অসম

assam

ETV Bharat / snippets

পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে দুই যুৱকে

By ETV Bharat Assamese Team

Published : Oct 8, 2024, 10:57 PM IST

ROAD ACCIDENT
ROAD ACCIDENT AT SARUPATHAR (ETV Bharat)

সৰুপথাৰ, 8 অক্টোবৰ:সৰুপথাৰৰ ইকৰাণি-বৰপথাৰ পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু স্কুটীৰ সংঘৰ্ষত থিতাতে নিহত দুই স্কুটী আৰোহী । নিহত যুৱক দুজনৰ এজন পূব নাওজানৰ মিলন নাগবংশী আৰু আনজন জামুগুৰিৰ পল ভূঞা বুলি জানিব পৰা গৈছে । স্কুটীখনৰ নম্বৰ AS 05 L 9017 । দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও কিছু দূৰত আবদ্ধ কৰা বুলি জানিব পৰা গৈছে । নিহত দুয়োৰে মৃতদেহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । লগতে সৰুপথাৰ উপজিলাৰ অতিৰিক্ত আয়ুক্ত, চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লৈছে ।

ABOUT THE AUTHOR

...view details