ETV Bharat / bharat

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ দেহাৱসান - Anshuman Gaekwad

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:34 AM IST

Anshuman Gaekwad Passed Away : দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ব্যাধিৰ সৈতে যুঁজি আছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাড় । অৱশেষত বুধবাৰে তেওঁ নিয়তিৰ ওচৰত হাৰ মানে । ৭১ বছৰ বয়সত তেওঁ জীৱন নাটৰ সামৰণি মাৰে ।

Anshuman Gaekwad Passed Away
অংশুমান গায়কোৱাড়ৰ দেহাৱসান (IANS Photo)

নিউজ ডেস্ক, ১ আগষ্ট : ৰক্তৰ কৰ্কট ৰোগৰ সৈতে যুঁজি থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ বুধবাৰে নিশা মৃত্যু হয় । কিংবদন্তী খেলুৱৈগৰাকীয়ে দুৰাৰোগ্য ব্যাধিৰ সৈতে যুঁজি আছিল । অৱশেষত এই যুঁজত পৰাস্ত হৈ মৃত্যুৰ শীতল কোলাত শুই পৰে । ৭১ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

বৰোদা ক্ৰিকেট এছ'চিয়েচনৰ (বি চি এ) এগৰাকী জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক জনোৱা অনুসৰি, "অংশুমান গায়কোৱাড়ৰ বুধবাৰে নিশা প্ৰায় ১০ বজাত মৃত্যু হয় । বৃহস্পতিবাৰে পুৱা তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব ।"

গায়কোৱাড়ৰ ক্ৰিকেট কেৰিয়াৰ

প্ৰয়াত দত্তজীৰাও গায়কোৱাড়ৰ পুত্ৰ অংশুমান গায়কোৱাড়ে ভাৰতৰ হৈ ৪০ খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল । তেওঁ টেষ্টত ১,৯৮৫ ৰাণ সংগ্ৰহ কৰিছিল । আনহাতে, তেওঁ ভাৰতীয় দলৰ জাৰ্চীত 15 খন আন্তৰাষ্ট্ৰীয় এদিনীয়াত খেলি 269 ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ উপৰি তেওঁ 269 খন প্ৰথম শ্ৰেণীৰ মেচত 12,136 ৰাণ সংগ্ৰহ কৰিছিল । ইয়াত তেওঁৰ সৰ্বোচ্চ স্ক'ৰ আছিল 225 ৰাণ । টেষ্ট মেচত গায়কোৱাড়ৰ সৰ্বোচ্চ স্ক'ৰ আছিল ২০১ ৰাণ ।

ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল

গায়কোৱাড়ে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰতৰ তাৰকা স্পিনাৰ অনিল কুম্বলেয়ে নতুন দিল্লীত পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংছত 10 টা উইকেট দখল কৰাৰ সময়ত গায়কোৱাড় ড্ৰেছিং ৰুমত আছিল । প্ৰাক্তন বেটছমেনগৰাকীয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱ আৰু প্ৰাক্তন মহিলা ক্ৰিকেটাৰ শান্তা ৰংগাস্বামীৰ সৈতে ক্ৰিকেট উপদেষ্টা সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

কপিল দেৱে কৰিছিল সহায়ৰ আবেদন

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱকে ধৰি তেওঁৰ প্ৰাক্তন সতীৰ্থসকলে তেওঁক আৰ্থিক সাহায্য দিবৰ বাবে বোৰ্ডৰ ওচৰত আবেদন জনাইছিল । এই আবেদনৰ পিচত বি চি চি আয়ে ১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল । অংশুমান গায়কোৱাড়ৰ মৃত্যুত ভাৰতৰ প্ৰাক্তন তথা বৰ্তমানৰ ক্ৰিকেটাৰসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ক্ৰিকেট জগতকে ধৰি ৰাজনৈতিক নেতাসকলৰ অংশুমান গায়কোৱাড়লৈ শ্ৰদ্ধাঞ্জলি

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স একাউণ্টৰ এটা পোষ্টত লিখিছে, "ক্ৰিকেটলৈ আগবঢ়োৱা অদানৰ বাবে অংশুমান গায়কোৱাড় স্মৰণীয় হৈ থাকিব । তেওঁ এগৰাকী প্ৰতিভাশালী খেলুৱৈ আৰু এগৰাকী মহান প্ৰশিক্ষক আছিল । তেওঁৰ মৃত্যুত মই গভীৰভাৱে দুখিত । তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা । ওম শান্তি ।"
  • বি চি চি আইৰ সচিব জয় শ্বাহে লিখিছে, "অংশুমান গায়কোৱাড়ৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ মোৰ গভীৰ সমবেদনা । এইটো সমগ্ৰ ক্ৰিকেট জগতৰ বাবে এটা দুখজনক ঘটনা । ভগৱানে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক ।"
  • টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে টুইট কৰি কয়, "অংশুমান গায়কোৱাড়ৰ মৃত্যুৰ খবৰ শুনি দুখ পাইছোঁ । ভগৱানে তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনক শক্তি দিয়ক ।"
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয়, "অংশুমান গায়কোৱাড়ৰ মৃত্যুত বৰ দুখ পাইছোঁ । তেওঁ এগৰাকী মহান ক্ৰিকেটাৰ আছিল । তেওঁৰ ক্ৰিকেট দক্ষতাই ভাৰতীয় ক্ৰিকেটৰ গৌৰৱ বৃদ্ধি কৰিছিল । এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা । ওম শান্তি ।"
  • প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ সাংসদ ইউছুফ পাঠানে লিখিছে, "অংশুমান গায়কোৱাড়ৰ পৰিয়াল তথা প্ৰিয়জনৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ । ভাৰতীয় ক্ৰিকেটত তেওঁৰ অৱদান অতুলনীয় । ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক ।"
লগতে পঢ়ক :টি-২০ শৃংখলাত হোৱাইট ৱাশ্ব শ্ৰীলংকা; ৩-০ ব্যৱধানত শৃংখলা দখল ভাৰতৰ - IND vs SL T20I series 2024
লগতে পঢ়ক :ভাৰতক 8 উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপ 2024ৰ খিতাপ দখল শ্ৰীলংকাৰ - Womens Asia Cup 2024 final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.