গুৱাহাটী, ৫ অক্টোবৰ : ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি । দুৰ্গা পূজাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে । তাৰ মাজতে গুৱাহাটীবাসীৰ বাবে সুখবৰ । কাজিৰঙালৈ নোযোৱাকৈয়ে আপুনি গুৱাহাটীত দেখা পাব অসম বিখ্যাত এশিঙীয়া গঁড় । কেৱল গঁড়ে নহয় হৰিণাকে ধৰি কাজিৰঙাৰ বিভিন্ন জীৱ-জন্তুবোৰও আপুনি গুৱাহাটীত থাকিয়েই প্ৰত্যক্ষ কৰিব পাৰিব ! কেৱল সেয়াই নহয় চোৰাং চিকাৰীক ধৰিবলৈ ফৰেষ্ট গাৰ্ডসকলো থাকিব গুৱাহাটীত । অৱশ্যে কাজিৰঙা দৰ্শনৰ বাবে আপুনি যাব লাগিব গুৱাহাটীৰ ওদালবাক্ৰালৈ ।
ছেভ ৰাইন' ছেভ কাজিৰঙা থীম
উল্লেখ্য যে দুৰ্গা পূজা অহাৰ লগে লগে বিভিন্ন বিষয়বস্তুৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পূজা কমিটীসমূহ সাজু হৈছে । কোনে কিমান আকৰ্ষণীয় মণ্ডপ নিৰ্মাণ কৰিব পাৰে তাক লৈ পূজা কমিটীসমূহৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা । এনে প্ৰতিযোগিতা সচৰাচৰ উত্তৰ-পূৱৰ দুৱাৰমুখ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত অধিক দেখা যায় । প্ৰতি বছৰে গুৱাহাটী মহানগৰত সৰু-বৰ শতাধিক দুর্গা পূজা অনুষ্ঠিত হয় । এইবাৰ এক ব্যতিক্ৰমী বিষয়বস্তুৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে বৃহত্তৰ ওদালবাক্ৰা সাৰ্বজনীন পূজা মন্দিৰ কমিটী । ছেভ ৰাইন' ছেভ কাজিৰঙা (Save Rhino Save Kaziranga) বিষয়বস্তু লৈ এইবাৰ কমিটীয়ে পূজা মণ্ডপ নিৰ্মাণ কৰিছে ।
ব্যতিক্ৰমী প্ৰয়াস
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কিন্তু এই এশিঙীয়া গঁড় প্ৰায়ে চোৰাং চিকাৰীৰ লক্ষ্য হৈ আহিছে । সেয়েহে এই গঁড়ৰ সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব সকলোৰে আছে । যাৰ বাবে ৰাইজৰ সজাগতা প্ৰয়োজন । ৰাইজক এই সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে 'ছেভ ৰাইন' ছেভ কাজিৰঙা' বিষয়বস্তুৰে ওদালবাক্ৰা সাৰ্বজনীন পূজা মন্দিৰ কমিটীয়ে ব্যতিক্ৰমী মণ্ডপ নিৰ্মাণ কৰিছে ।
এই সন্দৰ্ভত পূজা কমিটীৰ সাংস্কৃতিক সম্পাদক ৰঞ্জিত ধৰে কয়, "এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়ে এইবাৰ এই বিষয়বস্তু লৈ মণ্ডপ নিৰ্মাণ কৰা হৈছে । ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই বিষয়বস্তু লোৱা হৈছে । ভক্তসকলে প্ৰথমে আহি মণ্ডপৰ ভিতৰত সোমাব । দেৱীক দৰ্শন কৰিব । মণ্ডপৰ ভিতৰৰ পৰা ওলাইয়ে পাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । য'ত বিভিন্ন প্ৰকাৰৰ গছ-গছনি থাকিব । তাৰ মাজত এশিঙীয়া গঁড়, হাতী, হৰিণা, পক্ষী আদি উপস্থাপন কৰা হ'ব । লগতে আলংকাৰিক এখন নৈও থাকিব । জন্তুবোৰক সুৰক্ষা দিয়াৰ বাবে বনকৰ্মীসকলো থাকিব ।"
বাজেট কিমান ?
এনেদৰেই ওদালবাক্ৰা পূজা কমিটীয়ে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে । এই আকৰ্ষণীয় পূজা মণ্ডপৰ বাজেট প্ৰায় ৩৫ লাখ টকা হ'ব বুলি পূজা কমিটীয়ে উল্লেখ কৰিছে । একেদৰে পূজা মণ্ডপটো পৰিৱেশ অনুকূল সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে বুলিও কমিটীয়ে দাবী কৰিছে ।
লগতে পঢ়ক :উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia