মৰিগাঁৱত ভুৱা শিক্ষক : গোচৰৰ তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ - fake teachers

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:39 PM IST

thumbnail
ভুৱা শিক্ষকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ (ETV Bharat Assam)

মৰিগাঁও, 1 আগষ্ট : মৰিগাঁৱত ভুৱা শিক্ষকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৷ 2017 চনত 29 গৰাকী ভুৱা শিক্ষকৰ বিৰুদ্ধে তদানীন্তন শিক্ষা বিষয়াই দিছপুৰ থানাত তৰিছিল গোচৰ ৷ বৃহস্পতিবাৰে আদালতে এই গোচৰৰ তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷

জিলাখনৰ 29 জন ভুৱা শিক্ষকে দাখিল কৰা আবেদন নাকচ কৰি মৰিগাঁও আৰক্ষীক তদন্তৰ বাবে অনুমতি প্ৰদান কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷ উল্লেখযোগ্য যে 1996 চনৰ পৰা 2000 চনৰ ভিতৰত জিলাখনত এই শিক্ষক নিযুক্তিৰ কেলেংকাৰী সংঘটিত হৈছিল ৷ ইতিমধ্যে এইসকল শিক্ষকৰ ভিতৰত এজন শিক্ষকৰ নথি-পত্ৰত ধৰা পৰিছে বিসংগতি ৷

বৃহস্পতিবাৰে এই বিষয়ে চৰকাৰী পক্ষৰ অধিবক্তাই কয় যে তদানীন্ত শিক্ষা বিষয়া আব্দুল ৰেজাকে 2017 চনত দিছপুৰ থানাত গোচৰ দাখিল কৰে ৷  321/2017 ভাৰতীয় দণ্ডবিধিৰ 406/464/34 ধাৰাত ৰুজু হোৱা গোচৰৰ তদন্তৰ পিচত মৰিগাঁও আৰক্ষী থানালৈ পঠোৱা হয় ৷ আনহাতে মৰিগাঁও আৰক্ষী থানাই 467/17ত গোচৰ ৰুজু কৰি অব্যাহত ৰাখে তদন্ত ৷ ইয়াৰ মাজতে জনৈক হুদা নামৰ শিক্ষকজনৰ শৈক্ষিক নথি-পত্ৰ ভুৱা বুলি প্ৰমাণিত হয় ৷ উল্লেখ্য যে বৃহস্পতিবাৰে মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চৰকাৰী পক্ষ আৰু গোচৰীয়া পক্ষৰ যুক্তি গ্ৰহণ কৰাৰ পিচতে আদালতে গোচৰৰ তদন্ত অব্যাহত ৰখাৰ ৰায় দিয়ে ৷

লগতে পঢ়ক : শিলচৰ পৌৰসভাৰ বিৰুদ্ধে পূজা কমিটিক উচ্ছেদ কৰি ভূ-মাফিয়াক ভূমি গতোৱাৰ অভিযোগ - Eviction in Silchar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.