তাৰ পাছতে তেওঁ পুৰী ভ্ৰমণ কৰে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, "আজি ওড়িশাত বিজেপি চৰকাৰ গঠনৰ ছয় মাহ হ’ল । বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, ভাৰতত শান্তি হওক আৰু সকলো মানুহ সুখী হওক তাৰ বাবে মই আজি ভগৱান জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিলো ।’’

বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক'লে ড৹ শৰ্মাই

‘‘চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণৰ ঘটনাটো অতিশয় চিন্তনীয় বিষয় । বাংলাদেশত ঘটা ঘটনাক যিমানেই নিন্দা নকৰো কিয় সিমানেই কম হ’ব । সংখ্যালঘুসকলক কেনেদৰে কেৱল ভাৰততে সুৰক্ষিত কৰা হয় সেয়া আপোনালোকে চাব পাৰে । বাকী দেশবোৰ যেনে পাকিস্তানে হওক বা বাংলাদেশে হওক, হিন্দু হওক বা নহওক, সেই দেশৰ সংখ্যালঘু নিৰাপদ নহয় । ই বৰ দুখৰ বিষয় । কিন্তু মোৰ বিশ্বাস যে প্ৰধানমন্ত্ৰীয়ে কূটনীতিৰ জৰিয়তে কিছু সমাধান বিচাৰি পাব । তেওঁ নিশ্চিতভাৱে আমাৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে কাম কৰিব ।"

বাংলাদেশৰ প্ৰসংগত

‘‘আমাৰ অসমৰ সীমান্তত আছে বাংলাদেশ । সেইবাবেই আমি অধিক চিন্তিত । মই কেৱল আমাৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো । আমি তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছো । এতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ বৈদেশিক সচিবক বাংলাদেশলৈ পঠিয়াইছে । ইয়াৰ জৰিয়তে কিছু সমাধান পোৱা যাব বুলি মোৰ দৃঢ় বিশ্বাস । গতিকে, ৰাহুল গান্ধী হওক বা কংগ্ৰেছ হওক, ভেঁটি কেতিয়াও হিন্দুৰ পক্ষত নহয় । এইসকল লোকৰ বাবে আমাৰ দেশত অস্থিৰতা আহি আছে । তেওঁলোক কেতিয়াও হিন্দুৰ বাবে নাছিল, অনাগত দিনতো হিন্দু সমাজৰ সুৰক্ষাৰ বাবে একো নকৰে ।’’

এক ৰাষ্ট্ৰ, এক নিৰ্বাচন প্ৰসংগত

‘‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন এটা ভাল পদক্ষেপ । এতিয়া ওড়িশাৰ জনসাধাৰণে একেলগে বিধানসভা আৰু সংসদ দুয়োটাৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । ওড়িশাৰ জনসাধাৰণে বাৰে বাৰে নিৰ্বাচনলৈ যাব নালাগে । কিন্তু আমাৰ অসমত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱা নাই । ইয়াৰ বাবে নিৰ্বাচনী আচৰণ বিধিৰ বাবে উন্নয়ন সম্পৰ্কীয় বহু কাম কৰিব পৰা নাযায় । সেইবাবেই প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশত এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ৷ আমি ইয়াক সম্পূৰ্ণ সমৰ্থন জনাইছো ।’’

NRCৰ প্ৰসংগত

‘‘BJD ৰ ইতিহাস শেষ হ’ল । ওড়িশাত বিজেপি চৰকাৰে ভাল কাম কৰি আছে । আগন্তুক ৫০ বছৰলৈ ওড়িশাত বিজেপিক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই । দেশত NRC ৰূপায়ণ হ’ব লাগে । আমি অসমত এই নিয়ম বনাইছো । যাক আধাৰ কাৰ্ড লাগে প্ৰথমে NRC ত পঞ্জীয়ন কৰক । যদি NRC ত নাম নাথাকে তেন্তে আমি আধাৰ কাৰ্ড নিদিওঁ । সেয়ে মই বিচাৰো যে সমগ্ৰ দেশতে NRC ৰূপায়ণ হওক । মানুহক চিনাক্ত কৰিব লাগে । যাৰ জৰিয়তে আমি গম পাম যে কোন ভাৰতীয় আৰু কোন অনুপ্ৰৱেশকাৰী ।’’

লগতে পঢ়ক : এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক সম্পূৰ্ণ সমৰ্থন কৰো : হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক :এক ৰাষ্ট্ৰ, এক নিৰ্বাচন বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

লগতে পঢ়ক : অসমত কঠোৰ হ’ব আধাৰ আবেদন অনুমোদন প্ৰক্ৰিয়া: কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.