চপাইদাঙত ৫০ বছৰীয়া লক্ষ্মী পূজা: ১৮ অক্টোবৰত গীত গাব জুবিন গাৰ্গে - LAKSHMI PUJA 2024
🎬 Watch Now: Feature Video


Published : Oct 16, 2024, 11:00 PM IST
গুৱাহাটী,১৬অক্টোবৰ: ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্রী দেৱী মা লক্ষ্মীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশে । লক্ষ্মী দেৱীক পূজা অৰ্চনা কৰাৰ বাবে গুৱাহাটীৰ লক্ষ্মী মন্দিৰসমূহতো ভিৰ বাঢ়িছে ভক্তৰ । মহানগৰীৰ বোন্দাৰ সমীপৰ চপাইদাং সাৰ্বজনীন লক্ষ্মী পূজা সমিতিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা অঞ্চলটোৰ ৫০জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় ।
তাৰ পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা নৃত্য-গীতেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সন্ধিয়াৰ ভাগত পূজা আৰু নাম প্ৰসংগ অনুষ্ঠিত হয় । বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত চপাইদাং সাৰ্বজনীন লক্ষ্মী পূজা উদযাপন সমিতিৰ মুখপাত্ৰ 'প্ৰতিমা' উন্মোচন কৰে সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই । অন্তিম দিনা অৰ্থাৎ ১৮ অক্টোবৰৰ নিশা জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিব এই পূজাৰ অনুষ্ঠানত ।