ETV Bharat / sports

পাৰ্থ টেষ্টৰ পূৰ্বে ভাৰতৰ দুগৰাকীকৈ বেটছমেন আঘাতপ্ৰাপ্ত - BORDER GAVASKAR TROPHY 2024

India vs Australia Test Series 2024: 22 নৱেম্বৰৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত আৰম্ভ হ'ব পাৰ্থ টেষ্ট ৷ তাৰ পূৰ্বে ভাৰতৰ দুগৰাকী শীৰ্ষ বেটছমেন হৈছে আঘাতপ্ৰাপ্ত ।

BORDER GAVASKAR TROPHY 2024
ভাৰতৰ একাংশ খেলুৱৈ (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 17, 2024, 4:25 PM IST

নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বহু প্ৰতীক্ষিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰত ৷ দলটোৰ বেটিং লাইনআপ সন্দৰ্ভত উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ কিয়নো দলটোৰ দুগৰাকীকৈ টপ অৰ্ডাৰ বেটছমেন হৈছে আঘাতপ্ৰাপ্ত ৷

বুঢ়া আঙুলিত আঘাত পাইছে শুভমন গিলে

নেট অনুশীলনৰ সময়ত ভাৰতৰ তিনি নং স্থানৰ বেটছমেন শুভমন গিলে বুঢ়া আঙুলিত আঘাত পায় ৷ যাৰ বাবে খেলপথাৰৰ বাহিৰলৈ যাবলগা হৈছিল ক্ৰিকেটাৰগৰাকী । যোৱাবাৰ অষ্ট্ৰেলিয়াত ভাৰতৰ 2-1 ৰ ৰোমাঞ্চকৰ শৃংখলা জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা 25 বছৰীয়া গিল ভাৰতৰ টেষ্ট দলৰ নিয়মীয়া খেলুৱৈসকলৰ ভিতৰত এজন ।

কে এল ৰাহুল ভুগিছে কিলাকুটিৰ আঘাতত

শুভমন গিলৰ আঘাত ভ্ৰমণকাৰী দলটোৰ বাবে একমাত্ৰ চিন্তাৰ বিষয় নহয় । অনুশীলন মেচৰ সময়ত বেটিং কৰোঁতে মিডল অৰ্ডাৰৰ সোঁহতীয়া বেটছমেন কে এল ৰাহুলেও কিলাকুটিত আঘাত পায় । ৰাহুলে এই মাহৰ আৰম্ভণিতে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অষ্ট্ৰেলিয়া এ ৰ বিৰুদ্ধে অনানুষ্ঠানিক টেষ্টত ভাৰত এ ৰ হৈ অংশগ্ৰহণ কৰিছিল ৷

কে এল ৰাহুলক ৰক্ষণাবেক্ষণ গম্ভীৰৰ

অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদমেলত ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে দুৰ্বল ফৰ্ম অব্যাহত থকা স্বত্বেও কে এল ৰাহুলক এগৰাকী বেটছমেন হিচাপে প্ৰশংসাৰে উপচাই পেলায় ৷

"এয়াই সেই ব্যক্তিজনৰ গুণ । তেওঁ প্ৰকৃততে ক্ৰমৰ শীৰ্ষত বেটিং কৰিব পাৰে । তেওঁ 3 নম্বৰত বেটিং কৰিব পাৰে । তেওঁ প্ৰকৃততে 6 নম্বৰত বেটিং কৰিব পাৰে । সেয়েহে, এনে ধৰণৰ কাম কৰিবলৈ আপোনাক যথেষ্ট প্ৰতিভাৰ প্ৰয়োজন" বুলি গম্ভীৰে প্ৰকাশ কৰে ৷

কে এল ৰাহুলৰ উচ্চ প্ৰশংসা

গম্ভীৰে লগতে কয়, "তেওঁ এদিনীয়া ফৰ্মেটতো উইকেটকীপাৰৰ দায়িত্ব পালন কৰিছে ৷ গতিকে কল্পনা কৰক যে কে এলৰ দৰে কিমানখন দেশত এনে খেলুৱৈ আছে, যিয়ে প্ৰকৃততে ইনিংছ মুকলি কৰিব পাৰে আৰু 6 নং স্থানতো বেটিং কৰিব পাৰে ? মই ভাবো যদি প্ৰয়োজন হয়, তেওঁ এয়া আমাৰ বাবে কৰিব পাৰে । বিশেষকৈ যদি ৰোহিত প্ৰথম টেষ্টৰ বাবে উপলব্ধ নহয়" ।

অনিশ্চয়তাত ৰোহিত শৰ্মাৰ অংশগ্ৰহণ

টীম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়ক ৰোহিত শৰ্মাই পাৰ্থত অনুষ্ঠিত হ’বলগা প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰিবনে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ অৱশ্যে বৰ্তমানলৈকে খেলুৱৈগৰাকী উপস্থিত হোৱা নাই অষ্ট্ৰেলিয়াত ৷

শেহতীয়াকৈ ক্ৰিকেটাৰগৰাকীয়ে পুত্ৰ সন্তানৰ পিতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে ৷ ৰোহিত শৰ্মাৰ অনুপস্থিতিৰ লগতে টপ অৰ্ডাৰ বেটছমেন শুভমন গিল আৰু কে এল ৰাহুলৰ আঘাতৰ বাবে উদ্বেগ বৃদ্ধি পাইছে টীম ইণ্ডিয়াৰ ।

অৱশ্যে দুয়োজনৰ আঘাত কিমান গুৰুতৰ সেই বিষয়ে লাভ কৰা নাই কোনো তথ্য ৷ অনুৰাগীসকলে দুয়োগৰাকী বেটছমেনকে প্ৰথম টেষ্টত দেখাৰ আশা প্ৰকাশ কৰিছে ৷ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টেষ্ট 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ'ব ।

লগতে পঢ়ক: 240 টা বল... 439 ৰাণ... ইতিহাস ৰচনাকাৰী মেচ ! কেনে আছিল মেচখনৰ ফলাফল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.