অসম

assam

লখিমপুৰত চুৰি ছাগলীসহ চোৰক কৰায়ত্ত ৰাইজৰ

By

Published : Aug 20, 2022, 10:23 PM IST

ছাগলী চুৰ কৰি নি থাকোতেই হাতে লোটে চোৰক ধৰিলে গৃহস্থই (Goat thief in Lakhimpur)। লখিমপুৰত সংঘটিত হৈছে এই ঘটনা ৷ লখিমপুৰৰ গোপীনগৰ ক'লনীত দুই ছাগলী চোৰ ক্ৰমে ইদ্দিছ কুৱেছি আৰু ৰমেন পায়েঙক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে (Lakhimpur police arrested goat thief)৷ উল্লেখ্য যে শুকুৰবাৰে এলেকাটোত এজন লোকৰ ছাগলী চুৰি হৈছিল । চুৰি ছাগলীৰ সন্ধানত গৃহস্থই নগৰখনৰ কচাইখানাসমূহ চলাথ কৰে যদিও উদ্ধাৰ হোৱা নাছিল । শনিবাৰে চোৰে চাইকেলেৰে ছাগলী নি থকা অৱস্থাতে গৃহস্থই ধৰা পেলায় চোৰটোক ।

ABOUT THE AUTHOR

...view details