ETV Bharat / state

কংগ্ৰেছৰ কাৰ্যকালত অসম উগ্ৰপন্থীৰে ভৰি পৰিছিল: কামাখ্যা প্ৰসাদ তাছা - Priyank Kharge Controversy - PRIYANK KHARGE CONTROVERSY

Priyank Kharge on semi conductor: প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ বিজেপিৰ প্ৰতিবাদ । গৌৰৱ গগৈক তীব্ৰ সমালোচনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ।

MP Kamakhya Prasad Tasa reacts on Priyank Kharge statement against semi conductor project
প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 8:31 PM IST

যোৰহাট,৫ অক্টোবৰ: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ সমগ্ৰ ৰাজ্যতে বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ বিৰোধিতা কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি কৰ্মীসকলে । ইফালে খাৰ্গেৰ মন্তব্যক যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে ।

প্ৰতিক্ৰিয়া অভিযোগ অব্যাহত থকাৰ মাজতে ভাৰতীয় জনতা পাৰ্টিয়ে যোৰহাট ষ্টেডিয়াম সন্মুখৰ পৰা এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে । প্ৰতিবাদকাৰীয়ে কংগ্ৰেছ হায় হায়, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে যোৰহাটৰ আকাশ-বতাহ কঁপাই তোলে । আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়,"প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালত অসমত বৃহৎ উদ্যোগ স্থাপন হৈছে । কিন্তু কংগ্ৰেছ চৰকাৰ কাৰ্যকালত জাগীৰোডকে আদি কৰি অন্যান্য উদ্যোগসমূহ দুনীৰ্তিত নিমজ্জিত হ'ল ।"

প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)

লগতে সাংসদ তাছাই কয়,"কংগ্ৰেছৰ কাৰ্যকালত সমগ্ৰ অসমত উগ্ৰপন্থীৰে ভৰি পৰিছিল । এয়া আমি নিজেই দেখা কথা । সেই সময় অৱসানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইচ্ছা, সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ভুমিকাত ইতিমধ্যে ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে অসমত ছেমি কনডাক্টৰ প্ৰকল্প ভুমি পূজন হৈ গ'ল । কিন্তু অসমত উক্ত প্ৰকল্প হ'ব নালাগে বুলি কংগ্ৰেছৰ সভাপতি মল্লিকা খাৰ্গে পুত্ৰ তথা কৰ্ণাটক বিধানসভা কেন্দ্ৰীয় মন্ত্ৰীয়ে মন্তব্য কৰিছে । এয়া সমালোচনা বাহিৰত ।"

লগতে তাছাই গৌৰৱ গগৈৰ পিতৃ আদৰ্শক স্মৰণ কৰি তেওঁ পুত্ৰই উক্ত সম্পৰ্কত গ্ৰহণ কৰা কাৰ্যক ধিক্কাৰ জনায় । তাছাই কয়,"তেওঁলোকৰ মন্তব্যত স্পষ্ট হৈছে যে অসম আৰু পিছপৰি থাকিব লাগে আৰু অসমত উগ্ৰপন্থী সমস্যা জীয়াই থাকিব লাগে ।" উক্ত প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন আৰু বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢক: প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই কঁপাইছে ৰাজ্য: জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ - Priyank Kharge Controversy

প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.