অসম

assam

ETV Bharat / snippets

দৰং জিলাত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি সভা

10TH INTERNATIONAL YOGA DAY
দৰং জিলাত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি সভা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:11 AM IST

দৰং, 14 জুন : অহা 21 জুন তাৰিখে দেশজুৰি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ’ব । বৃহস্পতিবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উদযাপনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয় । জিলা আয়ুক্তগৰাকীয়ে 21 জুনৰ দিনা জিলা পৰ্যায়ৰ কাৰ্যসূচীৰ উপৰিও জিলাখনৰ শিক্ষানুষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান, নগৰ-নিকায় আদিৰ কাৰ্যালয়সমূহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি চাৰিটা শাখা ক্ৰমে ১০ বছৰৰ তলৰ , 10ৰ পৰা 18 বছৰ, 18 ৰ পৰা 35 বছৰ আৰু 35 বছৰৰ পৰা উৰ্ধৰ শাখাত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।

ABOUT THE AUTHOR

...view details