বৰপেটাৰোড, 9 জুন : বৰপেটাৰোড ৰে'লৱে ষ্টেচনৰ পৰা শনিবাৰে পুৱতি নিশা প্ৰায় ৪০ লাখ টকা জব্দ কৰে ৰে’ল আৰক্ষীয়ে ৷ কেৱল টকাই নহয়, এই টকা কঢ়িয়াই লৈ যোৱা তিনি যুৱককো আটক কৰে বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে ।
বৰপেটাৰোড ৰে'লৱে ষ্টেচনত জব্দ লাখে লাখে টকা, আটক তিনি যুৱক
Published : Jun 9, 2024, 8:04 AM IST
বৰপেটাৰোড ৰে'লৱে ষ্টেচনত জব্দ লাখে লাখে টকা, আটক তিনি যুৱক (Etv Bharat)
তথ্য অনুসৰি, বৰপেটা জিলাৰ হাউলীৰ সমীপৰ গৰেমাৰীৰ যুৱক তিনিজনে টকাখিনি সৰু সৰু তিনিটা মোনাত ভৰাই ককালত বান্ধি উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লেৰে ত্ৰিপুৰা অভিমুখে যাবলৈ বুলি বৰপেটাৰোডৰ ৰে’লৱে ষ্টেচনলৈ আহিছিল । সেইসময়ত যুৱক তিনিজনৰ চালচলনত ৰে’ল আৰক্ষীৰ সন্দেহ ওপজাত তেওঁলোকক তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ টকাখিনি ৷
ধৃত তিনি যুৱক ক্ৰমে ৰিংকু মিঞা (20) আখতাৰ হুছেইন (24) আৰু নজৰুল ইছলাম (34) বুলি জানিব পৰা গৈছে ।