অসম

assam

অতুল বৰা হাতীৰ নে পদুমৰ !

By

Published : Apr 7, 2019, 9:38 AM IST

টীয়কত অনুষ্ঠিত নিৰ্বাচনী সভা খনত থকা অতুল বৰাৰ ফ্লেক্সত হাতীৰ পৰিৱৰ্তে দেখা গ'ল পদুমৰ চিহ্ন ৷ ইয়াকলৈ অগপ কৰ্মী সকলৰ মাজত দেখা গ'ল ব্যাপক প্ৰতিক্ৰিয়া ৷

অতুল বৰা হাতীৰ নে পদুমৰ !

টীয়ক, 7 এপ্ৰিল : শনিবাৰে টীয়কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা এখন নিৰ্বাচনী সভাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু এই দলটোৰ প্ৰতীক হাতী ৷ কিন্তু টীয়কত অনুষ্ঠিত নিৰ্বাচনী সভা খনত থকা অতুল বৰাৰ ফ্লেক্সত হাতীৰ পৰিৱৰ্তে দেখা গ'ল পদুমৰ চিহ্ন ৷

অতুল বৰা হাতীৰ নে পদুমৰ !

এই ঘটনাক কেন্দ্ৰ কৰি অগপ কৰ্মী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এয়া মিত্ৰতাৰ নামত আঞ্চলিক দলটোৰ সভাপতি গৰাকীৰ গেৰুৱা হোৱাৰ কুচ-কাৱাজ নেকি বুলি একাংশ অগপ কৰ্মীয়ে আলোচনা কৰা পৰিলক্ষিত হ'ল ৷ সভাপতি গৰাকীৰ এনে অৱস্থাই আঞ্চলিক দলটোৰ ভৱিষ্যৎ কোন দিশে গতি কৰিব সেয়া এতিয়া বৃহৎ সাঁথৰ ৷

ABOUT THE AUTHOR

...view details