অসম

assam

CAAৰ বাবে বৰ্ষৰ অন্তিমটো দিনক ক'লা দিন ঘোষণা বাসৱ কলিতাৰ

By

Published : Dec 30, 2019, 11:19 AM IST

মৰিগাঁৱত অসম ৰাজ্যিক কৰ্মচাৰীৰ পৰিষদৰ "কা" বিৰোধী কাৰ্যসূচী গ্ৰহণ । ২০১৯ বৰ্ষত কা নামৰ ক'লা আইনখন অসমৰ ওপৰত জাপি দিয়াৰ বাবে ২০১৯ বৰ্ষৰ অন্তিমটো দিন ক'লা দিৱস হিচাপে ৰূপায়ণ কৰিব ৷ চৰকাৰে কৰ্মচাৰীক নিয়ন্ত্ৰণ কৰিছে কিন্তু চৰকাৰী দালাল কেইটাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? বিত্তমন্ত্ৰীৰ কথা শিলৰ ৰেখা কিন্তু কামত নাহে ! অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱা বিচাৰো ৷ দেওবাৰে মৰিগাঁৱত এই মন্তব্য বাসভৱন কলিতাৰ।

বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ
বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ

মৰিগাঁও, 30 ডিচেম্বৰ: দেওবাৰে মৰিগাঁৱত অনুষ্ঠিত কৰ্মচাৰী পৰিষদৰ অধিবেশনৰ মুকলি সভাত চৰকাৰ আৰু বিত্তমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ। উল্লেখ্য যে, এজাৰবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ২৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিবেশনৰ সামৰণি অনুষ্ঠানত "বিত্তমন্ত্ৰীৰ কথা শিলৰ ৰেখা কিন্তু কামত নাহে" বুুলি সাংবাদিকৰ আগত মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

বাসব কলিতাৰ CAA বিৰোধী প্ৰতিৰোধ

দেওবাৰে আবেলি ১ বজাত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন্দ্ৰ চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা পৰিষদৰ সভাপতি বাসৱ কলিতাই কয় যে অসম চুক্তিক নস্যাৎ কৰি চৰকাৰে CAAক জাপি দিয়াটোৰ আমি সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰো ৷ ইয়াৰোপৰি আইন প্ৰত্যাহাৰ নকৰালৈ কৰ্মচাৰী পৰিষদে আন্দোলন অব্যাহত ৰাখিব বুলিও জানিলৈ দিয়ে সভাপতিগৰাকীয়ে ৷

" আমি নীতিৰ মাজত থাকি জনসাধাৰণৰ লগত কাম কৰি যাম ৷ তাৰ পাচত যদি আমাৰ ওপৰত দমন চলে তেন্তে কৰ্মচাৰী সমাজে মূৰ পাতি ল'ম বুলিও সভাত মন্তব্য কৰে বাসব কলিতাই ৷ ইয়াৰোপৰি কৰ্মচাৰী পৰিষদে ৩১ ডিচেম্বৰটো ক'লা দিৱস হিচাপে পালন কৰিব বুলিও জনায়।সভাত নিৰ্দিষ্ট বক্তাৰূপে কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ,সন্মানীয় অতিথিৰূপে মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত মূলসুতিলৈ উগ্ৰপন্থীৰ বৃহৎ দল

আনহাতে দেওবাৰে মৰিগাঁও জিলা কৰ্মচাৰী ভৱনত জিলা কৰ্মচাৰী পৰিষদৰ চলিত বৰ্ষৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদৰ বাবে ভোট প্ৰদানৰ জৰিয়তে নিৰ্বাচিত হয় প্ৰফুল্ল হাজৰিকা। ইয়াৰোপৰি সম্পাদকৰ পদত পুনৰ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় পূৰ্বৰ সম্পাদক খগেন মহন্ত। উপ - সভাপতি ক্ৰমে ৰমানন্দ হাজৰিকা,হেমেন কাকতি আৰু আজগৰ আলী,সহকাৰী সম্পাদক হিচাপে ক্ৰমে জীতেন শইকীয়া,অনিল নাথ,তফৰ্জুল হুছেইন আৰু শিৱ কাকতিক লৈ মুঠতে ৫১ জনীয়া সদস্যৰে জিলা সমিতিখন গঠন হয়।

ABOUT THE AUTHOR

...view details