ETV Bharat / bharat

নক্সালবিৰোধী অভিযানৰ বাবে ৪০০০ চি আৰ পি এফ জোৱান নক্সালগড়ত উপস্থিত - Chhattisgarh anti Maoists operation

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 10:43 PM IST

Anti Naxal operation : ৰাজ্যখনৰ সমগ্ৰ বস্তাৰ অঞ্চলত নক্সালবিৰোধী অভিযান চলি আছে । তাৰ মাজতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৪০০০ জোৱান নক্সালবাদীক নিৰ্মূল কৰিবলৈ ছত্তীশগড়ত উপস্থিত হৈছে । উল্লেখ্য যে 2026 চনৰ ভিতৰত অঞ্চলটোৰ পৰা নক্সালবাদীক নিৰ্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Anti Naxal operation
নক্সালবিৰোধী অভিযানৰ বাবে ৪০০০ চি আৰ পি এফ জোৱান নক্সালগড়ত উপস্থিত (ETV Bharat)

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে নক্সালবাদৰ সমাপ্তি আৰু বস্তাৰলৈ উন্নয়নৰ জোৱাৰ আনিবলৈ কঁকালত টঙালি বান্ধি লাগিছে । যাৰ অংশ হিচাপে চি আৰ পি এফৰ চাৰিটা বেটেলিয়নে এতিয়া বস্তাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলসমূহত সমুখ সমৰত লিপ্ত হ'বলৈ সাজু হৈছে । এই চাৰিটা বেটেলিয়নত মুঠ ৪০০০ জোৱান আছে । উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শেহতীয়াভাৱে কৈছিল, "২০২৬ চনৰ ভিতৰত আমি বস্তাৰৰ পৰা নক্সালবাদ উখাত কৰিম ।"

নক্সালবিৰোধী অভিযানৰ বাবে ৪০০০ চি আৰ পি এফ জোৱান নক্সালগড়ত উপস্থিত (ANI)

নক্সালগড়ত উপস্থিত চি আৰ পি এফৰ ৪ হাজাৰ জোৱান

যোৱা মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত নক্সালবাদীৰ নিৰ্মূল সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছিল । অমিত শ্বাহে দৃঢ়তাৰে ঘোষণা কৰিছিল যে তেওঁ দেশখনক বাঁওপন্থী উগ্ৰবাদৰ পৰা মুক্ত কৰিবলৈ এক 'শক্তিশালী আৰু নিৰ্মম' কাৰ্যপৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ গৈ আছে ।

"আমি ডাঙৰ লক্ষ্য লৈ আগবাঢ়িছোঁ । আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে দিয়া ৰণনীতিৰ ওপৰত কাম কৰি আছোঁ । অঞ্চলটোৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে সম্ভৱপৰ সকলো কৰা হ'ব । আমি নক্সালৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিবলৈ গৈ আছোঁ । আমি নিৰ্ধাৰিত সময়ত নক্সালবাদ নিৰ্মূলৰ দিশত আগবাঢ়িছোঁ ।" ছত্তীশগড়ৰ গৃহ মন্ত্ৰী বিজয় শৰ্মাই কয় ।

সমুখ সমৰত অৱতীৰ্ণ হ'ব নক্সালবাদী-সেনা

আনহাতে, চৰকাৰী সূত্ৰই জনোৱা মতে, দেশৰ প্ৰধান আভ্যন্তৰীণ নিৰাপত্তা আৰু নক্সালবিৰোধী অভিযান চলাবৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীক ৰায়পুৰৰ পৰা প্ৰায় ৪৫০-৫০০ কিলোমিটাৰ দক্ষিণে বস্তাৰ অঞ্চলত নিয়োজিত কৰিবৰ বাবে ঝাৰখণ্ডৰ পৰা তিনিটা বেটেলিয়ন আৰু বিহাৰৰ পৰা এটা বেটেলিয়নক মাতি অনা হৈছে । সূত্ৰত লগতে কোৱা হৈছে যে এই বেটেলিয়নবোৰ ছত্তীশগড়ত য'ত এতিয়া নক্সালবিৰোধী অভিযান কেন্দ্ৰীভূত হৈ আছে, তাত ভালদৰে ব্যৱহাৰ কৰিব পাৰি ।

নক্সালগড়ৰ দায়িত্ব চম্ভালিব চাৰিটা বেটেলিয়নে

সূত্ৰত প্ৰকাশ পোৱা মতে, ছত্তীশগড়ৰ বাঁওপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত থকা বৰ্তমানৰ বাহিনীক শক্তিশালী কৰিবলৈ চি আৰ পি এফৰ ১৫৯, ২১৮, ২১৪ আৰু ২২ বেটেলিয়ন মোতায়েন কৰা হৈছে । প্ৰতিটো চি আৰ পি এফ বেটেলিয়নত প্ৰায় 1,000 জোৱান থাকিব ।

অতি উচ্চ সতৰ্ক এলেকাত হ'ব মোতায়েন

সূত্ৰ অনুসৰি, দান্তেৱাড়া আৰু সুকমাৰ দূৰৱৰ্তী জিলাত আৰু ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ সৈতে ৰাজ্যখনৰ তিনিটা সীমান্তত জোনাৱসকলক মোতায়েন কৰিবলৈ গৈ আছে । সূত্ৰত লগতে কৈছে যে বেটেলিয়নবোৰে চি আৰ পি এফৰ কোব্ৰা গ্ৰুপৰ সহযোগত জিলাসমূহৰ দূৰৱৰ্তী অঞ্চলত অধিক ফৰৱাৰ্ড অপাৰেশ্যনেল বেচ স্থাপন কৰিব, যাতে অঞ্চলটো সুৰক্ষিত কৰাৰ পিচত উন্নয়নৰ কাম আৰম্ভ কৰিব পৰা যায় ।

অমিত শ্বাহে কি কৈছিল

উল্লেখ্য যে যোৱা ২৪ আগষ্টত ৰায়পুৰত এক সংবাদমেল সম্বোধন কৰি অমিত শ্বাহে কৈছিল, "২০০৪-১৪ বৰ্ষৰ তুলনাত ২০১৪-২৪ বৰ্ষত দেশত মাওবাদী হিংসাৰ সংখ্যা ৫৩ শতাংশ হ্ৰাস পাইছে । ২০০৪-২৪ বৰ্ষত নক্সালবাদীৰ হিংসাত্মক ঘটনা ১৬,২৭৪ টা সংঘটিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অধীনত পৰৱৰ্তী দশকত ই ৫৩ শতাংশলৈ হ্ৰাস হৈ ৭,৬৯৬ হয় । একেদৰে, এই সময়ছোৱাত দেশত মাওবাদীৰ হিংসাৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও ২০০৪-১৪ বৰ্ষত ৬,৫৬৮ টাৰ পৰা ২০১৪-২৪ বৰ্ষত ১,৯৯০ টালৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক :সেনাৰ অনুপ্ৰৱেশ বিৰোধী অভিযান; দুই সন্ত্ৰাসবাদী নিহত - Army anti filtration operation
লগতে পঢ়ক :মণিপুৰত ছাত্ৰ সংগঠনৰ উত্তাল প্ৰতিবাদ : ৫০ বিধায়কৰ পদত্যাগৰ দাবী - Students protests in Manipur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.