নেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী : গেৰুৱা বসন পিন্ধিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে ৷ আজি (মঙলবাৰ) উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে আৰু দলৰ নেতা আশীষ শ্বেলাৰ অশোক চৱনে উপস্থিতিত বিজেপিত যোগদান কৰে ৷
ৰাজ্যসভাত অশোক চৱনে সুযোগ পাব :
সোমবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা অশোক চৱনে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ আৰু বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷ তাৰ পাচতে তেওঁ ভাষণ প্ৰসংগত কয় যে বৰ্তমান তেওঁ কোনো দলত যোগদান কৰাৰ সিদ্ধান্ত লোৱা নাই ৷ আগন্তুক দুদিনৰ ভিতৰত সঠিককৈ তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰিব ।
ৰাজ্যসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে আজি অশোক চৱনে বিজেপি দলত যোগদান কৰে । বিজেপিয়ে ৰাজ্যসভালৈ পঠিয়াব পৰা তিনিখন আসনৰ ভিতৰত এখন আসন অশোক চৱনে পাব বুলি চৰ্চা চলি আছে ৷
বিজেপিত যোগদান অশোক চৱনৰ :
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আছিল । অশোক চৱনেও বিজেপিৰ জ্যেষ্ঠ কেন্দ্ৰীয় নেতাৰ উপস্থিতিতহে দলত যোগদান কৰিব বিচাৰিছিল । এই চৰ্চাৰ অৱসান ঘটনাই অশোক চৱনে বিজেপিত য়োগদান কৰে ৷ বিজেপিয়েও ৰাজ্যসভাত তেওঁক সুযোগ দিয়াৰ সম্ভাৱনা আছে । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দলত যোগদান কৰাৰ পিচত উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এখন সংবাদমেলৰো আয়োজন কৰিব বুলি জানিব পৰা গৈছে ৷
ৰাজ্যসভা আৰু কেন্দ্ৰত মন্ত্ৰীত্ব :
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, লোকসভা নিৰ্বাচনত বিজেপিয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব । লগতে আগন্তুক মোদী চৰকাৰৰ তৃতীয় কার্যকালত অশোক চৱনক কেন্দ্ৰীয় কেবিনেটত মন্ত্ৰী পদ প্ৰদান কৰা হ’ব বুলিও তথ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ পদত্যাগ, বিজেপিত যোগদানৰ সম্ভাৱনা