ETV Bharat / bharat

১ জুলাইৰ পুৱা ১১ বজালৈ স্থগিত লোকসভা কাৰ্যক্ৰমণিকা - 18th Lok Sabha 1st Session Day

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 11:20 AM IST

Updated : Jun 28, 2024, 4:47 PM IST

18th Lok Sabha 1st Session Day 5
আৰম্ভ লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য (ANI)

১৮ সংখ্যক লোকসভা অধিৱেশনৰ আজি পঞ্চম দিন ৷ আজি সংসদৰ দুয়োটা সদনত NEET বিষয়টো উত্থাপন কৰা হয় । বিৰোধীয়ে NEET ৰ বিসংগতি সন্দৰ্ভত আলোচনাৰ দাবী কৰে ৷ লগতে বিৰোধী সদস্যই শ্ল’গান দি সদনত প্ৰৱেশ কৰে । NEET বিষয়ত জেডি(এছ)ৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াই চৰকাৰক সমৰ্থন কৰাৰ বিপৰীতে অধ্যক্ষ জগদীপ ধনখৰে সদনত হোৱা হুলস্থূলৰ বাবে সাংসদ সাগৰিকা ঘোষ, ডেৰেক অ’ব্ৰাইন আৰু সাকেট গোখলেক তীব্ৰ সমালোচনা কৰে । লগতে শুকুৰবাৰে লোকসভাৰ কাৰ্যসূচী পৰৱৰ্তী ১ জুলাইৰ পুৱা ১১ বজালৈ স্থগিত ৰখা হয় ।

ওম বিৰলাই কয় যে সংসদৰ কিছুমান নীতি নিয়ম মানি চলিব লাগিব আৰু কমিটী গঠন কৰিব লাগিব ৷ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল এই বিষয়ে অৱগত নহয় । কেৱল ন্যায়ৰ দাবীহে কৰিছে । কংগ্ৰেছ, টিএমচি আৰু ডিএমকে দলৰ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ অৱশেষত অধ্যক্ষ ওম বিৰলাই লোকসভা সোমবাৰলৈ স্থগিত ৰাখে ।

LIVE FEED

4:30 PM, 28 Jun 2024 (IST)

কংগ্ৰেছে ন্যায় ব্যৱস্থাটোক সৰ্বাধিক ক্ষতি কৰিছে : বিজেপিৰ সাংসদ ড৹ ভীম সিং

বিহাৰ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভীম সিঙে সদনত জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছে ন্যায় ব্যৱস্থাটোক যথেষ্ট ক্ষতি কৰিছে ।

3:56 PM, 28 Jun 2024 (IST)

NEET পৰীক্ষাৰ বিতৰ্ক সন্দৰ্ভত ৰাজ্যসভাৰ বিৰোধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য

NEET পৰীক্ষাৰ বিতৰ্ক সন্দৰ্ভত ৰাজ্যসভাৰ বিৰোধী তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয়, ‘‘২৬৭ নং নিয়মৰ অধীনত আমি সদনত এই সন্দৰ্ভত বিশেষ আলোচনাৰ দাবী জনাইছো আৰু তাৰ পিছত আমি আমাৰ দাবীসমূহ ব্যাখ্যা কৰিম ।’’

3:50 PM, 28 Jun 2024 (IST)

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কৃষ্ণলাল পানোৱাৰ, ড৹ ভীম সিঙে ৰাষ্ট্ৰপতিৰ ধন্যবাদৰ প্ৰস্তাৱক সমৰ্থন কৰে

হাৰিয়ানা বিজেপিৰ কৃষ্ণ লাল পানোৱাৰে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদৰ প্ৰস্তাৱক সমৰ্থন কৰে । পানোৱাৰে কয় যে চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ২৫ কোটি লোকক সাহায্য আগবঢ়াইছে । বিহাৰৰ পৰা বিজেপিৰ সাংসদ ড৹ ভীম সিঙেও ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদৰ প্ৰস্তাৱক সমৰ্থন কৰে ।

3:46 PM, 28 Jun 2024 (IST)

সংসদত ৰাজ্যসভাৰ সাংসদ ফুল’ দেৱী নেতমৰ স্বাস্থ্যৰ অৱনতি

আজি সংসদত ৰাজ্যসভাৰ সাংসদ ফুল’ দেৱী নেতমৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ NEET প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদৰ সময়তে তেওঁ অজ্ঞান হৈ পৰে । তাৰ পাচতে ততাতৈয়াকৈ তেওঁক এম্বুলেন্সৰ জৰিয়তে আৰ এম এল হাস্পতাললৈ লৈ যোৱা হয় ।

3:15 PM, 28 Jun 2024 (IST)

চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আত্মনিয়োগ আঁচনি গ্ৰহণ কৰিব লাগে : YSRCP ৰ সাংসদ

অন্ধ্ৰ প্ৰদেশৰ পৰা YSRCP ৰ সাংসদ গোলা বাবুৰাৱে কয় যে চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আত্মসংস্থাপন আঁচনি গ্ৰহণ কৰিব লাগে । বাবুৰাৱে লগতে কয় যে মহিলা খণ্ডত অৱহেলিত মহিলাৰ উন্নয়নৰ বাবে কিছু আঁচনি গঢ়ি তুলিব লাগে । লগতে তেওঁ কয় যে কেন্দ্ৰই অন্ধ্ৰ প্ৰদেশ চৰকাৰক সহায় কৰিব লাগে ।

3:10 PM, 28 Jun 2024 (IST)

কিছু সময় স্থগিত ৰখাৰ পাচত ৰাজ্যসভাৰ কাম-কাজ পুনৰ আৰম্ভ; ত্ৰিবেদীয়ে অব্যাহত ৰাখিছে আলোচনা

NEET পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ যাৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয় । অধ্যক্ষ জগদীপ ধনকাৰে মল্লিকাৰ্জুন খৰ্গে সদনত প্ৰৱেশ কৰাৰ লগে লগে গভীৰ হতাশা প্ৰকাশ কৰে ৷

কিছি সময়ৰ পাচতে পুনৰ আৰম্ভ হয় ৰাজ্যসভাৰ কাৰ্য-কাজ । বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে সদন পুনৰ বৈঠকত মিলিত হোৱাৰ পাচত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে । অটল বিহাৰী বাজপেয়ীৰ উদ্ধৃতি দি ত্ৰিবেদীয়ে ভাৰতৰ সাংস্কৃতিক নীতি-নিয়মৰ বিষয়ে কয় যিয়ে তেওঁৰ মতে বিশ্বক বহুমেৰু বিশ্বত শান্তিপূৰ্ণ সহাৱস্থানৰ মনোভাৱ গ্ৰহণ কৰিবলৈ শিকায় ।

ত্ৰিবেদীয়ে ভাষণ সমাপ্ত কৰাৰ কিছু সময়ৰ পিছতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ যাৰ ফলত অধ্যক্ষ জগদীপ ধনখৰে দুপৰীয়া ২.৩০ বজালৈকে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয় ।

3:03 PM, 28 Jun 2024 (IST)

ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত নকৰিবলৈ বিৰোধীক আহ্বান জনাব বিচাৰো : কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

সংসদত NEET বিষয়ক লৈ বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদ সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়, ‘‘আমি কাকো ৰেহাই দিবলৈ যোৱা নাই । এন টি এৰ দায়িত্বত থকাসকলক আঁতৰাই জ্যেষ্ঠ বিষয়াক দায়িত্ব দিয়া হৈছে । এই সকলোবোৰ চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ ৷ ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত নকৰিবলৈ বিৰোধী দলক আহ্বান জনাব বিচাৰিছো ৷’’

3:00 PM, 28 Jun 2024 (IST)

ৰাজ্যসভাত চলি আছে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনা

সোমবাৰলৈ লোকসভাৰ কাম-কাজ স্থগিত ৷ বিৰোধীৰ হুলস্থূলৰ মাজতে ৰাজ্যসভাত চলি আছে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনা ।

2:56 PM, 28 Jun 2024 (IST)

বিৰোধীক কটাক্ষ খৰ্গেৰ

বিৰোধী সদস্যৰ হুলস্থূলৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে কয়, ‘‘আজি ভাৰতীয় সংসদৰ ইতিহাসত ইমানেই লজ্জাজনক দিন যে বিৰোধী নেতাসকল নিজেই ইয়ালৈ আহিছে । আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল । মই দুখী আৰু স্তম্ভিত ।’’

2:53 PM, 28 Jun 2024 (IST)

বিজেপি সাংসদ অৰুণ গোবিলে কয় : বিৰোধীয়ে অধ্যক্ষৰ কথা মানি ল’ব লাগিছিল

NEET ৰ প্ৰসংগৰ বাবেই লোকসভা স্থগিত ৰখাৰ সন্দৰ্ভত বিজেপি সাংসদ অৰুণ গোবিলে কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘অধ্যক্ষই কয় যে আপুনি ৰাষ্ট্ৰপতিৰ ভাষণৰ সকলো বিষয়তে আলোচনা কৰিব পাৰে, মই আপোনালোকক (বিৰোধীক) যথেষ্ট সময় দিম ।’’ তেওঁলোকে (বিৰোধীয়ে) এই কথা মানি লোৱা উচিত আছিল । কিন্তু বিৰোধা মান্তি নহ’ল । মোৰ মতে এইটো গ্ৰহণযোগ্য বিষয় নহয় ৷

2:49 PM, 28 Jun 2024 (IST)

বিজেপিৰ সাংসদ কংগনা ৰানাৱতে কয় : বিৰোধীয়ে কাকো কথা ক’বলৈ নিদিয়ে, এয়া আশ্চৰ্যজনক

NEETৰ বিষয়টোক লৈ আলোচনাৰ দাবীৰ মাজতে সদনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ যাৰ বাবে লোকসভাৰ কাম-কাজ ১ জুলাইলৈ স্থগিত ৰখা হয় । বিজেপিৰ সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে কয়, ‘‘বিৰোধীৰ আচৰণ দেখিছে ৷ অধ্যক্ষই ধমকো দিলে ৷ কিন্তু বিৰোধীয়ে কাৰো কথা শুনিবলৈ সাজু নহয় । এনে ধৰণৰ আচৰণ গ্ৰহণযোগ্য বুলি মই নাভাবো ।’’

2:46 PM, 28 Jun 2024 (IST)

প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত ভাষণ দিলে জে. পি নড্ডাই

সাংসদ নেতা হিচাবে নিৰ্বাচিত হোৱাৰ পাচতে প্ৰথমবাৰৰ বাবে স্বাস্থ্যমন্ত্ৰী জে. পি নড্ডাই ৰাজ্যসভাত ভাষণ প্ৰদান কৰে । তেওঁক ভাষণ দিয়াৰ সুযোগ দিয়াৰ বাবে সদনক ধন্যবাদ জনায় ৷

1:53 PM, 28 Jun 2024 (IST)

কংগ্ৰেছৰ সাংসদ দীপেন্দ্ৰ সিং হুদাই কয় : সদনত যেতিয়া NEETৰ বিষয়টো উত্থাপন হৈছিল তেতিয়া মাইক বন্ধ কৰি দিয়া হৈছিল

কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুদাই কয় যে দেশত ধাৰাবাহিকভাৱে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বহু শিক্ষাৰ্থীৰ ভৱিষ্যত নষ্ট হৈছে । হাৰিয়ানাত সৰ্বাধিক সংখ্যক প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা দেখা গৈছে । নিজৰ দায়িত্বৰ পৰা পলাইছে ফুৰা দেখা গৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ।

আমি এই বিষয়ে আলোচনা কৰিবলৈ আহিছিলো আৰু সদনত এই বিষয়টো উত্থাপন হৈছিল ৷ কিন্তু যেতিয়া এই বিষয়টো সদনত উত্থাপন হৈছিল তেতিয়া বিৰোধীৰ মাইক বন্ধ কৰি দিয়া হৈছিল ৷ তেতিয়াই বিৰোধী দলৰ আন সাংসদসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয় ৷ এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আমি দাবী জনাইছো ।

1:12 PM, 28 Jun 2024 (IST)

নালন্দাৰ কথা উল্লেখ কৰি ত্ৰিবেদীয়ে কয় যে আক্ৰমণকাৰীয়ে ভাৰতৰ শক্তিশালী মনোভাৱক ধ্বংস কৰিব নোৱাৰে

ত্ৰিবেদীয়ে নালন্দা বিশ্ববিদ্যালয় উদ্বোধনৰ কথাও উল্লেখ কৰে, যাক তেওঁ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতীক বুলি কয় । ত্ৰিবেদীয়ে কয়, "যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আক্ৰমণকাৰীয়ে নালন্দাৰ দৰে শিক্ষাৰ প্ৰতিষ্ঠানক ধ্বংস কৰিব পাৰে, কিন্তু ভাৰতৰ পুনৰ উত্থান আৰু স্থিতিস্থাপকতাৰ মনোভাৱ মচি পেলাব নোৱাৰে ৷ আমাৰ চৰকাৰে নালন্দাক পুনৰ মুকলি কৰাটো সুনিশ্চিত কৰিছে ।"

1:07 PM, 28 Jun 2024 (IST)

হেমন্ত ছ’ৰেন আৰু অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বিৰোধী দলক সমালোচনা কৰে বিজেপি সুধাংশু ত্ৰিবেদীয়ে

বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ বিৰোধী পক্ষক সমালোচনা কৰে । ত্ৰিবেদীয়ে কয় যে তেওঁৰ দুজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ অনুভৱ কৰিছিল যে গণতন্ত্ৰ বিপদত পৰিছে । এইটো প্ৰথমবাৰৰ বাবে নহয় বুলি আঙুলিয়াই দি ত্ৰিবেদীয়ে কেতবোৰ মন্তব্য কৰে ৷

1:00 PM, 28 Jun 2024 (IST)

NEET প্ৰসংগত আলোচনাৰ দাবী কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ

বিজেপিৰ সাংসদ সুধনশু ত্ৰিবেদীয়ে যেতিয়া ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদৰ প্ৰস্তাৱ আলোচনা কৰি আছিল, তেতিয়া বিৰোধী সদস্যসকলে NEET বিষয়ত আলোচনাৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পাছতে কংগ্ৰেছৰ সাংসদ মল্লিকাৰ্জুন খৰ্গে উপাধ্যক্ষ হৰিবংশৰ সৈতে এই বিষয়ত আলোচনাৰ দাবী জনা য়। বিৰোধীক সদনত কথা ক’বলৈ নিদিয়াৰ সন্দৰ্ভত খাৰ্গে ডাঙৰীয়াই কয় যে এইটো অগণতান্ত্ৰিক ।

12:56 PM, 28 Jun 2024 (IST)

ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদৰ প্ৰস্তাৱৰ মন্তব্য কৰিছে সুধাংশু ত্ৰিবেদীয়ে

ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত আলোচনা কৰি বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ সাফল্যৰ প্ৰশংসা কৰে । কাশ্মীৰত বিশ্বৰ সৰ্বোচ্চ দলং চেনাব নিৰ্মাণৰ গৌৰৱ অনুভৱ কৰি ভাৰতলৈ প্ৰতিৰক্ষা ৰপ্তানিৰ ১৮% বৃদ্ধিৰ পৰা ত্ৰিবেদীয়ে ৰাজহুৱাখণ্ডৰ বেংকসমূহে লাভ কৰা লাভৰ দিশটোও আঙুলিয়াই দিয়ে ।

12:52 PM, 28 Jun 2024 (IST)

NEET বিষয়ত বিৰোধীক সমালোচনা কৰে দেৱ গৌড়াই

জেডি(এছ)ৰ সাংসদ এইচ.ডি. দেৱ গৌড়াই NEET প্ৰসংগত বিৰোধী দলক সমালোচনা কৰে ৷ জেডি(এছ)ৰ সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশনত NEET বিষয়টো উত্থাপন কৰে দেৱ গৌড়াই । শ্ল’গান দিয়া বিৰোধী সদস্যৰ দায়িত্ব লৈ গৌড়াই কয় যে যেতিয়ালৈকে তদন্ত চলি আছে তেতিয়ালৈকে তেওঁলোকে সংশ্লিষ্ট মন্ত্ৰীক দায়িত্ব ল’বলৈ ক’ব নোৱাৰে ।

NEET ৰ প্ৰসংগত ভাষণ দি গৌড়াই কয় যে যিহেতু চিবিআইৰ তদন্ত বাকী আছে, সেয়ে কোনো নৱনিৰ্বাচিত মন্ত্ৰীয়ে যদি দায়িত্ব লয় তেন্তে চৰকাৰৰ ভাবমূৰ্তি কলংকিত হ’ব ।

12:10 PM, 28 Jun 2024 (IST)

দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰাজ্যসভাৰ কাম-কাজ

দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰখা হ’ল ৰাজ্যসভাৰ কাম-কাজ । ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে বিৰোধী সাংসদসকলৰ আগত NEET বিষয়টো উত্থাপন কৰি এই বিষয়ত আলোচনা হ’ব লাগে বুলি কয় ।

12:08 PM, 28 Jun 2024 (IST)

বিৰোধী নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰিলে NEET ৰ প্ৰসংগ

দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় লোকসভাৰ কাৰ্যক্ৰমণিকা ৷ বিৰোধী নেতা ৰাহুল গান্ধীয়ে NEET ৰ প্ৰসংগটো উত্থাপন কৰি বিৰোধী সাংসদসকলৰ সৈতে এই বিষয়ত আলোচনাৰ দাবী জনায় । অধ্যক্ষ ওম বিৰলাই ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ প্ৰথমে আলোচনা কৰিবলৈ জোৰ দিয়ে ।

বিৰোধী দলৰ নেতাগৰাকীয়ে কয় যে বিৰোধী আৰু চৰকাৰৰ হৈ আমি ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক এক যৌথ বাৰ্তা দিব বিচাৰিছো যে আমি এইটো এটা গুৰুত্বপূৰ্ণ বিষয় বুলি গণ্য কৰো । গতিকে, আমি ভাবিছো যে ছাত্ৰ-ছাত্ৰীসকলক সন্মান জনাই আমি আজি NEET ৰ বিষয়ে আলোচনা কৰিম, এক নিবেদিত আলোচনাৰ সৈতে...

12:05 PM, 28 Jun 2024 (IST)

সংসদত আম আদমি পাৰ্টীৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে

কেন্দ্ৰই ইডি, চিবিআইৰ ‘অপব্যৱহাৰ’ক লৈ সংসদত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ নেতাসকলে । আপৰ সাংসদ সঞ্জয় সিঙে কয় যে দেশৰ আইন, সংবিধান আৰু গণতন্ত্ৰক ডিঙি চেপি ধৰা হৈছে । অৰবিন্দ কেজৰিৱালৰ গোচৰত যিদৰে মোদীৰ ইডিয়ে উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ লাভ কৰিছে । এটা ভুৱা গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে অৰবিন্দ কেজৰিৱালক । আমি দাবী জনাইছো যে তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ বন্ধ কৰক ।

12:02 PM, 28 Jun 2024 (IST)

লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে NEET সন্দৰ্ভত আলোচনাৰ দাবী

লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয় যে কালি সকলো বিৰোধী দলৰ নেতাৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত একমত হৈছিল যে আজি আমি NEET বিষয়ত আলোচনা কৰিব বিচাৰিছো । ইয়াত সদনত NEET ৰ বিষয়ে আলোচনা কৰা উচিত । প্ৰধানমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে এই বিষয়টো ওপৰত সঠিকভাৱে আলোচনা হ’ব লাগে বুলি কয় ৷

12:01 PM, 28 Jun 2024 (IST)

লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱৰ জাননী দিলে কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে

কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে লোকসভাত কাগজ ফাদিলৰ গোচৰ আৰু NEET-UG আৰু UGC NET কে ধৰি পৰীক্ষা অনুষ্ঠিত কৰাত এন টি এৰ ব্যৰ্থতাৰ বিষয়ে আলোচনা কৰিবলৈ স্থগিত ৰখাৰ প্ৰস্তাৱৰ জাননী দিয়ে ।

11:50 AM, 28 Jun 2024 (IST)

অনুৰাগ ঠাকুৰে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ ভোট দাখিল কৰিব, অনুমোদন দিব বানসুৰী স্বৰাজে

শুকুৰবাৰৰ পৰা সংসদৰ দুয়োটা সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হ’ব । লোকসভাত বিজেপিৰ হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সদনত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জ্ঞাপন দাখিল কৰিব । বিজেপিৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদ বনছুৰী স্বৰাজে এই প্ৰস্তাৱক সমৰ্থন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ জুলাইত লোকসভাত আৰু ৩ জুলাইত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ উত্তৰ দিব পাৰে ।

11:49 AM, 28 Jun 2024 (IST)

বিজেপিৰ সুধাংশু ত্ৰিবেদীয়ে ৰাজ্যসভাত দাখিল কৰিব ধন্যবাদৰ প্ৰস্তাৱ

বিজেপিৰ সুধাংশু ত্ৰিবেদীয়ে ৰাজ্যসভাত দাখিল কৰিব ধন্যবাদৰ প্ৰস্তাৱ । ৩ জুলাইত উচ্চ সদনত ইয়াৰ উত্তৰ দিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

11:44 AM, 28 Jun 2024 (IST)

লোকসভাত আজিৰ কাৰ্যসূচীৰ তালিকা

লোকসভাৰ কাৰ্যসূচীৰ তালিকা :-

  1. সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হ’ব লগীয়া কাৰ্যকালৰ বাবে অনুমান সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ৩০ জন সদস্যক সদনে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ আগবঢ়াব ।
  2. ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হ’ব লগীয়া কাৰ্যকালৰ বাবে ৰাজহুৱা হিচাপ সমিতিত কাৰ্যনিৰ্বাহ কৰিবলৈ ১৫ জন সদস্য নিৰ্বাচিত কৰাৰ প্ৰস্তাৱো তেওঁ উত্থাপন কৰিব ।
  3. ৰিজিজুৱে এটা প্ৰস্তাৱ উত্থাপন কৰিব যে নিম্ন সদনে ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হোৱা কাৰ্যকালৰ বাবে সদনৰ ৰাজহুৱা হিচাপ সমিতিৰ সৈতে সংযুক্ত হ’বলগীয়া সাতজন সদস্যৰ মনোনয়ন ৰাজ্যসভালৈ পৰামৰ্শ দিব ।
  4. তেওঁ ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হোৱা কাৰ্যকালৰ বাবে ৰাজহুৱা উদ্যোগ সমিতিত কাৰ্যনিৰ্বাহ কৰিবলৈ ১৫ জন সদস্য নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ আগবঢ়াব ।
  5. নিম্ন সদনে ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হ’বলগীয়া কাৰ্যকালৰ বাবে সদনৰ ৰাজহুৱা উদ্যোগ সমিতিৰ সৈতে জড়িত হ’ব পৰা সাতজন সদস্যৰ মনোনয়নৰ বাবে ৰাজ্যসভালৈ পৰামৰ্শ দিব ।
  6. তেওঁ ২০২৫ চনৰ ৩০ এপ্ৰিলত সমাপ্ত হোৱা কাৰ্যকালৰ বাবে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিলৈ ২০ জন সদস্য নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ আগবঢ়াব ।

11:43 AM, 28 Jun 2024 (IST)

I.N.D.I. মিত্ৰজোঁটৰ নেতাই আজি (সংসদত) উত্থাপন কৰিব NEET বিষয়: TMC নেতা

টিএমচিৰ নেত্ৰী সৌগাতা ৰায়ে কয় যে I.N.D.I. মিত্ৰজোঁটৰ নেতাসকলে আজি (সংসদত) NEET ৰ বিষয়টো উত্থাপন কৰিব । আমাৰ দাবী হ’ব যে এই বিষয়ে আলোচনা হ’ব লাগে ।

11:40 AM, 28 Jun 2024 (IST)

এন ডি এম চিয়ে নলা পৰিষ্কাৰ কৰা নাই : এছ পি সাংসদ ৰাম গোপাল যাদৱ

এন ডি এম চি সাজু হোৱা নাই বুলি মন্তব্য কৰে এছ পি সাংসদ ৰাম গোপাল যাদৱে । বৰষুণ দেৰিকৈ হৈছে, তথাপিও চাফা কৰা হোৱা নাই নলা-নৰ্দমাবোৰ । নলাবোৰ পৰিষ্কাৰ কৰা হ’লে এই পৰিস্থিতি কেতিয়াও নহ’লহেঁতেন । ইয়াত নিটি আয়োগৰ সদস্য, মন্ত্ৰী, গৃহ ৰাজ্য মন্ত্ৰী, অন্যান্য মন্ত্ৰী, নৌসেনাৰ এডমিৰেল আৰু জেনেৰেল বাস কৰে । কিন্তু পানীৰে ভৰি পৰিলে যাত্ৰা কৰাটো কঠিন হৈ পৰে । সংসদলৈ যাবলৈ মই কি কৰিব লাগিছিল চাব পাৰে । পুৱা ৪ বজাৰ পৰা এন ডি এম চিৰ বিষয়াৰ লগত কথা পাতি আছো ।

11:38 AM, 28 Jun 2024 (IST)

আই ইউ এম এলৰ সাংসদ পি ভি আব্দুল ৱাহাবে ৰাজ্যসভাত স্থগিত ৰখাৰ জাননী দিয়ে

আই ইউ এম এলৰ সাংসদ পি ভি আব্দুল ৱাহাবে ৰাজ্যসভাত ২৬৭ নং নিয়মৰ অধীনত স্থগিত ৰখাৰ জাননী দি এন টি এৰ দ্বাৰা পৰিচালিত NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, UGC NET, CSIR NET, NEET PG আৰু NCET বাতিল কৰা বিষয়ক লৈ আলোচনা কৰে ।

11:35 AM, 28 Jun 2024 (IST)

ৰাজ্যসভাত কাম স্থগিত ৰখাৰ জাননী কংগ্ৰেছ সাংসদৰ

কংগ্ৰেছৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে ৰাজ্যসভাত ২৬৭ নং নিয়মৰ অধীনত স্থগিত ৰখাৰ জাননী প্ৰদান কৰি NEET-UG আৰু UGC NETকে ধৰি পৰীক্ষা অনুষ্ঠিত কৰাত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ত আলোচনা কৰে ।

Last Updated : Jun 28, 2024, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.