গৌৰাং নৈত জাঁপ দি আত্মহত্যা কৰা কিশোৰৰ মৃতদেহ উদ্ধাৰ - Suicide case in Bilashipara

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:35 PM IST

thumbnail
গৌৰাং নৈত জাঁপ দি আত্মহত্যা কিশোৰৰ (ETV Bharat Assam)

বিলাসীপাৰা, ১ আগষ্ট: উদ্ধাৰ হ'ল গৌৰাং নৈত জাঁপ দি আত্মহত্যা কৰা কিশোৰৰ মৃতদেহ । বুধবাৰে নিশাই খৰস্ৰোতা গৌৰাং নৈত জাঁপ দিছিল কিশোৰজনে । বৃহস্পতিবাৰে পুৱাৰে পৰা SDRF এ অভিযান চলাই অৱশেষত উদ্ধাৰ কৰে কিশোৰজনৰ মৃতদেহ । কি কাৰণত একাদশ শ্ৰেণীৰ ছাত্ৰজনে আত্মহত্যা কৰিলে সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই । পৰিয়ালৰ লোকে জনোৱা অনুসৰি বুধবাৰে নিশা ঘৰৰ পৰা ওলাই আহিছিল টোকৰাবান্ধা গাৱঁৰ বাসিন্দা নীৰেশ ৰায়ৰ পুত্ৰ ইন্দ্রনীল ৰায় ওৰফে বিশাল ।  

নিশা প্ৰায় ১০:৪০ মান বজাত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনে গৌৰাং নৈৰ ওপৰত থকা বানিয়াপাৰাস্থিত দলঙৰ পৰা নদীত জাঁপ মাৰে । প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি দলঙখনৰ সমীপতে বহি থকা কেইজনমান লোকে এই ঘটনা প্ৰত্যক্ষ কৰি ছাত্ৰজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও বিফল হয় । অৱশেষত SDRF ৰ দিনজোৰা অভিযানৰ অন্তত আজি ঘটনাস্থলীৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগৰ কাঠালদিত উদ্ধাৰ হয় কিশোৰজনৰ মৃতদেহ । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: কৃষ্ণামণি ডেকা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পিচতে আত্মহত্যা ছিপাঝাৰৰ যুৱকৰ - Boyfriend commits suicide

আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.