বিশ্বনাথ, ৩১ মে':উত্তৰ অসমৰ বিশ্বনাথ, গহপুৰ, চতিয়া আদি অঞ্চলসমূহ এতিয়া অবৈধ অৰুণাচলী সুৰাৰ ঘাটিলৈ পৰিণত হৈছে । বিশেষকৈ বিশ্বনাথৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ বালিচাং, হলঙি আদি অঞ্চলৰ পৰা দৈনিক অবৈধ সুৰা অসমৰ বিভিন্ন ঠাইলৈ, বিশেষকৈ বিশ্বনাথৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে ৷
বিহালীত জব্দ কৃত অৰুণাচলী সুৰা নষ্ট
বিহালীত জব্দকৃত অৰুণাচলী সুৰা নষ্ট (ETV Bharat Assam)
Published : May 31, 2024, 6:45 AM IST
এই অবৈধ অৰুণাচলী সুৰা বিক্ৰীৰ ঘাটি থকা অঞ্চল বিশেষকৈ গহপুৰ, হেলেম, বিহালী, বৰগাং আদি অঞ্চলত অভিযান চলাই ইতিপূৰ্বে বিহালী আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ সুৰা । আনহাতে জব্দ কৰা ৭০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা বৃহস্পতিবাৰে বিশ্বনাথ জিলা আৰক্ষী আৰু আবকাৰী বিভাগে বিহালী থানাত নষ্ট কৰে ।