ETV Bharat / snippets

পুৱাতেই ৰাজ্যত ৪.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 10:40 AM IST

EARTHQUAKE IN ASSAM
EARTHQUAKE JOLTS ASSAM (FILE PHOTO)

তেজপুৰ, ১৩ অক্টোবৰ: ৰাজ্যত পুৱাতেই ভূমিকম্পৰ জোকাৰণি । পুৱা প্ৰায় ৭.৪৭ বজাত এক ভূঁইকপৰ জোকাৰণি অনুভূত হয় । এই ভূঁইকপৰ উৎপত্তি স্থল অসমৰ ওদালগুৰি বুলি জানিবলৈ দিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৪.২ । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷

ভূমিকম্পৰ উৎপত্তি অৰুণাচল প্ৰদেশৰ পৰা কিছু নিলগত প্ৰায় ১৫ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে পশ্চিম অৰুণাচল প্ৰদেশৰ বিচ্ছুম অঞ্চলত নিশা ১২.৩৯ বজাত ৩.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ইয়াৰ গভীৰতা সাগৰ পৃষ্ঠাৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ । আনহাতে শনিবাৰেও দিনৰ ১২.০৪ বজাত ২.৬ প্ৰাবল্যৰ জোকাৰণি অনুভূত হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.