ETV Bharat / bharat

ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ - NAXAL ENCOUNTER IN CHHATTISGARH

শুকুৰবাৰে আমবাগড় জিলাৰ মদনৱাড়া অঞ্চলত মাওবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় । অৱশ্যে মাওবাদীৰ দলটো পলাই যাবলৈ সক্ষম হয় ।

NAXAL ENCOUNTER IN CHHATTISGARH
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 9:37 AM IST

ছত্তীশগড় : ছত্তীশগড়ত অব্যাহত আছে মাওবাদী বিৰোধী অভিযান । এই অভিযানৰ সময়তে শুকুৰবাৰে পুনৰ মাওবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ লাগে । ৰাজনন্দগাঁৱৰ কাষৰ মহলা মানপুৰ অম্বাগড় চৌকিত আৰক্ষী আৰু মাওবাদীৰ মাজত এই সংঘৰ্ষৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটোৱে পলায়ন কৰে ।

শুকুৰবাৰে বিয়লি ৪ ৰ পৰা ৫ বজাৰ ভিতৰত এই সংঘৰ্ষটো সংঘটিত হয় । আৰক্ষীয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰে যে মাওবাদীৰ এটা দলে খুৰচেকলা বনাঞ্চলত প্ৰৱেশ কৰিছে । এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীটোৱে অভিযানত ওলাই যায় । কিন্তু সুৰক্ষা বাহিনীৰ দলটো অনুসন্ধান অভিযানৰ পৰা উভতি অহাৰ সময়ত মাওবাদীৰ দলটোৰ সৈতে মুখামুখি হয় ।

সুৰক্ষা বাহিনীৰ দলটো খুৰচেকলা বনাঞ্চলৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত আৰক্ষী আৰু মাওবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । ইফালে নিৰাপত্তা বাহিনীৰ নিৰন্তৰ গুলীবৰ্ষণত কেইবাজনো মাওবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে, বাহিনীটোৰ প্ৰবল আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

সুৰক্ষা বাহিনীয়ে ঘটনাস্থলীৰ পৰা মাওবাদীয়ে দৈনিক ব্যৱহাৰ কৰা কিছু সামগ্ৰী জব্দ কৰে । এই সংঘৰ্ষত ডি আৰ জি মনপুৰ, বাছেলি আই টি বি পি ৪৪ নম্বৰ বেটেলিয়ন আৰু মদনৱাড়া কেম্প আই টি বি পি ২৭ নম্বৰৰ বেটেলিয়নে ভাগ লয় ।

মহলা মানপুৰ অম্বাগড়ৰ আৰক্ষী অধীক্ষক ৱাই পি সিঙে এই এনকাউণ্টাৰৰ কথা নিশ্চিত কৰি সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীৰ দলটো ঘটনাস্থলীৰ পৰা পলাই যায় । ঘটনাস্থলীৰ পৰা মাওবাদীৰ কিছু সামগ্ৰী জব্দ কৰা হৈছে ।

ইফালে ৰাজনন্দগাঁৱৰ সীমান্তত নিৰাপত্তা বাহিনীৰ দল সাজু কৰি ৰখা হৈছে । অঞ্চলটোত, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ আৰক্ষীৰ সমন্বয়ত নক্সালবিৰোধী অভিযান তীব্ৰতৰ কৰা হৈছে । ৰাজনন্দগাঁৱৰ অৰণ্যত অনুসন্ধান অভিযান চলোৱা হৈছে ।

লগতে পঢ়ক :অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ২ শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
লগতে পঢ়ক :ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড; ১০টা নৱজাতকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.