ETV Bharat / state

চৰকাৰী তথ্যই উদঙাইছে ৰাজ্যৰ ফোপোলা স্বৰূপ: জাৱৰ নিষ্কাশনত ব্যৰ্থতা প্ৰদৰ্শন অসমৰ - SBM Urban

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:41 AM IST

SBM Urban 2.0 : স্বচ্ছ ভাৰত মিছন (নগৰ), জাৱৰ নিষ্কাশনত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে অসমে ৷ চৰকাৰী তথ্য মতে, ১০৫ খন পৌৰসভাৰ মাত্ৰ ১৮ খনতহে ৰূপায়ণ হৈছে প্ৰকল্পৰ কাম ৷

SBM Urban 2.0
জাৱৰ নিষ্কাশনৰ প্ৰকল্প (ETV Bharat)

গুৱাহাটী, ৩১ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত এন ডি এ চৰকাৰ গঠন‌ হোৱাৰ পিছত ২০১৪ চনত দেশত স্বচ্ছ ভাৰত মিছন (নগৰ) আৰম্ভ কৰা হৈছিল । স্বচ্ছ ভাৰত মিছন (নগৰ) চমুকৈ SBM (Swachh Bharat Mission), কঠিন আৱৰ্জনা ব্যৱস্থাপনা চমুকৈ SWM (Solid Waste Management) এ ২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত পৰিষ্কাৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।

SBM-U ৰ গুৰুত্ব :

নগৰ অঞ্চলত, এছবিএম (SBM)এ ব্যক্তিগত শৌচাগাৰ, সামূহিক শৌচাগাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছিল । SWM, এছ বি এম-ইউৰ প্ৰথম দুবছৰত আৱৰ্জনাৰ বৈজ্ঞানিক প্ৰক্ৰিয়াকৰণৰ সুবিধাৰ বাবে প্ৰয়োজনীয় নিয়ন্ত্ৰক আৰু নীতিগত পৰিৱৰ্তন অনাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ।

এই অভিযানে নাগৰিকসকলৰ মাজত আচৰণ পৰিৱৰ্তন অনা আৰু উৎসত আৱৰ্জনা পৃথক কৰিবলৈ উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । এছ বি এমে ঘৰ আৰু বাণিজ্যিক স্থানৰ পৰা পৃথক কৰা আৱৰ্জনা সংগ্ৰহৰ ওপৰত বেছি গুৰুত্ব দিছিল ।

SBM-U ৰ জাৱৰ নিষ্কাশন প্ৰকল্পৰ পৰিকল্পনা :

অসমত স্বচ্ছ ভাৰত মিছন (নগৰ) চমুকৈ SBM-U এ আৱৰ্জনা নিষ্কাশন কৰাৰ ক্ষেত্ৰত নগৰীয়া অঞ্চলত সফল‌ হ'ব পৰা নাই । চৰকাৰী তথ্য মতে, অসমত নগৰ অঞ্চলত ঘৰ আৰু বাণিজ্যিক স্থানৰ পৰা পৃথক কৰা আৱৰ্জনা সংগ্ৰহ কৰা আৰু নিৰ্দিষ্ট স্থানত বিজ্ঞানসন্মতভাৱে আৱৰ্জনা নিষ্কাশন কৰাত ব্যৰ্থ হৈছে ।

SBM Urban 2.0
জাৱৰ নিষ্কাশনৰ চৰকাৰী তথ্য (Assam Govt page)

চৰকাৰী তথ্য মতে, অসমৰ নগৰ অঞ্চলত দৈনিক উৎপাদন হোৱা ৯৬.৫ শতাংশ জাৱৰ নিষ্কাশন কৰা নহয় । মাত্ৰ ৩.৫ শতাংশ জাৱৰহে দৈনিক নিষ্কাশন কৰা হয় । তথ্য মতে, অসমত ৩৩ খন জিলাৰ ১০৫ খন পৌৰসভা আছে । ইয়াৰে ৮০ খন‌ পৌৰসভাতহে অসম চৰকাৰে জাৱৰ নিষ্কাশন প্ৰকল্পৰ পৰিকল্পনা গ্ৰহণ কৰিছে । বাকী ২৫ খন‌ পৌৰ নিগম প্ৰকল্পৰ পৰিকল্পনাৰ বাহিৰত আছে ।

লগতে পঢ়ক : কাজিৰঙাৰ জীৱকুল ৰক্ষা-পৰিৱেশ নিকাকৰণৰ নীৰৱ আন্দোলন দুই যুৱকৰ - A silent movement against plastic

জাৱৰ নিষ্কাশনৰ বিস্তৃত প্ৰকল্প :

অসম চৰকাৰে জাৱৰ নিষ্কাশন প্ৰকল্পৰ পৰিকল্পনা গ্ৰহণ কৰা ৮০ খন‌ পৌৰসভাৰ ভিতৰত ৩২ খন পৌৰসভাত জাৱৰ নিষ্কাশনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামে সম্পূৰ্ণ হোৱা নাই । আকৌ বাকী ৪৮ খনত বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে যদিও ৯ খন পৌৰসভাত মাটিৰ অভাৱৰ বাবে প্ৰকল্প আৰম্ভ ‌কৰিব পৰা নাই ।‌

SBM Urban 2.0
জাৱৰ নিষ্কাশনত ব্যৰ্থতা প্ৰদৰ্শন অসমৰ (Assam Govt page)

বাকী ২১ খন‌ পৌৰসভা বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত আৰু মাটি আৱন্টন হৈছে যদিও কাম আৰম্ভ হোৱা নাই । মাত্ৰ ১৮ খন জিলাতহে এই প্ৰকল্প আৰম্ভ হৈছে ।

অসমত জাৱৰ নিষ্কাশন প্ৰকল্পৰ ৰূপায়ণৰ কাম :

চৰকাৰী তথ্য মতে, কাম আৰম্ভ ‌হোৱা পৌৰসভাকেইখনৰ ভিতৰত কাম সম্পূৰ্ণ ‌হৈছে-

  • নলবাৰী পৌৰসভাত ৯০ শতাংশ
  • উত্তৰ লখিমপুৰ পৌৰসভাত ৭০ শতাংশ
  • চাপৰ পৌৰসভাত ৫০ শতাংশ
  • চিলাপথাৰ, বৰপেটা ৰোডত পৌৰসভাত ৪০ শতাংশ
  • কোকৰাঝাৰ, বৰপথাৰ, সৰুপথাৰ পৌৰসভাত ৩০ শতাংশ
  • মাৰ্ঘেৰিটা, উত্তৰ গুৱাহাটী পৌৰসভাত ২০ শতাংশ
  • ঢেকিয়াজুলি, দমদমা, খাৰুপেটীয়া, মঙলদৈ, গোলাঘাট, পৌৰসভাত ১০ শতাংশ
  • নগাঁও, তেজপুৰ পৌৰসভাত ৫ শতাংশ
  • বোকাঘাট পৌৰ‌সভা ২ শতাংশ ৷

এনেদৰে চলিছে অসমত জাৱৰ নিষ্কাশন প্ৰকল্পৰ ৰূপায়ণৰ কাম ।

লগতে পঢ়ক : অসাৰ স্বচ্ছ ভাৰত অভিযান; আয়ুক্তৰ কাৰ্যালয়তে কদৰ্য ৰূপ - Swachh Bharat Mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.