ETV Bharat / state

সঘন লোডশ্বেডিঙত অতিষ্ঠ জনতা; গড়ে ২৩ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী মুখ্যমন্ত্ৰীৰ - APDCL

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:51 AM IST

Assam CM on Power Supply : মুখ্যমন্ত্ৰীয়ে কয় দিনে ২৩ ঘণ্টা বিদ্যুতৰ যোগান ধৰা হৈছে । আনহাতে, সাধাৰণ জনতাই কয় তেওঁলোকে গ্ৰামাঞ্চলত ৫-৬ ঘণ্টাহে বিদ্যুৎ যোগান পায় । এতিয়া কোন সঁচা, কোন মিছা ? বুধবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শক্তি খণ্ডৰ ওপৰত দিয়া সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ এতিয়া চৰকাৰ আৰু জনতাৰ বিপৰীত ভাষ্য দেখিবলৈ পোৱা গৈছে ।

Assam CM on Power Supply
সঘন লোডশ্বেডিঙত অতিষ্ঠ জনতা (ETV Bharat Assam)

গুৱাহাটী, ৩১ জুল‍াই : ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই, এই উৎকট গৰমত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে সঘনাই লোডশ্বেডিং কৰা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ যোৱাৰ বিপৰীতে মাজে সময়েহে আহে । এনে পৰিস্থিতিৰ বাবে বিভিন্ন ঠাইত আনকি ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও বাধ্য হৈছে । কিন্তু ৰাজ্যখনৰ এনে পৰিস্থিতিৰ বিপৰীতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মতে গড়ে ২৩ ঘণ্টাকৈ বিদ্যুৎ যোগান ধৰা হৈছে ।

বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শক্তি খণ্ড শক্তিশালী হোৱাৰ কথা উল্লেখ কৰি দৈনিক গড়ে ২৩ ঘণ্টাই বিদ্যুৎ যোগান ধৰা বুলি কয় । কিন্তু মুখ্যমন্ত্রীৰ এই বক্তব্যৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । সামাজিক মাধ্যমতে বহুজনে মুখ্যমন্ত্রীক উভতি ধৰি বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে শক্তি খণ্ডক শক্তি প্ৰদান কৰাৰ প্ৰসংগ উল্লেখ কৰি কয়, "গড়ে ২৩ ঘণ্টা বিদ্যুৎ যোগান ধৰা হৈছে । টি এণ্ড চি লোকচানৰ পৰিমাণ ১৫ শতাংশলৈ হ্ৰাস হৈছে । সংগ্ৰহৰ ক্ষেত্রত ১০০ শতাংশ দক্ষতা । ২৩ লাখ স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে । সচিবালয়ত ২.৫ মেগাৱাট সৌৰশক্তি প্ৰযোজ্য কৰা হৈছে, যিটো ভাৰতৰ প্ৰথম সেউজ সচিবালয় । চৰকাৰী কাৰ্যালয়ত স্বয়ংক্ৰিয় সংযোগ বিচ্ছিন্ন ব্যৱস্থা কৰা হৈছে । সঞ্চয় হৈছে ৫০ কোটি টকা ।"

আনহাতে, মুখ্যমন্ত্রীৰ সামাজিক মাধ্যমৰ এই পোষ্টটোৱে স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কাৰণ এই অসহনীয় গৰমত সঘন লোডশ্বেডিঙে সাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে । এফালে প্ৰখৰ ৰ'দে উত্তাপ বৃদ্ধি কৰিছে আৰু আনফালে সঘনাই বিদ্যুৎ কৰ্তন কৰা হৈছে । এক কথাত জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্রীয়ে শক্তি খণ্ডৰ উত্তৰণৰ কথা কৈ গড়ে ২৩ ঘণ্টাই বিদ্যুৎ যোগান ধৰা বুলি কোৱাত স্বাভাৱিকতে বহুতে ক্ষোভিত হৈ পৰিছে । যাৰ বাবে বিভিন্নজনে মুখ্যমন্ত্রীক সমালোচনাৰে থকা-সৰকা কৰিছে ।

বহুতেই কৈছে যে মুখ্যমন্ত্রীক ভুল তথ্য দিয়া হৈছে । বহু ঠাইত দৈনিক গড়ে ৩-৪ ঘণ্টা বিদ্যুৎ সেৱা লাভ কৰাৰ কথা বহুতে সদৰী কৰিছে । উল্লেখ্য যে এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ সঘন লুকাভাকু । এই বিষয়টো নতুন নহয় । চাহিদা অনুপাতে বিদ্যুতৰ যোগান ধৰিব নোৱাৰি এ পি ডি চি এলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰি অহাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে । গ্রামাঞ্চলৰ কথা বাদেই, ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতে বিগত কিছুদিন ধৰি অব্যাহত আছে সঘন লোডশ্বেডিং । ঘণ্টাৰ পাছত ঘণ্টা ধৰি মহানগৰীৰ প্ৰান্তে প্রান্তে কৰ্তন কৰা হৈছে বিদ্যুৎ ।

আনহাতে, গ্ৰামাঞ্চলৰ কথা কৈ লাভে নাই । গ্ৰামাঞ্চলত বৰ্তমান সময়ত মাজে সময়েহে বিদ্যুৎ আহে । গড় হিচাপত প্ৰতিদিনে গ্ৰামাঞ্চলৰ বিভিন্ন অঞ্চলত সৰ্বাধিক পাঁচ ঘণ্টাহে বিদ্যুৎ যোগান ধৰিব পাৰিছে এ পি ডি চি এলে । এটা কথা স্পষ্ট যে ৰাজ্যত চাহিদা অনুপাতে বিদ্যুতৰ উৎপাদন তেনেই নগন্য । অলপতে জনতা ভৱনৰ এক অনুষ্ঠানত খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰিছে । কিন্তু তথাপিও বিদ্যুৎ সংকটৰ বিষয়টোক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব বিচাৰে এ পি ডি চি এলে ।

মুখ্যমন্ত্রীয়ে দিয়া তথ্য অনুসৰিয়েই অসমত পিক আৱাৰত ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে উৎপাদন হয় মাত্র ৪২০ মেগাৱাট । যাৰ বাবে মুখ্যমন্ত্রীয়ে সৌৰশক্তি প্ৰকল্পৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । তথ্য অনুসৰি, অসমত বিদ্যুতৰ ৬০ লাখ উপভোক্তা আছে । বৰ্তমান সময়ত পিক আৱাৰত প্ৰতি ইউনিট বিদ্যুৎ ১০ টকাত ক্ৰয় কৰা হয় আৰু উপভোক্তাক ৫.৮৫ টকাত দিয়া হয় । এই লোকচান ৰাজ্য চৰকাৰে বহন কৰিব লাগে বুলিও মুখ্যমন্ত্রীয়ে সদৰী কৰিছিল ।

উল্লেখ্য যে এ পি ডি চি এলে নিজস্বভাৱে উৎপাদন কৰে মাত্র ৪২০ মেগাৱাট । বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি চাহিদা পূৰণ কৰি আহিছে এ পি ডি চি এলে । কিন্তু তাৰ পাচতো মুখ্যমন্ত্রীয়ে গড়ে ২৩ ঘণ্টাই বিদ্যুতৰ যোগান ধৰা বুলি উল্লেখ কৰা বিষয়টো বিশেষভাৱে লক্ষণীয় ।

লগতে পঢ়ক :চিকিৎসাৰ মাচুল বৃদ্ধি হ’লেও সাধাৰণ লোকসকল সমস্যাত নপৰে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma
লগতে পঢ়ক :জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলনত কি আলোচনা হ'ল, কি নিৰ্দেশ দিয়া হ'ল : ক'লে মুখ্যমন্ত্রীয়ে - Assam cabinet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.