কামপুৰ, ২৭ ছেপ্টেম্বৰ: নগাঁও জিলাৰ কামপুৰত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম । এনে ডাম্পাৰৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিলেও প্ৰশাসনে এইক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো ব্য়ৱস্থা । ইয়াৰ পৰিণতিতেই শুক্ৰবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ।
বৈঠালাংছʼৰ পৰা কামপুৰ অভিমুখী AS02DC3691 নম্বৰৰ ডাম্পাৰখনৰ খুন্দাত আজি থিতাতে নিহত হয় এটি শিশু । ইয়াৰ পিছতেই এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ নাহিদ আফ্ৰিন নামৰ শিশুটিৰ মৃত্য়ু হোৱাৰ পিছতেই ডাম্পাৰখনৰ ক্ষতিসাধন কৰে উত্তেজিত ৰাইজে । পিছত ঘটনাস্থলীত কঁচুৱা থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।