ETV Bharat / bharat

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ সপ্তম দিন : বিৰোধীৰ বিৰুদ্ধে বাধা দিয়াৰ প্ৰস্তাৱ গৃহীত - 18th Lok Sabha 1st Session

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 12:18 PM IST

Updated : Jul 2, 2024, 7:50 PM IST

18TH LOK SABHA 1ST SESSION
অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন (ETV Bharat)

নিউজ ডেস্ক, 2 জুলাই : অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ সপ্তম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদমূলক উত্তৰ প্ৰদান কৰিব ৷ সংসদত ভাষণৰ পূৰ্বে মোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ(এন ডি এ) সংসদীয় দলৰ বৈঠকত ভাষণ প্ৰদান কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ তৃতীয়টো কাৰ্যকালত সাংসদসকলক উদ্দেশ্যি দিয়া এয়া প্ৰথমটো ভাষণ হিচাপে বিবেচিত হ'ব ৷

LIVE FEED

7:47 PM, 2 Jul 2024 (IST)

প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত বিৰোধীয়ে দিয়া বাধাৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত

মঙলবাৰে লোকসভাত ধন্যবাদ প্ৰস্তাৱৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰৰ সময়ত বিৰোধীয়ে অহৰহ শ্ল’গানেৰে সদনৰ কাম-কাজত ব্যাঘাত জন্মায় । ইয়াৰ ফলস্বৰূপে নিম্ন সদনে বিৰোধী সদস্যসকলৰ দ্বাৰা হোৱা ব্যাঘাতক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰে । প্ৰধানমন্ত্ৰীৰ ভাষণ সমাপ্ত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে প্ৰস্তাৱটো আবেদন কৰিছিল ।

7:38 PM, 2 Jul 2024 (IST)

হাথৰছৰ দুৰ্ঘটনাত নিহতসকলৰ বাবে শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাথৰছত পদপিষ্ট হৈ তিনিটাকৈ শিশুসহ 50 জনৰো অধিক লোকৰ মৃত্যুবৰণ কৰাৰ ঘটনা সন্দৰ্ভত সদনত শোকপ্ৰকাশ কৰে । এক ধৰ্মীয় অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ঘটনা । সমান্তৰালকৈ চৰকাৰে শোকসন্তপ্ত পৰিয়ালসমূহক সকলো প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ কথাও লোকসভাত প্ৰকাশ কৰে ৷ তদুপৰি সাহায্যৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

7:33 PM, 2 Jul 2024 (IST)

ৰাহুল গান্ধীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সদনত দিয়া ভাষণক লৈ যি বিতৰ্ক সৃষ্টি হৈছে, সেই সন্দৰ্ভত মতপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ হিন্দুসকলৰ সন্দৰ্ভত কৰা মন্তব্যৰ আঁত ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এনেধৰণৰ মন্তব্যৰ বাবেই আগন্তুক প্ৰজন্মই বিৰোধী দলৰ নেতাক ক্ষমা নকৰিব । স্বামী বিবেকানন্দই কেনেদৰে আমাৰ সংস্কৃতিৰ পক্ষত থিয় দিছিল, সেয়া স্মৰণ কৰি মোদীয়ে কয় যে, দেৱতাসকল উপাসনাৰ বাবে কিন্তু ৰাজনৈতিক লাভৰ বাবে নহয় । কংগ্ৰেছৰ এজন সাংসদে 'সনাতন'ক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰি অপমান কৰাৰ লগতে অবাঞ্ছিত মন্তব্য কৰিছিল ৷ কংগ্ৰেছৰ সংস্কৃতি হৈছে হিন্দুসকলক সকলো ধৰণে অপমান কৰা ।

7:20 PM, 2 Jul 2024 (IST)

ৰাহুল গান্ধীৰ শিশুসুলভ আচৰণৰ বাবে সমালোচনা

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে "শিশুসুলভ আচৰণ" প্ৰদৰ্শন কৰা বুলি কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ ৷ সহানুভূতি বুটলিবলৈ এখন নতুন নাটক আৰম্ভ কৰা ৰাহুল গান্ধীয়ে মনত ৰাখিব লাগে যে তেওঁ জামিনত আছে- এই ভাষ্য প্ৰধানমন্ত্ৰীৰ ৷ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ বাধ্য কৰোৱা কথাটো মনত ৰখা উচিত বুলি মোদীয়ে আজি ভাষণ প্ৰসংগত উল্লেখ কৰে । তৃতীয়টো কাৰ্যকালৰ বাবে শাসনৰ গুৰি ধৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে সদনত মঙলবাৰে ভাষণ ৰাখিয়ে বিৰোধীক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায় ৷

7:11 PM, 2 Jul 2024 (IST)

দেশৰ 13 খন ৰাজ্যতে কংগ্ৰেছৰ স্থিতি শূন্য

সম্প্ৰতি দেশৰ 13 খন ৰাজ্যতে কংগ্ৰেছৰ স্থিতি শূন্য ৷ 2024 চনৰ পৰা দলটোৱে পৰজীৱী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে বুলি বিৰোধী দলটোক ভাষণৰ জৰিয়তে কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ইতিমধ্যে কংগ্ৰেছৰ বহু পৰিমাণে ভোটৰ হাৰ হ্ৰাস পাইছে ৷ মোদীয়ে কয় যে, গুজৰাট, ছত্তীশগড় আৰু মধ্য প্ৰদেশকে ধৰি বহু ঠাইত কংগ্ৰেছৰ প্ৰদৰ্শন হতাশাজনক । আনকি 2024 চনৰ নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰা 99 খন আসনো মিত্ৰশক্তিৰ সমৰ্থনৰ বাবেহে সম্ভৱ হৈছিল ।

7:07 PM, 2 Jul 2024 (IST)

কংগ্ৰেছে জনসাধাৰণৰ ৰায় হজম কৰিব নোৱাৰিলে: প্ৰধানমন্ত্ৰী

বিৰোধী সদস্যসকলে লোকসভাত শ্ল'গান দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰত কয় যে, ৰাইজে এক সুন্দৰ ৰায় দিছে, যিটো বিৰোধীয়ে হজম কৰিব পৰা নাই । ৰায় গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিৰোধী সদস্যসকলে কেৱল সংসদৰ কাৰ্যক্ৰম ব্যাহত কৰিবলৈ শ্ল'গান দিবলৈহে আগ্ৰহী বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে ৷

মোদীয়ে কংগ্ৰেছক উপহাস কৰি কয় যে, বিগত লোকসভা নিৰ্বাচনত মহান পুৰণি দলটোৱে 99 ৰ সীমাকে অতিক্ৰম কৰিব নোৱাৰিলে ৷ কংগ্ৰেছে যোৱা 15 বছৰত 100 খন আসনকে জিকিব নোৱাৰিলে, কিন্তু প্ৰতিগৰাকী সদস্যই শ্ল’গানৰ মাধ্য়মৰে সদনৰ কাম-কাজ ঠিকেই বিঘ্নিত কৰাৰ চেষ্টা কৰিব পাৰে ৷

6:16 PM, 2 Jul 2024 (IST)

ওড়িশাত বিজেপিৰ জয়, অন্ধ্ৰপ্ৰদেশত ক্লীন ছুইপ বিজেপিৰ: মোদী

পুৰীৰ ভগৱান জগন্নাথৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টীয়ে ওড়িশাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ ৷ অন্ধ্ৰপ্ৰদেশত বিজেপি নেতৃত্বাধীন এন ডি এ-য়ে ক্লীন ছুইপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ আনকি, কেৰালাতো বিজেপিয়ে এইবেলি লোকসভা নিৰ্বাচনত নিজৰ খাটা খুলিবলৈ সক্ষম হোৱা বুলি মোদীয়ে মঙলবাৰে লোকসভাত নিজৰ ভাষণত উল্লেখ কৰে ৷

5:18 PM, 2 Jul 2024 (IST)

তৃতীয়টো কাৰ্যকালৰ বাবে পুনৰ "বিকশিত ভাৰত আৰম্ভ" : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰত কয় যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত পুনৰ বিকশিত ভাৰতৰ যুগ আৰম্ভ হৈছে । এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত মহিলা, যুৱ আৰু সকলো শ্ৰেণীৰ লোককে উন্নয়নৰ লাভালাভ প্ৰদান কৰাৰ বাবে শাসনক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱা হ'ব । মেক ইন ইণ্ডিয়া আৰু অধিক বিকশিত কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত উল্লেখ কৰে ৷ এন ডি এ চৰকাৰে দেশক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ম’বাইল নিৰ্মাতা দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ঠ বৰঙণি যোগাই আহিছে ৷

5:06 PM, 2 Jul 2024 (IST)

দেশত পূৰ্বৰ চৰকাৰৰ সময়ত বেংকসমূহ লুট কৰা হৈছিল: লোকসভাত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰত কয় যে, দেশৰ বেংকিং খণ্ডৰ যথেষ্ঠ অৱনতি ঘটিছিল কিয়নো পূৰ্বৰ চৰকাৰসমূহে ইয়াৰ পৰা যথেষ্ঠ লুণ্ঠন কৰিছিল ৷ অনুচ্ছেদ ৩৭০ বাতিল কৰাটো ইমান শক্তিশালী সিদ্ধান্ত আছিল যে, ইয়াৰ পিছত জম্মু-কাশ্মীৰত সংঘটিত হোৱা নাছিল কোনো শিলাবৰ্ষণৰ ঘটনা ৷ এই কথা প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে ৷ তদুপৰি মোদী চৰকাৰে উগ্ৰবাদ আৰু উগ্ৰবাদৰ সম্পৰ্কীয় সকলো সমস্যাৰ সৈতে দৃঢ়ভাৱে মোকাবিলা কৰা বুলিও ভাষণত সদৰী কৰে ৷ মোদীয়ে কয় যে, তেওঁলোকে অনুসৰণ কৰা নীতিসমূহে দেশৰ সকলো প্ৰান্ততে উন্নয়নৰ সূচনাৰ বাবে এক চালিকা শক্তি হিচাপে কাম কৰি আছে ৷

4:36 PM, 2 Jul 2024 (IST)

মণিপুৰ-নীটৰ প্ৰসংগৰে বিৰোধীৰ উত্তাল প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধীয়ে উত্তাল কৰি তোলে লোকসভা ৷ বিৰোধী সাংসদসকলে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ মাজতে মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি "আমাক ন্যায় দিয়ক", "মণিপুৰ মণিপুৰ", "আমি আৰু সহ্য নকৰো" আদি শ্ল’গানেৰে উত্তাল কৰি তোলে সদন ৷ কিন্তু বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ ভাষণত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰসংগই স্থান লাভ কৰা পৰিলক্ষিত হোৱা নাই ৷

বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ অব্যাহত ৰাখে ৷ বিৰোধীসকলে মণিপুৰৰ সমানে সমানে নীট পৰীক্ষাৰ কেলেংকাৰীক লৈও শ্ল’গান দিয়ে ৷ কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে দেশত দুৰ্নীতিৰ অন্ত পৰা বুলি দাবী কৰি আহিছিল ৷ বিৰোধীৰ শ্ল’গানৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণ অব্যাহত ৰাখে ৷

4:19 PM, 2 Jul 2024 (IST)

প্ৰধানমন্ত্ৰী মোদীৰ ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ আৰম্ভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱৰ উত্তৰত বিকশিত ভাৰতৰ উদ্দেশ্য উপলব্ধি কৰাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা পালন কৰি সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতা নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি ভাষণত উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে তোষণৰ ৰাজনীতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, তেওঁলোকৰ চৰকাৰ দেশৰ সকলো শ্ৰেণীৰ কল্যাণ আৰু সমৃদ্ধিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।

3:54 PM, 2 Jul 2024 (IST)

ৰাহুল গান্ধীক সমৰ্থন কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীৰ

"এগৰাকী প্ৰকৃত হিন্দুৱে কেতিয়াও হিংসাৰ আশ্ৰয় ল’ব নোৱাৰে" সংসদৰ বাহিৰত এই মন্তব্য কৰি কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীয়ে ৰাহুল গান্ধীক সমৰ্থন জনোৱাৰ প্ৰয়াস কৰে ৷ সোমবাৰৰে পৰা সদনৰ মজিয়াত বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভাষণ বিতৰ্ক তুংগত উঠাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদগৰাকীয়ে এই মন্তব্য কৰে ৷

ৰাহুলৰ ভাষণৰ পিছতে সংসদৰ পৰিৱেশ উত্তাল কৰি শাসকীয় আৰু বিৰোধী দলৰ মাজত আৰম্ভ হৈছিল গালি-গালাজ ৷ যাৰ বাবে সাংসদ চৌধুৰীয়ে সংসদৰ বাহিৰত এইদৰে কৈ ৰাহুল গান্ধীক সমৰ্থন আগবঢ়ায় ৷ সাংসদগৰাকীয়ে ৰাহুল গান্ধীক শুদ্ধ থকা বুলি কৈ এগৰাকী প্ৰকৃত হিন্দুৱে কেতিয়াও হিংসাৰ আশ্ৰয় ল’ব নোৱাৰে বুলি মন্তব্য কৰে । উল্লেখ্য যে, ৰেণুকা চৌধুৰীয়ে উচ্চ সদনত মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য প্ৰত্যাহাৰৰ ওপৰতো আপত্তি দৰ্শাইছিল ।

3:49 PM, 2 Jul 2024 (IST)

সামাজিক ন্যায়ৰ সন্দৰ্ভত চৰকাৰৰ ওপৰত চকু ৰাখিছে সাংসদ আশাদুদ্দিন ওৱেইচিয়ে

মঙলবাৰে লোকসভাত চলি থকা কাৰ্যক্ৰমৰ সময়ত এ আই এম আই এমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আশাদুদ্দিন ওৱেইচিয়ে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । সাংসদগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলৰ ওপৰত অব্যাহত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে ।

সামাজিক ন্যায়ৰ অভাৱৰ লগতে মধ্যপ্ৰদেশত 10 টাতকৈও অধিক ঘৰ ধ্বংস হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰি সাংসদগৰাকীয়ে সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় । তেওঁ কয় যে, যদিও মুছলমানৰ জনসংখ্যা 14 শতাংশ, তেওঁলোকৰ মাত্ৰ 4 শতাংশইহে নিৰ্বাচনত জয়ী হৈছে ।

3:39 PM, 2 Jul 2024 (IST)

আবেলি 4 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদসূচক উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশনতে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আবেলি 4 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদসূচক সঁহাৰি জনাব । এইবেলি চলিত লোকসভাৰ অধিৱেশনত বিৰোধী ইণ্ডিয়া ব্লকৰ সদস্যসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ চলোৱা দেখা গৈছে, যিগৰাকী নেতাই একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ শাসনৰ গুৰি ধৰিছে ৷ অৱশ্যে বিজেপি নেতৃত্বাধীন এন ডি এয়ে এইবেলি লোকসভা নিৰ্বাচনত আশা কৰা ধৰণে 400 খন আসন লাভ কৰিবলৈ সক্ষম নহ’ল ৷

3:28 PM, 2 Jul 2024 (IST)

ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী বিজেপি সাংসদ দিলীপ শইকীয়াৰ

দিল্লীৰ মছনদত অসমক প্ৰতিনিধিত্ব কৰা বিজেপি সাংসদ দিলীপ শইকীয়াই ভাষণ বিতৰ্কৰ বাবে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে ৷ "কংগ্ৰেছৰ সংবিধানৰ বিষয়ে কথা কোৱাৰ কোনো অধিকাৰ নাই ৷ কিয়নো 1975 চনৰ 25 জুনত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে । সেই অন্ধকাৰ দিনবোৰৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত ৷ যি সময়ত গণতন্ত্ৰৰ মুখ বন্ধ কৰা হৈছিল বুলি বিজেপি সাংসদ শইকীয়াই কয় ।

2:48 PM, 2 Jul 2024 (IST)

আঁতৰাই দিয়া ভাষণৰ অংশ পুনৰ সংযোজন কৰিবলৈ ওম বিৰলাক অনুৰোধ ৰাহুল গান্ধীৰ

সদনত অব্যাহত আছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে দিয়া ভাষণ সম্পৰ্কে সৃষ্টি হোৱা বিতৰ্ক ৷ গান্ধীয়ে দিয়া ভাষণৰ কিছু অংশ আঁতৰোৱাৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াক পুনৰ সংযোজন কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনাইছে ৷

বিৰলালৈ এক পত্ৰযোগে এই অনুৰোধ জনাই ৰাহুল গান্ধীয়ে আঁতৰ কৰা ভাষণৰ অংশটো 380 অধিনিয়মৰ আওতাত নপৰে বুলি উল্লেখ কৰে ৷ তদুপৰি তেওঁ দিয়া এই ভাষণ তথ্যৰ ওপৰত প্ৰকাশ কৰা বুলিও পত্ৰখনত উল্লেখ কৰিছে ৷

2:28 PM, 2 Jul 2024 (IST)

প্ৰধানমন্ত্ৰী মোদীয়ে পৰাজয় স্বীকাৰ কৰিব লাগিব: কে চি বেণুগোপাল

কংগ্ৰেছ সাংসদ কে চি বেণুগোপালে লোকসভাত মঙলবাৰে দিয়া ভাষণ প্ৰসংগত কৈছিল যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনৰ মুখ্য অংশীদাৰ বিজেপিয়ে এইবেলি লোকসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছে । বিজেপিয়ে প্ৰথমে ইডিক ইয়াৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি দুৰ্নীতিগ্ৰস্ত নেতাসকলক কৰায়ত্ত কৰাৰ নাটক ৰচনা কৰিছে ৷

কিন্তু এই সকলোবোৰৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে অস্বীকাৰ কৰিব নোৱাৰে যে, এইবেলি নিৰ্বাচনত তেওঁৰ দলটো শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৷

2:15 PM, 2 Jul 2024 (IST)

পশ্চিমবংগত নিৰ্বাচনী হিংসাৰ মূলতে তৃণমূল কংগ্ৰেছ : বিজেপি সাংসদ সৌমিত্ৰ খান

বিজেপি সাংসদ সৌমিত্ৰ খানে পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সকলো দোষ জাপি দিছে টিএমচিৰ ওপৰত ৷ পশ্চিমবংগৰ বিজেপি সাংসদগৰাকীয়ে সংসদত দিয়া ভাষণৰ প্ৰসংগত কয় যে, ৰাজ্যখনৰ সকলো নিৰ্বাচনীকেন্দ্ৰিক হিংসাত্মক ঘটনাৰ মূলতে আছে তৃণমূল কংগ্ৰেছ ৷

পশ্চিমবংগত আইন-শৃংখলাজনিত পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে ৷ সমান্তৰালকৈ মমতা বেনাৰ্জীৰ নেতৃত্বত একপ্ৰকাৰ জংঘলৰাজ ৰাজ্যখনত চলি থকা বুলি বিজেপি সাংসদগৰাকীয়ে উত্থাপিত কৰে অভিযোগ ৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত টিএমচিৰ ভেৰোণীয়া গুণ্ডাৰ দ্বাৰা কমেও 200 গৰাকী বিজেপি কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল ৷ ইয়াৰ মাজতে বিজেপিৰ এগৰাকী মহিলা কৰ্মীক তৃণমূল কংগ্ৰেছৰ এজন পুৰুষ কৰ্মীয়ে ৰাজহুৱা স্থানত প্ৰহাৰ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল ৷ এনেধৰণৰ প্ৰৱণতা সমাজৰ বাবে বিপদজনক বুলি বিজেপি সাংসদগৰাকীয়ে সদনত কয় ৷

1:29 PM, 2 Jul 2024 (IST)

"400 পাৰ" ৰ বিফলতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কল্যাণ বেনাৰ্জীৰ

বিজেপিয়ে এইবেলি লোকসভা নিৰ্বাচনত 400 খনতকৈও অধিক আসন লাভ কৰিব বুলি যি দাবী কৰি আহিছিল, তাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টি এম চি সাংসদ কল্যাণ বেনাৰ্জীয়ে কটাক্ষ কৰে ৷ বেনাৰ্জীয়ে এন ডি এ চৰকাৰ এখন অস্থিৰ চৰকাৰলৈ অৱনমিত হোৱা বুলি মঙলবাৰে সংসদত কঠোৰ সমালোচনা কৰা দেখা যায় ৷

লগতে সাংসদগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ আছে দুগৰাকীকৈ ক্ৰাছ, তেওঁলোক দুগৰাকী হৈছে ক্ৰমে টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু আৰু জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ ৷ যিকোনো সময়তে শাসনাধিষ্ঠ চৰকাৰ ভংগ হ’ব পাৰে বুলিও সাংসদগৰাকীয়ে কটাক্ষ কৰে ৷ ৰাজনৈতিক ব্যৱস্থা নিকা কৰাৰ কথা কোৱা মোদীয়ে কেলেংকাৰী-কলংকিত ৰাজনীতিবিদসকলৰ সৈতে চৰকাৰ গঠন কৰিবলৈ বাধ্য হোৱাটো এক শোকাৱহ ঘটনা বুলি বেনাৰ্জীয়ে পুনৰ সদনত উল্লেখে কৰে ৷

1:18 PM, 2 Jul 2024 (IST)

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদ কল্যাণ বেনাৰ্জীৰ

তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে মঙলবাৰে সংসদত দিয়া ভাষণৰ প্ৰসংগত কয় যে, লোকসভাৰ নিৰ্বাচনৰ সময়ত নিযুক্ত চি আই এছ এফ জোৱানসকলে বিজেপিৰ সপক্ষে ভোট দিবলৈ ভোটাৰসকলক উৎসাহ জনাইছিল ৷

তেওঁ লগতে কয় যে, পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত পশ্চিমবংগত তেওঁৰ সমষ্টিত দুজনকৈ চি আই এছ এফ জোৱানৰ বিৰুদ্ধে উত্থাপিত হৈছিল ধৰ্ষণৰ অভিযোগ ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে এয়া নিতান্তই লজ্জাজনক কথা বুলি মন্তব্য কৰি বেনাৰ্জীয়ে কয় যে, যিসকলক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছিল, তেওঁলোকেই ধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ডত জড়িত হৈছিল ৷

সমান্তৰালকৈ নিৰ্বাচন আয়োগেও বিজেপিৰ সপক্ষে ভোট দিবলৈ ভোটাৰসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা বুলি তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰে ৷

12:56 PM, 2 Jul 2024 (IST)

ই ভি এম, অগ্নিবীৰ আঁচনি বাতিলৰ পৰামৰ্শ অখিলেশ যাদৱৰ

মঙলবাৰে সংসদত সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে নিকা ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ ই ভি এম ব্যৱস্থাত বিশ্বাস ৰাখিব নোৱাৰাৰ কথা সদৰী কৰে ৷ ত্ৰুটিপূৰ্ণ এই ব্যৱস্থাৰ বিৰুদ্ধে পূৰ্বৰ দৰে অনাগত সময়তো সাংসদগৰাকীয়ে মাত মাতি যাব বুলি লোকসভাত কয় ৷

আনকি সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশত 80 খন আসন জিকিলেও ই ভি এমৰ বিৰোধিতা কৰিব বুলি যাদৱে উল্লেখ কৰে । তেওঁ এইটোও কয় যে, ইণ্ডিয়া ব্লক শাসনলৈ অহাৰ পিছত অগ্নিবীৰ আঁচনিখন বাতিল কৰা হ'ব ।

12:42 PM, 2 Jul 2024 (IST)

সংসদত নীতি-নিয়ম অনুসৰণ কৰিবলৈ সাংসদসকলক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ

বিৰোধী দলীয় নেতা ৰাহুল গান্ধীৰ ভাষণ বিতৰ্কৰ এদিন পিছতে অৰ্থাৎ মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক সংসদৰ নীতি-নিয়ম অনুসৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ৷ সংসদৰ বলযোগী প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত দিয়া ভাষণ প্ৰসংগত মোদীয়ে এই কথা ব্যক্ত কৰে ৷ প্ৰধানমন্ত্ৰীয়ে এন ডি এ ৰ সাংসদসকলক সতৰ্ক কৰি দিয়ে যে, বহুলোকে ঘনিষ্ঠ সম্পৰ্কত আহিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু তেওঁলোকক প্ৰৱেশৰ অনুমতি দিয়াৰ পূৰ্বে সঠিক প্ৰমাণৰ দৰকাৰ ৷

12:25 PM, 2 Jul 2024 (IST)

লোকসভা নিৰ্বাচনে সংবিধানৰ ৰক্ষকসকলৰ বিজয় নিশ্চিত কৰিছে : অখিলেশ যাদৱ

সমাজবাদী পাৰ্টীৰ সাংসদ অখিলেশ যাদৱে লোকসভাত দিয়া ভাষণত কয় যে, বিগত লোকসভা নিৰ্বাচনে সংবিধানৰ ৰক্ষকসকলৰ বিজয়কে চিহ্নিত কৰিছে ৷ সমান্তৰালকৈ দেশৰ বিভাজন আনিব বিচৰাসকলৰ পৰাজয় নিশ্চিত কৰিছে এই নিৰ্বাচনে ৷ এই বছৰৰ লোকসভা নিৰ্বাচন এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ই সংবিধান বিকৃত কৰিবলৈ আগ্ৰহীসকলৰ পৰাজয় নিশ্চিত কৰিলে ৷

12:19 PM, 2 Jul 2024 (IST)

মোদীজীৰ পৃথিৱীত সঁচাকো মিছা কৰিব পাৰি : ৰাহুল গান্ধী

মোদীজীৰ পৃথিৱীত সঁচাকো মিছা কৰিব পাৰি, এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ সোমবাৰে ৰাহুল গান্ধীৰ ভাষণক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত এনেদৰে মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ এই বিতৰ্কৰ পিছতে সোমবাৰে সদনৰ সকলো কাৰ্যক্ৰমণিকা স্থগিত ৰখা হৈছিল ৷ তাৰ পাচত মঙলবাৰে আৰ্থাৎ আজি পুনৰ 11 বজাৰ পৰা সদনৰ কাৰ্যসূচী আৰম্ভ হয় ৷

ৰাহুল গান্ধীয়ে কয়, "বাস্তৱত সত্যক ঢাকি ৰাখিব নোৱাৰি ৷ ই এদিন হ’লেও সকলোৰে সন্মুখলৈ আহিবই ৷ মই যি কৈছিলো, সেয়াই প্ৰকৃত সত্য ৷ পিছে প্ৰধানমন্ত্ৰী মোদীৰ পৃথিৱীখনত সত্যকো অসত্য বুলি প্ৰতিপন্ন কৰিব পৰা যায়’’৷

Last Updated : Jul 2, 2024, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.