ETV Bharat / state

ভাৰতত ৰোহিংগীয়াৰ অনুপ্ৰৱেশ এক উদ্বেগৰ বিষয় : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 10:43 PM IST

Himanta Biswa Sarma statements : চিকিৎসাৰ মাচুল বৃদ্ধি হ’লেও সাধাৰণ লোকসকল সমস্যাত নপৰে ৷ ৰোহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশৰ ক্ষেত্ৰত পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ চৰকাৰ নীৰৱে আছে । আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

Himanta Biswa Sarma statements
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩১ জুলাই : ‘‘ৰোহিংগীয়াৰ অনুপ্ৰৱেশ ভাৰতৰ বাবে গভীৰ সমস্যাৰ বিষয় । ৰাজ্যসমূহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই অনুপ্ৰৱেশ বন্ধ হ’ব । কিন্তু পশ্চিমবংগ আৰু ঝাৰখণ্ডে নীৰৱতা অৱলম্বন কৰিছে ৷’’- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এইদৰে কয় ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ ভাৰতত ৰোহিংগীয়া মুছলমানৰ অনুপ্ৰৱেশ হৈ আছে । অসম আৰু ত্ৰিপুৰাই একশ্যন লৈছে যদিও পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ চৰকাৰ নীৰৱে আছে । কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে আশ্ৰয় দিয়াৰ কথা কৈছে । এগৰাকী মুখ্যমন্ত্ৰীৰ এনে বক্তব্যই তেওঁলোকক উৎসাহিত কৰিব । ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ পৰিণাম দেশে ভুগিব লাগিব ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ অসমত অনুপ্ৰৱেশ কৰিব নোৱৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । সীমান্ত বন্ধ হৈ আছে । কিন্তু পশ্চিমবংগত সীমান্ত উন্মুক্ত হৈ আছে । ত্ৰিপুৰাত বহু ৰোহিংগীয়‍া ধৰা হৈছে । ৰোহিংগীয়াৰ অনুপ্ৰৱেশ এটা ছিৰিয়াছ বিষয় । এইক্ষেত্ৰত অসম সজাগ । সজাগ নোহোৱা বাবে কেবাখনো ৰাজ্যই আজি ভুগিবলগীয়া হৈছে ।’’

মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২০১৪ৰ ভোটাৰ তালিকা আৰু ২০২৪ৰ ভোটাৰ তালিকা চালেই জনসংখ্যা কথাটো স্পষ্ট হৈ পৰে ।’’

মেঘালয়ত অসমৰ টেক্সি প্ৰৱেশত বাধা দিয়াৰ প্ৰসংগ :

অসমৰ টেক্সি মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত দিয়া বাধাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা চলি আছে । শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হ’ব । বেছি হুলস্থূল কৰিলে পৰিস্থিতি অধিক বেয়া হয় । কিছুমান কাম নীৰৱে কৰিব লাগে । চৰকাৰেও নীৰৱে কাম কৰি আছে ।’’

লাভলীনাই সোণৰ পদক লৈ আহিব বুলি আশাবাদী মুখ্যমন্ত্ৰী :

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা লাভলীনা বৰগোহাঁইৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ লাভলীনাই এইবাৰ সোণৰ পদক লাভ কৰিব । অলিম্পিকত লাভলীনাৰ প্ৰদৰ্শনক লৈ আমি আশাবাদী । এইবাৰ লাভলীনাই গ'ল্ড লৈ আহিব ।’’

চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত :

চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ মাচুল বৃদ্ধি হ’লেও চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে যোৱা সাধাৰণ লোকসকল সমস্যাত নপৰে । আয়ুষ্মান কাৰ্ড থকাসকলে মাচুল বৃদ্ধি হ’লেও পকেটৰ পৰা পইচা দিব নালাগে । দৰিদ্ৰজনে আগৰে পৰাই আয়ুষ্মান কাৰ্ডৰ যোগেদি চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ সেৱা লাভ কৰে । বিগত পাঁচ বছৰ ধৰি মাচুল বৃদ্ধি কৰা হোৱা নাই । মেডিকেল কলেজসমূহো চলিব লাগিব । কিছু মাচুল বৃদ্ধি হ’লে টকা থকাসকলে দিব পাৰিব । বাকী দৰিদ্ৰসকলে আয়ুষ্মান কাৰ্ডৰ যোগেদি সকলো সুবিধা পাবই । বি পি এল কাৰ্ড থকাসকলৰ বাবে অ'পিডিৰ সকলো সেৱা বিনামূলীয়া । ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জটিল ৰোগৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ডৰ সুবিধা ল'ব লাগিব । সাধাৰণ ৰোগৰ ক্ষেত্ৰত নাপাব । চৰকাৰী চিকিৎসালয়ত থকা সুবিধাসমূহ চৰকাৰী চিকিৎসালয়তে ল’ব লাগিব । মেডিকেল কলেজসমূহত ৰোগীক প্ৰাইভেটলৈ নিয়াৰ বাবে দালাল থাকে । আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ হ’লে এই দালাল নোহোৱা হ’ব ।’’

লগতে পঢ়ক : নাম সলনি হ’ব আৰু এটা বিমান বন্দৰৰ : কেবিনেটে জনালে অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.