ETV Bharat / state

বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিকভাৱে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলাইছে : জয়ন্ত মল্লবৰুৱা - Jayanta Mallabaruah

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 11:01 PM IST

Murder in Dudhnoi: গোৱালপাৰাৰ দুধনৈত চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়‌ খাখলাৰীৰ মাতৃ আৰু পৰিয়ালক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস ।

Jayanta Mallabaruah
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV BHARAT ASSAM)

গোৱালপাৰা, ২৯ জুন : গোৱালপাৰা জিলাৰ দুধনৈত দুমাহ পূৰ্বে সংঘটিত ধৰ্ষণকাণ্ড আৰু ধৰ্ষণকাণ্ডত জড়িত অভিযুক্তৰ আক্ৰমণত হত্যাৰ বলি হোৱা হিৰন্ময় খাখলাৰীৰ বাসগৃহত শনিবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হয় । তেওঁ নিহত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি এবছুৰ বিষয়ববীয়াৰ সৈতে দুধনৈৰ ভালাপাৰাৰ ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ দোষীক কঠোৰ শাস্তি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰি এনে বৰ্বৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে জনজাতি যুৱক এজনক বিশেষ সম্প্ৰদায়ৰ মানুহে নিজৰ গাঁৱৰ সমীপতে বৰ্বৰভাৱে হত্যা কৰা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতেই সমগ্ৰ অসমত খিলঞ্জীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে ৷ এনে ধৰণৰ ঘটনা কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্য় কৰি কয়," এনেধৰণৰ ঘটনাৰ ওপৰত চৰকাৰে দৃষ্টি ৰাখিছে ৷ ইয়াৰ বিহিত ব্যবস্থাও চৰকাৰে গ্ৰহণ কৰিব ৷ এনে ধৰণৰ ঘটনা ৰোধৰ বাবে খিলঞ্জীয়া ৰাইজে সচেতন হ'ব লাগিব । "

লগতে পঢ়ক:হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ - UG Brahma in Dudhnoi

মন্ত্ৰীগৰাকীয়ে প্ৰয়াত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে ধৰ্ষিতা যুৱতী দুগৰাকীৰ পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ উল্লেখ যে যোৱা ২৬ জুনতো মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উপস্থিত হৈছিল ।

লগতে পঢ়ক:হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাণ্ডৰ আন এক অভিযুক্তক গ্ৰেপ্তাৰ - Murder in Dudhnoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.