ETV Bharat / health

দাড়ি থকা নে নথকা ? কোনগৰাকী পুৰুষৰ সৈতে আপোনাৰ সম্পৰ্ক হ’ব চিৰস্থায়ী - Best Partner For Relationship

author img

By ETV Bharat Health Team

Published : Jul 30, 2024, 12:07 PM IST

Best Man For Relationship: প্ৰেমৰ সম্পৰ্কত আমাৰ সংগী কেনেকুৱা হোৱা উচিত ? এই সন্দৰ্ভত প্ৰত্যেকৰে নিজস্ব ধাৰণা আছে । আচৰণৰ পৰা চেহেৰালৈকে সকলোৰে নিজৰ নিজৰ পচন্দ থাকে । উদাহৰণস্বৰূপে, কিছুমান মহিলাই দাড়ি আৰু গোঁফ থকা ল’ৰাক ভাল পোৱাৰ বিপৰীতে কিছুমানে পৰিষ্কাৰকৈ দাড়ি আৰু গোঁফ কটা ল’ৰাকহে ভালপায় । কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নৰ প্ৰকাশ পোৱা এই তথ্যৰ পিছত আপোনাৰ মতামত নিশ্চয় সলনি হ’ব পাৰে । কেনেকৈ জানো আহক-

Bearded or clean-shaven men, who is more stable in relationships? This study's revelation is interesting
দাড়ি থকা নে নথকা ? কোনগৰাকী পুৰুষৰ সৈতে আপোনাৰ সম্পৰ্ক হ’ব চিৰস্থায়ী (FREEPIK)

দাড়ি থকা বা নথকা, জীৱনসংগী হিচাপে আপুনি কেনে ধৰণৰ পুৰুষক পচন্দ কৰে ? যদি আপোনাৰ উত্তৰ দাড়ি থকা পুৰুষ তেন্তে আপুনি নিজৰ বাবে এজন ভাল সংগী বাছি লৈছে ৷ এয়া আমাৰ দাবী নহয় শেহতীয়াকৈ কৰা এক অধ্যয়নেহে এই তথ্য প্ৰকাশ ৷

অধ্যয়নৰ মতে, দাড়ি থকা পুৰুষসকল দাড়ি নথকা পুৰুষ সকলতকৈ প্ৰেমৰ সম্পৰ্কত অধিক সুস্থিৰ হোৱা দেখা যায় ৷ আৰ্কাইভছ অৱ চেক্সুৱেল বিহেভিয়াৰত প্ৰকাশিত এই অধ্যয়ন অনুসৰি দাড়ি থকা পুৰুষসকলে নতুন সংগী বিচাৰি ফুৰাতকৈ বৰ্তমানৰ সংগীৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক ৰক্ষা কৰিবলৈ অধিক আগ্ৰহী হোৱা দেখা যায় ৷ আনহাতে দাড়ি নথকা পুৰুষসকলৰ ক্ষেত্ৰত এনে হোৱা দেখা নাযায় ৷

Bearded or clean-shaven men, who is more stable in relationships? This study's revelation is interesting
কেনে পুৰুষৰ সৈতে আপোনাৰ সম্পৰ্ক হ’ব চিৰস্থায়ী (FREEPIK)

এই অধ্যয়নত ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ ৪১৪ জন পুৰুষে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ দাড়ি, চুলি গজোৱাৰ তেওঁলোকৰ প্ৰেৰণা বিশ্লেষণ কৰা হৈছিল ৷ ফলাফলত দেখা গৈছে যে যিসকল পুৰুষৰ দাড়ি বেছি আছিল তেওঁলোকে নতুন সংগীৰ সন্ধানত থকা বুলি কোৱাৰ সম্ভাৱনা কম আছিল ৷ বৰ্তমানৰ সংগী আৰু পৰিয়ালৰ ওপৰত অধিক মনোনিৱেশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে এনে পুৰুষসকলে ৷

সম্পৰ্কত অধিক বিনিয়োগ কৰে

অধ্যয়নৰ সহ-লেখক অধ্যাপক পিটাৰ জ’নাছনে ব্যাখ্যা কৰিছে যে যিসকল পুৰুষৰ মুখমণ্ডলত চুলি বেছি থাকে তেওঁলোকে ৰোমান্টিক আৰু পাৰিবাৰিক সম্পৰ্কত অধিক বিনিয়োগ কৰে ৷ নতুন সম্পৰ্কৰ সৈতে জড়িত হ’বলৈ তেওঁলোকে কোনো অজুহাত বিচাৰি নুফুৰে ৷ এনে পুৰুষে মাত্ৰ এগৰাকী সংগীৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ৷

১০০ শতাংশ সঁচা বুলি কোৱাটো ভুল

সঁচাকৈয়ে অধ্যয়নত দাড়ি থকা পুৰুষক সম্পৰ্কৰ প্ৰতি অধিক আগ্ৰহী হিচাপে চিনাক্ত কৰা হৈছে ৷ কিন্তু মন কৰিবলগীয়া যে, এই অধ্যয়নটোৱে কেৱল এটা ধাৰণাহে প্ৰতিফলিত কৰে আৰু সকলো দাড়ি থকা পুৰুষৰ বাবে ই সঁচা নহ’বও পাৰে ৷ ইয়াৰ উপৰিও এজন ভাল সংগীৰ গুণত আন বহুতো কাৰক অন্তৰ্ভুক্ত কৰা হয় ৷

লগতে পঢ়ক: আপোনাৰ সংগীয়ে আপোনাৰ সৈতে বিয়া হ’ব বিচাৰে নে নাই কেনেকৈ জানিব ? - Relationship Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.