ETV Bharat / state

লাওখোৱা অভয়াৰণ্যৰ গুলীচালনা : দণ্ডাধীশৰ জেৰাৰ সন্মুখীন হ’ব ডি এফ অ'সহ বনকর্মী - Fisherman Shooting Case at Laokhowa

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:28 PM IST

Fisherman Shooting Case :লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ । সত্য উদ্ঘাটনৰ বাবে কি কি প্ৰক্ৰিয়াৰে আগবাঢ়িব বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ হাতত কিছু এক্সক্লুছিভ তথ্য।

Fisherman Shooting Case
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (ETV BHARAT ASSAM)

নগাঁও, ২৯ জুন: লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰৌমাৰী বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহত বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ । লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাৰ ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱাৰ সন্দেহত গুলীচালনা কৰিছিল টহলদাৰী বনকৰ্মীৰ দলে । ২১ জুনৰ মাজনিশা চোৰাং মৎস্য চিকাৰৰ সন্দেহত বনকৰ্মীৰ দলে গুলীচালনা কৰাত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ ক্ৰমে আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ থিতাতে মৃত্যু হৈছিল । বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যু সহজভাৱে ল’ব পৰা নাছিল জুৰীয়াবাসীয়ে । ইয়াৰ পিচতেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাত কি কি প্ৰক্ৰিয়াৰে তদন্ত আৰম্ভ কৰা হৈছে এই সন্দৰ্ভত ই টিভি ভাৰতে লাভ কৰা কিছু এক্সক্লুছিভ তথ্য ।

সমগ্ৰ ঘটনাক লৈ তদন্তৰ লগতে নিহত দুই ভাতৃৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত সংখ্যলাঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি জনাইছিল সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী । কিন্তু ঘটনা সংঘটিত হোৱাৰ পাচতেই এটা দিনৰ ভিতৰতেই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাচতেও নগাঁও জিলা আয়ুক্ত হিচাপে থকা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহেও লাওখোৱাৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে জিলা অতিৰিক্ত আয়ুক্ত তথা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথক । অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিয়েই সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰি কম সময়ৰ ভিতৰতেই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । তদন্ত প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ কৰিছে যদিও কি কি প্ৰক্ৰিয়াৰে তদন্ত আৰম্ভ কৰা হৈছে সেয়াও হয়তো জানিবলৈ এই মুহূৰ্তত উৎকণ্ঠা বৃদ্ধি পাইছে বিভিন্ন মহলৰ ।

কি প্ৰক্ৰিয়াৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া: আৰম্ভ হৈছে লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱাৰ সন্দেহত বনকৰ্মীয়ে চলোৱা গুলীত নিহত দুই ভাতৃৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত । জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নিৰ্দেশ অনুযায়ী অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথৰ নেতৃত্বত আৰম্ভ হোৱা তদন্ত প্ৰক্ৰিয়াত প্ৰথমে ঘটনাৰ স্থান পৰ্যবেক্ষণ কৰা হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ এক সূত্ৰে জানিব পৰা মতে, ইতিমধ্যেই গুলীচালনাৰ ঘটনাৰ স্থানত উপস্থিত হৈ সকলো দিশ তন্ন তন্ন কৈ পৰ্যবেক্ষণ কৰা হৈছে । পৰৱৰ্তী সময়ত অভিযুক্তৰ ভাষ্যৰ লগতে গ্ৰহণ কৰা হ’ব শুনানি ।

লগতে পঢ়ক:লাওখোৱাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ : শীঘ্ৰে আৰম্ভ হ’ব তদন্ত - Fisherman Shooting Case at Laokhowa

কোন কোন হ’ব দণ্ডাধীশৰ জেৰাৰ সন্মুখীন: লাওখোৱা অভয়াৰণ্যৰ বনকৰ্মীৰ গুলীচালনাৰ ঘটনাক লৈ সম্প্ৰতি অভিযুক্ত কৰা হৈছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াৰ লগতে লাওখোৱাৰ বন বিষয়া, বনকৰ্মীৰ দলক । ইতিমধ্যেই সংখ্যালঘু ছাত্ৰ সংগঠনে ডি এফ অ'সহ বন বিষয়া, কৰ্মীক অভিযুক্ত কৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰো । ইপিনে, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথৰ নেতৃত্বত আৰম্ভ কৰা তদন্ত প্ৰক্ৰিয়া অনুযায়ী অভিযুক্ত ডি এফ অ'সহ বনাঞ্চলিক বিষয়া, আৰু চৰাইহাগী বন শিবিৰৰ বনকৰ্মীক ঘটনা সন্দৰ্ভত চলোৱা হ’ব জেৰা । লগতে স্থানীয় আৰক্ষী আৰু চক্ৰ বিষয়াৰো ভাষ্য গ্ৰহণ কৰিব দণ্ডাধীশে । সোমবাৰে বন বিভাগৰ বিষয়া-কৰ্মীৰ লগতে আৰক্ষী চক্ৰ বিষয়াৰ ভাষ্য গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । চৰকাৰী বিষয়া কৰ্মীৰ ভাষ্য গ্ৰহণৰ পাছতেই স্থানীয় লোকৰ শুনানি গ্ৰহণ কৰিব ।

লাওখোৱা অভয়াৰণ্যৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পাচতেই নিহত দুই ভাতৃক খেতি পহৰা দিবলৈ যোৱাৰ সময়ত অভয়াৰণ্যৰ বাহিৰত বনকৰ্মীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অভয়াৰণ্যৰ বিলত চোৰাংকৈ মৎস্য চিকাৰৰ বাবে যোৱাৰ সময়ত বাধা প্ৰদান কৰা বনকৰ্মীক আক্ৰমণৰ চেষ্টা চলোৱাৰ বাবে নিজা সুৰক্ষাৰ বাবে গুলীচালনা কৰা বুলি দাবী কৰিছিল বন বিভাগ তথা চৰকাৰী পক্ষই । কিন্তু ঘটনাক লৈ আৰম্ভ হোৱা দণ্ডাধীশ পৰ্যায়ৰ তদন্তত প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.