ETV Bharat / sports

240 টা বল... 439 ৰাণ... ইতিহাস ৰচনাকাৰী মেচ ! কেনে আছিল মেচখনৰ ফলাফল ? - WEST INDIES VS ENG T20 SERIES

West Indies vs Eng: ইংলেণ্ডে বান্ধি দিয়া 218 ৰাণৰ লক্ষ্য অনায়াসে অতিক্ৰম ৱেষ্ট ইণ্ডিজৰ ৷ দেওবাৰে আছে শৃংখলাৰ শেষৰখন মেচ ৷

WEST INDIES VS ENG T20 SERIES
ৱেষ্ট ইণ্ডিজ-ইংলেণ্ডৰ টি 20 শৃংখলা (@windiescricket)
author img

By ETV Bharat Sports Team

Published : Nov 17, 2024, 3:13 PM IST

স্প’ৰ্টছ ডেস্ক: বৰ্তমান সময়ত 3 খন এদিনীয়া আৰু 5 খন টি-20 মেচৰ কাৰ্যসূচীৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ব্যস্ত আছে ইংলেণ্ড ৷ ছেইণ্ট লুচিয়া ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টি-20 মেচ অনুষ্ঠিত হয় ।

টছত জয়লাভ কৰি ৱেষ্ট ইণ্ডিজে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি প্ৰথমে বেটিং কৰা ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 218 ৰাণ সংগ্ৰহ কৰে । ইংলেণ্ডৰ অ’পেনাৰ ফিলিপ ছল্টে 55 ৰাণ আৰু জেকব বেথেলে 62 ৰাণ সংগ্ৰহ কৰে ।

ৱেষ্ট ইণ্ডিজৰ হৈ অ’পেনাৰ চাই হোপ আৰু ইভিন লিৱেছে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায় ৷ প্ৰথম উইকেটৰ যুটীত দুয়োগৰাকীয়ে সংগ্ৰহ কৰে 136 ৰাণ ৷ ইভিন লিউছে (68 ৰাণ) অৰ্ধশতক অৰ্জন কৰাৰ পিছতে হেৰুৱাই উইকেট ৷ ইয়াৰ পিছতে আন এজন অ’পেনাৰ ছাই হোপে 54 ৰাণত হেৰুৱাই উইকেট ৷

ইয়াৰ পিছতে ক্ৰিজলৈ অহা উইকেটকীপাৰ বেটছমেন নিক’লাছ পুৰাণে শূন্যত আউট হৈ সকলোকে হতবাক কৰি তোলে ৷ কিছুসময়ৰ বাবে জয়ৰ দিশত থকা ৱেষ্ট ইণ্ডিজৰ দলটোৱে হঠাতে এক দ্বিধাবোধৰ সন্মুখীন হ’বলগীয়া হয় । অতি কম সময়তে কেইবাটাও উইকেট হেৰুওৱা দলটোৰ অধিনায়ক ৰ’ভামেন পাৱেলে ক্ৰিজত বৰ্তি থাকি দলটোক জয়ৰ দিশত আগুৱাই নিয়ে ৷

38 ৰাণ সংগ্ৰহ কৰাৰ পিছত পাৱেল এল বি ডব্লিউ আউট হয় । মেচখনৰ শেষৰফালে শ্বাৰবেন ৰাডাৰফোৰ্ডে দলটোৰ বিজয় নিশ্চিত কৰে ৷ 19 অভাৰৰ শেষত ৱেষ্ট ইণ্ডিজে 5 উইকেট হেৰুৱাই 221 ৰাণ সংগ্ৰহ কৰি জয়ৰ সোৱাদ লয় ।

সমান্তৰালকৈ ৱেষ্ট ইণ্ডিজৰ দলটোৱে 5 খন মেচৰ টি-20 শৃংখলাটোত প্ৰথমটো জয়ৰ সোৱাদ লয় ৷ ইংলেণ্ডে ইতিমধ্যে প্ৰথম তিনিখন মেচত জয়লাভ কৰি 3-1 ব্যৱধানত শৃংখলা দখল কৰিছে । দেওবাৰে একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত পঞ্চম তথা অন্তিমখন টি-20 মেচ ।

লগতে পঢ়ক: চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানৰ ৰাজপথত মুম্বাই কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.