ETV Bharat / state

৪১ খন পতাকা উত্তোলনেৰে ৪১ সংখ্যক যোৰহাট জিলা দিৱসৰ শুভাৰম্ভণি - Jorhat District

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:58 PM IST

Jorhat District Day : আজিৰে পৰা তিনিদিনীয়াকৈ সমগ্ৰ জিলাখনতে বৰ্ণাঢ্য কার্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে ৷ আজি জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত 41 গৰাকী বিশিষ্ট ব্যক্তিয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত 41 খন পতাকা উত্তোলন কৰি প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে ৷

Jorhat Divas celebrated
যোৰহাট জিলা দিৱস (ETV BHARAT ASSAM)

যোৰহাট, 29 জুন : শৈক্ষিক তথা সাংস্কৃতিক নগৰী যোৰহাট জিলাৰ 41 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ আজিৰে পৰা তিনিদিনীয়াকৈ সমগ্ৰ জিলাখনতে বৰ্ণাঢ্য কার্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে ৷ ঐতিহাসিক জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 41 বছৰ সম্পূর্ণ হোৱাৰ শুভক্ষণত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত 41 গৰাকী বিশিষ্ট ব্যক্তিয়ে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত 41 খন পতাকা উত্তোলন কৰি আজি প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে ৷

৪১ সংখ্যক যোৰহাট জিলা দিৱসৰ শুভাৰম্ভণি (ETV BHARAT ASSAM)

পতাকা উত্তোলনৰ পিচতে যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বিশিষ্ট শিক্ষাবিদ তথা পণ্ডিত ড৹ ললিত শ্যাম, জিলা ছেশ্যন আৰু সত্ৰ ন্যায়াধীশ প্ৰাঞ্জল দাস আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষণ প্ৰদান কৰি যোৰহাটৰ বৰেণ্য ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে জিলাবাসীলৈ জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ গঠনৰ পৰা এই সুদীর্ঘ 41 বছৰে জিলাখনে শিক্ষা, সাহিত্য-সংস্কৃতি সৰ্বদিশতে আগবাঢ়ি গৈ ৰাজ্যখনৰ ভিতৰতে এখন অগ্ৰণী জিলা হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈ আটাইকেইগৰাকী বক্তাই জিলা প্ৰশাসনে তিনিওদিনৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন গাঁও-পঞ্চায়ত, পৌৰসভা, বিদ্যালয় আদিত লোৱা বিভিন্ন পদক্ষেপ সমূহক ভূয়সী প্ৰশংসা কৰে ৷

এই অনুষ্ঠানত সমবেত সংগীত পৰিৱেশন কৰাৰ লগতে নাগিনীজান চাহ বাগিচাৰ শিল্পী দলে চাওৰা নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷ এই অনুষ্ঠানতে জিলাখনত যক্ষ্মা ৰোগ মুক্ত কৰাৰ লক্ষ্যৰে "মৰমৰ যোৰহাট" ৰ অধীনত বিশেষ স্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ লগতে প্ৰাচীৰ পত্ৰিকা "সাঁকো" উন্মোচন আৰু গ্ৰন্থদান কাৰ্যসূচীও হাতত লোৱা হয় ৷

লগতে পঢ়ক : সংসদ-বিধানসভাৰ দৰে স্বায়ত্তশাসিত পৰিষদৰো ভূমিকা গুৰুত্বপূৰ্ণ : ৰাজ্যপাল - Gulab Chand Kataria

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.