ETV Bharat / lifestyle

কাতি বিহুত ঘৰতে প্ৰস্তুত কৰক এই কেইবিধ পৰম্পৰাগত অসমীয়া খাদ্য

আজি কাতি বিহু ৷ আজি তুলসী তলৰ চাকিৰ লগতে আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ ৷ সেয়ে এই উপলক্ষে ঘৰতে তৈয়াৰ কৰক এইসমূহ জলপান-

author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

5 traditional foods prepared on Kati Bihu
কাতি বিহুত ঘৰতে প্ৰস্তুত কৰক এই ৫বিধ পৰম্পৰাগত অসমীয়া খাদ্য (ETV Bharat)

‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে ।’’ কাতি বিহু অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বুলি ক’লেও ভুল কোৱা নহ’ব চাগৈ । আহিনৰ শেষৰ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু বিভিন্ন লোকাচাৰ ।

অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । কৃষিজীৱী অসমীয়াই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই প্ৰবল উছাহেৰে অতীজৰে পৰা পালন কৰি আহিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে । যদিও কাতি বিহু ৰঙালী আৰু ভোগালীৰ দৰে উলহ-মালহেৰে পালন কৰা নহয় তৎস্বত্বেও তুলসীৰ তলত এগছি চাকি জ্বলাই আকালৰ দিন শেষ হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷

5 traditional foods prepared on Kati Bihu 2024
কাতি বিহু 2024 (ETV Bharat)

এই বিহুৰ উদযাপন যথেষ্ট সামান্য হ’লেও কঙালী বিহুৰ সময়ত কিছুমান পৰম্পৰাগত খাদ্য সামগ্ৰীও তৈয়াৰ কৰা হয় । এই ব্যঞ্জনবোৰ সাধাৰণ হ’লেও, অভাৱৰ সময়ত পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ অসমীয়া মানুহে ঘৰে ঘৰে তৈয়াৰ কৰে ৷ সেয়ে কাতি বিহু উপলক্ষে আজি এনে কেইবিধমান অসমীয়া ব্যঞ্জনৰ বিষয়ে জানো আহক-

চুঙা পিঠা

এই চাউলৰ পিঠা এটা ফুটা বাঁহৰ নলীত পিঠাগুড়ি ভৰাই মুকলি জুইত পুৰি প্ৰস্তুত কৰা হয় । এই ৰন্ধা পদ্ধতিয়ে এই পিঠা খাবলৈ অতি সোৱাদযুক্ত হোৱাৰ লগতে আলহীকো আপুনি সন্ধিয়া চাহৰ সৈতে পৰিবেশন কৰিব পাৰে । ইচ্ছা কৰিলে এই পিঠাৰ সৈতে অকণমান দৈ বা ক্ৰীম, গুড়, নাৰিকল দিও খাব পাৰে ৷

টেকেলী পিঠা

কেটলিৰ মুখত কাপোৰ এখন ৰাখি তাত পিঠাগুড়ি, গুড়, নাৰিকল দি এই পিঠা প্ৰস্তুত কৰা হয় হয় ৷ কাতি বিহুত খাবৰ বাবে এই পিঠা আপোনাৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷

বৰা চাউল, গুড়, দৈ

বৰা চাউল আঠাযুক্ত হোৱাৰ বাবে ই খাবলৈ অতি সোৱাদযুক্ত হয় ৷ লগত অকণমান দৈ বা ক্ৰীম, গুড়ে ইয়াৰ সোৱাদ তিনিগুণ বঢ়াই তোলে ৷ সেয়ে কাতি বিহুৰ দিনা আপুনিও আপোনাৰ পৰিয়ালৰ সৈতে সন্ধিয়া এই জলপান উপভোগ কৰিব পাৰে ৷

পায়স

কাতি বিহুৰ সন্ধিয়া ভোগৰ বাবে আপুনি ঘৰতে জহা চাউলৰ পায়স তৈয়াৰ কৰিব পাৰে ৷ ই খাবলৈ অতি সোৱাদযুক্ত হোৱাৰ লগতে ঘৰত ইয়াক তৈয়াৰ কৰাও অতি সহজ ৷

লগতে পঢ়ক: Kati Bihu 2023: আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু; জানো আহক এই উৎসৱৰ সৈতে জড়িত কিছু বিশেষ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.