ETV Bharat / state

কিয় আৰু কেতিয়া প্ৰদৰ্শিত কৰা হয় ক’লী বুঢ়ী নাচ ? - BHOGALI BIHU TRADITION

ৰাজ্যত অব্যাহত ভোগালীৰ উচাহ । ইয়াৰ মাজতে কলিয়াবৰত প্ৰদৰ্শিত কৰা হয় ভোগালী বিহুৰ অভিন্ন অংগ ঐতিহাসিক ক’লী বুঢ়ী নৃত্য বা কলী বু’ঢ়ী নাচ ।

On the occasion of Bhogali Bihu, kali buri dance is performed in Kaliabor
কলিয়াবৰত প্ৰদৰ্শিত কৰা হয় ক’লী বুঢ়ী নাচ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 12:31 PM IST

কলিয়াবৰ: ঐতিহ্যমণ্ডিত কলিয়াবৰ । সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে । ভোগালীৰ বতৰত হেৰলি ঘৰ বা ঢেৰা ঘৰৰ চিনাকি হেঁচানাম, ব'ৰাগী নামৰ লগতে কলী বুঢ়ী নৃত্য আদিয়ে এসময়ত কলিয়াবৰ ৰজন-জনাই আছিল ।

অৱশ্যে তাহানি পুৰুষৰ পৰা আঁতৰি মনে মনে নচা ক’লী বুঢ়ী নৃত্যক আজিও প্ৰাণৱন্ত কৰি ৰাখিছে কলিয়াবৰৰ সোণাৰী গাঁৱত । বৃটিছে চাবলৈ অহা এই ক’লীবুঢ়ী নৃত্য মধ্য অসমৰ অন্যতম ভোগালী বিহুত পৰিৱেশন কৰা এক লোকনৃত্য ।

কলিয়াবৰত প্ৰদৰ্শিত কৰা হয় কলী বুঢ়ী নাচ (ETV Bharat Assam)

মাঘ বিহুৰ উৰুকাৰ দিনা সোণাৰীগাঁৱৰ সাত খেলৰ ৰাইজে পথাৰত সাজি উলিওৱা হেৰলি ঘৰত দুপৰীয়া ভকত বৈষ্ণৱসকলে নাম-প্ৰসংগ কৰি সেৱালৈ কেৱল মাহ- প্ৰসাদ গ্ৰহণৰ অন্তত জ্বলাই দিয়ে এই হেৰলি ঘৰ । ইয়াৰ পাছতে মহিলাসকলে আওহতীয়া ঠাইত লগ হৈ ৰং ৰহইচ কৰি নৃত্য প্ৰদৰ্শন কৰে ।

জ্বলা মেজিৰ পৰা উৰা কুকুহাৰ ছাঁই মুখত সানি পৰিৱেশন কৰা এয়াই হ'ল কʼলী বুঢ়ী নৃত্য । সোণাৰী গাঁৱৰ মাঘ বিহুৰ আন এক পৰম্পৰা এই ক’লী বুঢ়ী নৃত্য । নৃত্যৰ দলটোত এগৰাকীয়ে নাচৰ গুৰি ধৰে । মুখত হেৰালি ঘৰ পোৰা ছাই সানি মুখ ক’লা কৰি, মূৰত পাগুৰি মাৰি ওজাপালিৰ আৰ্হিত গীত গায় আৰু বাকী মহিলাসকলে গীতৰ তালে তালে ঘূৰি ঘূৰি নৃত্য কৰে ।

মূল ভাৱৰীয়াগৰাকীয়ে ৰিহা-মেখেলা পৰিধান কৰি ভাও দি দি গীতৰ কথা আগবঢ়াই নিয়ে । কম বয়সীয়া বোৱাৰী বা ছোৱালীয়ে এই নাচত অংশগ্ৰহণ কৰা দেখা নাযায় । পুৰুষসকলেও এই নাচ চোৱাত পূৰ্বতে বাধা আছিল । আজিৰে পৰা ৫০-৬০ বছৰৰ আগলৈকে কোনো লোকে গোপনে ক’লী বুঢ়ী নাচ চাবলৈ যোৱা গম পালে সমাজত বা গাঁৱৰ ৰাইজৰ আগত ন্যূনতম জৰিমণা আদায় দিব লাগিছিল ।

সাধাৰণতে মূৰত কাপোৰৰ পাগুৰি মাৰি প্ৰধান নাচনীগৰাকীয়ে নৃত‍্যানুষ্ঠানটিত ভাগ লয় আৰু সূত্ৰধাৰীয়ে পাক দিয়াদি গীত আৰম্ভ কৰে – "ৰাম বোল ৰে মন/হৰি বোল ৰে মন" - তাৰ পিছে-পিছে বাকী তিৰোতাসকলে গীত গায় ।

সোণাৰী-কামাখ‍্যা গাঁৱত পূৰ্ব-পুৰুষৰ দিনৰে পৰা চলি অহা এই নৃত‍্যানুষ্ঠানটিত অন‍্যান‍্য সাংস্কৃতিক উপাদানত পৰাৰ দৰে সময়ৰ আঁচোৰ পৰাটো একো আচৰিত কথা নহয় । ভাষা বা প্ৰকাশভংগীয়ে কেতিয়াবা আধুনিক সাজ পিন্ধিলেও তাৰ মাজতেই থাকে পুৰণি পৰম্পৰা আৰু ঐতিহ‍্য । অতীতৰ বিখ‍্যাত খড়াগড় বিহুৰ স্মৃতি এনেদৰেই এই বিহুগীতত সাঙোৰ খাই আছে,

"হাত মেলি হালধি ঘঁহিম মালতী/চুলি মেলি ঘঁহিম তেল/খড়াগড়ৰ মূৰলৈ যামেই মই মালতী/ভাঙিম ডেকা ল'ৰাৰ মেল ।"

নাৰীসকলে কাঁহৰ বাদ্য আৰু হাত চাপৰিৰে তাল মিলাই বিহুগীতো পৰিৱেশন কৰে এই ক’লী বুঢ়ী নৃত্যত । বৰ্তমান পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ধৰা এই আপুৰুগীয়া প্ৰাচীন সংস্কৃতি পুনৰ উদ্ধাৰ কৰাৰ উদ্দেশ্যে "ক’লী বুঢ়ী নৃত্য" প্ৰদৰ্শনৰ এই ধাৰাক উত্তৰসুৰীসকলে অব্যাহত ৰাখিছে । ক’লী বুঢ়ী নৃত্য বা ক’লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাই বিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান ।

ই কেৱল মহিলাৰ মাজতে প্ৰচলিত । ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে । ক’লী বুঢ়ী নাচত পুৰুষৰ অংশগ্ৰহণ বা প্ৰৱেশ নিষেধ যদিও লুপ্তপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত এই নাচৰ অনুষ্ঠানক বৰ্তমান পুৰুষৰ উপস্থিতিত সাংস্কৃতিক কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা দেখা যায় ।

ক’লী বুঢ়ী নাচত অংশ লোৱা কলিয়াবৰৰ এগৰাকী স্থানীয় মহিলাই কয়, ‘‘এই নাচ আমাক আমাৰ পূৰ্বপুৰুষে শিকাইছিল ৷ মই মোৰ বৰমাৰ পৰা এই ক’লী বুঢ়ী নাচ শিকিছো ৷ তেওঁঁৱে আমাক প্ৰায় এশ বছৰীয়া পুৰণি এই নৃত্য শিকাইছে ৷’’

লগতে পঢ়ক: মাজুলীৰ পৰা ভাগৱত লৈ মহাকুম্ভমেলালৈ যাত্ৰা বৈষ্ণৱ দলৰ - MAHA KUMBH MELA

পৰম্পৰা নে ন্যায় ব্যৱস্থা সৰ্বপ্ৰথম ! আদালতৰ নিষেধাজ্ঞা স্বত্বেও অনুষ্ঠিত হ'ল ম'হ যুঁজ ! - ASSAM BUFFALO FIGHT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.