ETV Bharat / state

গোৱালপাৰাত আটক ১২ জনকৈ সন্দেহজনক মৌলবাদী - OPERATION AGAINST FUNDAMENTALIST

Operation against Islamic fundametalist: গোৱালপাৰাত মৌলবাদী সংগঠনৰ বিৰুদ্ধে NIA আৰু আৰক্ষীৰ যুটীয়া অভিযান । গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ১২ জনকৈ লোকক আটক ।

Joint operation by NIA and police against fundamentalist outfits in Goalpara
মৌলবাদীৰ ঘাটি নেকি গোৱালপাৰা ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 7:36 PM IST

গোৱালপাৰা,৫ অক্টোবৰ: গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত মৌলবাদী সংগঠনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA আৰু আৰক্ষীৰ যুটীয়া অভিযান । অভিযানকালত ১২ জনকৈ সন্দেহজনক মৌলবাদীক আটক কৰে NIA ই । বিশেষ সূত্ৰে জানিব পৰা মতে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই বিগত দুদিন পূর্বে হোজাই জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল 'জইচ-ই-মহম্মদ' নামৰ নিষিদ্ধ সংগঠনৰ দুজন সদস্যক ।

'জইচ-ই-মহম্মদ' নামৰ মৌলবাদী সংগঠনৰ সৈতে জড়িত দুই সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা অসম মেঘালয় সীমান্তৰ মেন্দি পথাৰ, কৃষ্ণাই, বলবলা আৰু টুকুৰাত NIA আৰু গোৱালপাৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় । জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই NIAৰ দলটোৱে 'জইচ-ই-মহম্মদ' নামৰ মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহত ১২ জনকৈ লোকক সোধা-পোছাৰ কাৰণে আটক কৰে ।

গোৱালপাৰাত আটক ১২ জনকৈ সন্দেহজনক মৌলবাদী (ETV Bharat Assam)

আটকাধীন আটাইকে গোৱালপাৰা আৰক্ষী ছাউনিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা ৰখা হয় । প্ৰাপ্ত খবৰ অনুসৰি, জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ টাতকৈ অধিক বাসগৃহত অভিযান চলাই ৰাষ্ট্ৰীয় তদন্ত সংস্থাই চমুকৈ NIA ৰ দলটোৱে । ইয়াৰে ১২ টাকৈ বাসগৃহৰ পৰা ১২ জনকৈ লোকক 'জইচ-ই-মহম্মদ' নামৰ নিষিদ্ধ মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে ।

ইয়াৰে মাষ্টাৰমাইণ্ড ছালাউদ্দিন নামৰ লোকজনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ (CSP)ৰ স্বত্বাধিকাৰী । ছালাউদ্দিন নামৰ লোকজনে নিজৰ গ্ৰাহক সেৱা কেন্দ্ৰ (CSP)ৰ পৰা ধনৰ লেনদেন কৰিছিল আটাইকেজনৰ সৈতে । আটকাধীন আটাইকেইজনক ধনৰ লেনদেনৰ কাৰণে আটক কৰা হৈছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । আটাইকে গোৱালপাৰা আৰক্ষী ছাউনিত NIA ৰ দলটোৱে মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন প্ৰান্তত বাতৰি লিখা পৰলৈকে NIA আৰু আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: লখিমপুৰত উদ্ধাৰ সজীৱ আই ই ডি - NIA RECOVERS LIVE IED

বেংগালুৰুত আটক সন্দেহজনক আলফা(স্বা)ৰ সদস্য : ১৫ আগষ্টত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহ - ULFA I bomb plant

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.