অসম

assam

'কা'ৰ জৰিয়তে অসমলৈ কোনো নতুন মানুহ নাহে: বিমল বৰা

By

Published : May 29, 2021, 10:07 PM IST

Updated : May 29, 2021, 10:16 PM IST

নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ ইয়াৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ নিদিয়াৰ হুংকাৰ ৰাজ্যৰ জাতীয় সংগঠনৰ ৷ ইয়াৰ মাজতে 'কা'ৰ জৰিয়তে নতুনকৈ অসমলৈ কোনো লোক নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী বিমল বৰাৰ ৷

minister-bimal-borah-byte-on-caa
নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত কোনো নতুন মানুহ নাহে:মন্ত্ৰী বিমল বৰা

মৰাণ, 29 মে':কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা লগে লগেই অসমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ দিয়া নহ'ব বুলি ৰাজ্যৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বই ইতিমধ্যে মত প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই তৎপৰতাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচতে সাংস্কৃতিক, ক্ৰীড়া আৰু শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত কোনো নতুন মানুহ নাহে:মন্ত্ৰী বিমল বৰা

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দেশত 'কা'ৰ জৰিয়তে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে আবেদন আহ্বান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব আইন আগতেও সংশোধন হৈছিল এতিয়াও হৈছে বুলি মন্তব্য কৰে ৷ এইয়া এখন আইন আৰু আইনৰ নীতি নিয়মৰ মাজেৰে সকলো হ'ব বুলি মন্তব্য কৰাৰ লগতে এই আইনৰ জৰিয়তে অসমলৈ নতুনকৈ কোনো লোক নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ

Last Updated : May 29, 2021, 10:16 PM IST

ABOUT THE AUTHOR

...view details