মাজুলী/কলিয়াবৰ: শ্ৰীকৃষ্ণৰ ভক্তিৰসত গুঞ্জৰিছে সমগ্ৰ ৰাজ্য । সচৰাচৰ ৰাস বুলি ক’লেই মাজুলীৰ ছবিখন মানসপটত জিলিকি উঠে । ৰাস আৰু মাজুলীৰ আছে এৰাব নোৱাৰা সম্পৰ্ক । মাজুলীৰ ৰাস বুলিলেই আগমন ঘটে দেশ বিদেশৰ হাজাৰ হাজাৰ ৰাস দর্শনাৰ্থীৰ । কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই সমগ্ৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘নাট মেলা পৰ্ব’ অনুষ্ঠিত কৰা হয় ।
উক্ত দিনাৰ পৰাই মাজুলীত এমাহ ধৰি ৰাসৰ আখৰাৰ অন্তত ৰাস পূৰ্ণিমাৰ দিনা এই ৰাসৰ শুভাৰম্ভ হয় । মাজুলীৰ নৱজ্যোতি যুৱক সংঘ, আইদেউ সন্দিকৈ নাটঘৰৰ যোৱা ৰাতিৰ ৰাসে মন্ত্ৰমুগ্ধ কৰিলে ৰাসপ্ৰেমী দর্শকক । ২০০৬ চনৰ পৰা ৰাস মঞ্চস্থ কৰি অহা এই ৰংগমঞ্চৰ ৰাসে প্ৰতি বছৰে দৰ্শকক যথেষ্ট আকৰ্ষিত কৰি আহিছে । এইবছৰো যথেষ্ট দৰ্শকৰ সঁহাৰি পোৱা দেখা গৈছে ।
উল্লেখ্য যে, এই আনন্দমুখৰ পৰিৱেশৰ মাজতে এই ৰংগমঞ্চলৈ আহিছে এক দুখৰ খবৰ । হয়তো এই বছৰেই এইটো ৰংগমঞ্চত শেষবাৰৰ বাবে অনুষ্ঠিত হ’ব এই ৰাস । কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে এই ৰংগমঞ্চ থকা অংশও অধিগ্ৰহণ কৰা হৈছে । যিটো খবৰে এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকজন লোকৰ মনলৈ সুখৰ মাজতে দুখ কঢ়িয়াই আনিছে ।
ইফালে ৰাসময় হৈ পৰিছে কলিয়াবৰ । কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধৰমপুৰ সোণাৰীহোলা বৰ নামঘৰতো শনিবাৰে নিশা অনুষ্ঠিত হয় শ্ৰী কৃষ্ণৰ ৰাসলীলা । উক্ত ৰাসলীলাত উপস্থিত হয় শংকৰী সংগীত গৱেষণা পৰিষদৰ সচিব ফণীধৰ হাজৰিকা । ৰাসস্থলীত উপস্থিত হৈ হাজৰিকাই কয়,"কেলি-গোপাল' অংকীয়া ভাওনা পূৰ্বতে কলিয়াবৰত পৰিৱেশন হৈছে যদিও শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে এনে আয়োজন হোৱা নাছিল ।"
তেওঁ লগতে কয়," 'ধূৰাপ্ৰধান' জনাজাত এই ৰাসকেলিয়ে কলিয়াবৰকে ধৰি আন স্থানসমূহতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় । এনে ৰাস অভিনয় এতিয়াও কলিয়াবৰত প্ৰচলিত আৰু সমাদৃত ।"