ETV Bharat / state

সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে; অ’চি ভাৰ্গৱৰ কাণ্ড দেখি এইদৰে ক’লে আই পি এছ ভায়’লেট বৰুৱাই - VIOLET BARUAH ON FANCY BAZAR CASE

ফাঁচী বজাৰত ডেলিভাৰী এজেন্টৰ ওপৰত এজন আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ ঘটনা সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ প্ৰাক্তন আই পি এছ বিষয়া ভায়’লেট বৰুৱায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া-

Violet Baruah on Fancy Bazar case
আই পি এছ ভায়’লেট বৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 5:03 PM IST

গুৱাহাটী: নিয়ম উলংঘাৰ অভিযোগত এগৰাকী ছাত্ৰ তথা ডেলিভাৰী এজেন্টক বৰ্বৰভাৱে প্ৰহাৰ কৰা পানবজাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ কাৰ্যক ভিন্নজনে ভিন্ন ধৰণে গৰিহণা দিছে ৷ খাকীৰ অৰ্থ জনতাক আতংকিত কৰা নহয় বৰঞ্চ জনসুৰক্ষাহে বুলি বহুতেই সেই কথা উল্লেখ কৰি নিজৰ মনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

অ’চি ভাৰ্গৱ বৰবৰাই খাকী পৰিধান কৰি এজন সাধাৰণ যুৱকৰ ওপৰত দেখুওৱা বীৰত্বক ধিক্কাৰ দি অসম আৰক্ষীৰ প্ৰাক্তন আই জি পি ভায়’লেট বৰুৱাই ফেচবুকযোগে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি লিখিছে-

"সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে । গুণ্ডাৰূপী এইজন আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰ মহলে পানবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ OC পদত বহুৱাইছিল ? ওপৰৰ গধূৰ আৰক্ষী বিভাগে এই বিষয়ে কিবা ক’বনে ? শুনা মতে এইজন আৰক্ষী বিষয়াই আন আন থানাত থাকোতেও নানা ধৰণৰ দুষ্কাৰ্য কৰিও সুকলমে বৰমূৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া নিয়ম বহির্ভূত body fitting ইউনিফর্ম পিন্ধি সিংঘম style ত গুণ্ডাগিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুর্নাম আনিছে । কিন্তু এইবাৰ ৰাইজে উভতি ধৰাৰ পাছত কথা বিষম দেখি 'তাৎক্ষণিকভাৱে নিলম্বন' কৰি বিভাগটোৱে দায় সাৰিব খুজিছে । গতিকে এই ক্ষেত্রত আপোনা সকলো সমানেই জগৰীয়া । কাৰণটো নিজকে সুধি লওক । তাৰোপৰি অপৰাধ কৰা এইজন বিষয়াৰ ওপৰত মহানগৰ পুলিচৰ ফালৰ পৰা এটা Suo Moto কেচ ল’বও পাৰিলেহেঁতেন, ভুক্তভোগীৰ পৰা FIR ল’বলৈ কিয় ৰৈ থাকিব লাগে । আপোনাসবে সময়ে সময়ে সামাজিক মাধ্যমত ৰাইজক নীতি শিক্ষা দিয়াৰ ওপৰিও বিভাগটোৰ ভিতৰত থকা এইচাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তোলক । ৰাইজৰ ধনেৰে দৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিব ।"

ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে অভিযোগ অনেক:

সম্প্ৰতি বিতৰ্কত সোমাই পৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এয়াই প্ৰথম অভিযোগ নহয় ৷ গোৱালপাৰাত কৰ্মৰত হৈ থকাৰ সময়তো এজন যুৱকক সুৰাপানৰ অভিযোগত থানালৈ আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা বুলি অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ পিচদিনা ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ ৷ সেইসময়ত সুৰাপায়ী যুৱকজনৰ আৰক্ষীৰ অত্যাচাৰতেই মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলি থানা ঘেৰাও কৰিছিল ৷ কিন্তু উচিত ন্যায় আজিও নাপালে তেওঁলোকে ৷

লগতে পঢ়ক: কিমান বৰ্বৰ ভাৰ্গৱ বৰবৰা ?

ইয়াৰ উপৰিও কিছুদিন পূৰ্বে দীঘলীপুখুৰীৰ পাৰত গছ কটা বন্ধ কৰাৰ দাবীৰে হোৱা প্ৰতিবাদৰ সময়তো কটনৰ একাংশ শিক্ষাৰ্থীৰ সৈতে তৰ্ক হৈছিল ভাৰ্গৱ বৰবৰাৰ ৷ তাতো তেওঁ নিজৰ পুলিচী মেজাজ দেখুৱাই শিক্ষাৰ্থীসকলক ভয়-ভীত কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল ৷

ফাঁচী বজাৰত কটনৰে এজন ছাত্ৰ তথা এটা খাদ্য যোগানধাৰী প্ৰতিষ্ঠানৰ ডেলিভাৰী এজেনন্ট জ্ঞানদীপ হাজৰিকাক নিয়ম অমান্য কৰাৰ অচিলা লৈয়েই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ভাৰ্গৱ বৰবৰাই ৷ মাৰি পেলাম বুলি ভাবুকিও দিছিল যুৱকজনক ৷ প্ৰত্যক্ষদৰ্শীৰ ম’বাইল কেমেৰাত বন্দী এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাচতেই আৰক্ষী সঞ্চালক প্ৰধানে ভাৰ্গৱ বৰবৰাক নিলম্বনৰ নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাক গৰিহণা দি আৰক্ষীক জনতাৰ বন্ধু হ’বলৈ পৰামৰ্শ আগঢ়োৱা দেখা গৈছে ৷

উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচতে অসমৰ সকলো আৰক্ষীকে জনতাৰ প্ৰতি ব্যৱহাৰ ভাল কৰিবলৈ নিৰ্দেশ দিছিল জিপি সিঙে ৷ কিন্তু এতিয়াও এনে একাংশ আৰক্ষী বিষয়া আছে, যিয়ে দাবী-ধমকিৰে বা ভয়-ভাবুকিৰে জনতাৰ ওপৰত নিজৰ প্ৰভুত্ব খটাব বিচৰা দেখা যায় ৷ ভাৰ্গৱ বৰবৰা তাৰেই যেন এক উদাহৰণ ৷

লগতে পঢ়ক: যুৱকক প্ৰহাৰ কৰা পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.