অসম

assam

ETV Bharat / snippets

তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ ৫৫ বছৰীয়া ব্যক্তিৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:15 PM IST

ELECTROCUTION IN TITABOR
শোকাৱহ দুৰ্ঘটনা (ETV BHARAT)

তিতাবৰ, 8 জুন :তিতাবৰত শনিবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ এই ঘটনাত বিদ্যুৎস্পৃষ্ট হৈ 55 বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিজন শিলিখা কঢ়াল গাঁৱৰ অজিত কছাৰী বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ঘৰৰ ফেনৰ চুইছ দিবলৈ গৈ কাষতে ওলমি থকা বিদ্যুতৰ তাঁৰত হাত লাগি মাটিত বাগৰি পৰে ব্যক্তিজন ৷ পৰিয়ালৰ লোকে ব্যক্তিজনক ততাতৈয়াকৈ তিতাবৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ABOUT THE AUTHOR

...view details