ETV Bharat / state

সংসদ-বিধানসভাৰ দৰে স্বায়ত্তশাসিত পৰিষদৰো ভূমিকা গুৰুত্বপূৰ্ণ : ৰাজ্যপাল - Gulab Chand Kataria

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:36 PM IST

Valedictory ceremony of autonomous councils conference : অসম বিধানসভাৰ পুৰণি ভৱনত দহখন স্বায়ত্তশাসিত পৰিষদৰ দুদিনীয়া সন্মিলনৰ সামৰণি অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । তেওঁ কয় যে সংসদ আৰু বিধানসভাৰ দৰে স্বায়ত্তশাসিত পৰিষদৰো মূল কামেই হৈছে আইন আৰু নিয়ম প্ৰণয়ন কৰি তাৰ আধাৰত ৰাইজৰ সেৱা কৰা । ৰাইজক সেৱা কৰাৰ বাবেহে আমি এই স্থানত আছো । ক্ষমতা সদায় ৰাইজৰ স্বাৰ্থত প্ৰয়োগ কৰিব লাগে ।

Valedictory ceremony of autonomous councils conference
অসম বিধানসভাৰ পুৰণি ভৱনত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া (X/@Gulab_kataria)

গুৱাহাটী, ২৯ জুন : অসম বিধানসভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাজ্যৰ দহখন স্বায়ত্তশাসিত পৰিষদৰ দুদিনীয়া সন্মিলনৰ শনিবাৰে সামৰণি পৰে । অসম বিধানসভাত দুদিনীয়াকৈ আয়োজিত সন্মিলনখনৰ আজি বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপালগৰাকীয়ে এনেদৰে স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ কথা শুনাৰ বাবে লোৱা পদক্ষেপৰ প্ৰশংসা কৰে । ৰাজ্যপালগৰাকীয়ে কয় যে সংসদ আৰু বিধানসভাৰ দৰে স্বায়ত্তশাসিত পৰিষদৰো মূল কামেই হৈছে আইন আৰু নিয়ম প্ৰণয়ন কৰি তাৰ আধাৰত ৰাইজৰ সেৱা কৰা ।

ৰাজ্যপালগৰাকীয়ে কয়, ‘‘ৰাইজক সেৱা কৰাৰ বাবেহে আমি এই স্থানত আছো । সেয়ে ক্ষমতা সদায় ৰাইজৰ স্বাৰ্থত প্ৰয়োগ কৰিব লাগে । পৰস্পৰৰ মাজত বুজাবুজিৰে, সকলো পক্ষৰে মতামত শুনি সমস্যাৰ গুৰিলৈ গৈ সমাধানৰ চেষ্টা কৰিব লাগে ৷’’ ৰাজ্যপালগৰাকীয়ে স্বায়ত্তশাসিত পৰিষদসমূহৰ বাবে ৰাজভৱনৰ দুৱাৰ সদায় খোলা বুলি মন্তব্য কৰে আৰু সম্ভৱপৰ সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়ে ।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সংসদ আৰু বিধানসভাৰ সদস্যৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰো বহুত দায়িত্ব আছে ৷ কাৰণ তেওঁলোক হৈছে ৰাইজৰ প্ৰতিনিধি । নিৰ্বাচন অনুষ্ঠিত নোহোৱা চাৰিখন পৰিষদৰ সদস্যসকলৰো দায়িত্ব আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকক ৰাইজৰ কাম কৰাৰ বাবেহে চৰকাৰে মনোনীত কৰিছে ।

লগতে পঢ়ক: ৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত

এই সন্মিলনতে অসম বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু স্বায়ত্তশাসিত পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলক লৈ এখন সমিতি গঠনৰ সিদ্ধান্ত লোৱাৰ কথা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভাষণত সদৰী কৰে । জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰিষদসমূহক ৰাজ্য চৰকাৰৰ পৰা পোৱা ধনৰ বিপৰীতে গ্ৰহণ কৰা আঁচনি আৰু খৰচৰ বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ, নিজাকৈ সম্পদ সৃষ্টি কৰিবলৈ, পৰিষদৰ কাম-কাজ ডিজিটেল পদ্ধতিৰে কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে চৰকাৰৰ সদিচ্ছা আছে আৰু সেয়ে এতিয়া পৰিষদলৈ আবন্টিত ধন সম্পূৰ্ণৰূপে মোকলাই দিয়া হয় । সামৰণি অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে আয়োজিত এই সন্মিলনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, মৰাণ স্বায়ত্তশাসিত পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ-মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, অধ্যক্ষসহ পৰিষদৰ সদস্যসকলে অংশগ্ৰহণ কৰে৷ সন্মিলনত স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে কাম-কাজ পৰিচালনাত সন্মুখীন হোৱা অসুবিধা, তেওঁলোকৰ দাবী-আপত্তি, পৰামৰ্শসমূহ দাঙি ধৰে আৰু ইয়াৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদন বিধানসভা সচিবালয়ে অসম চৰকাৰক প্ৰদান কৰাৰ পদক্ষেপ লৈছে ।

লগতে পঢ়ক: কৃষি শিক্ষাৰ জৰিয়তে অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি হয় : গুলাব চান্দ কটাৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.