কৰিমগঞ্জ, 18 অক্টোবৰ : নিশা কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা ৷ কোনোধৰণৰ পাৰ্কিং লাইট নজ্বলোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন বালি ভৰ্তি ট্ৰাকত খুন্দা মাৰে তীব্ৰ বেগেৰে অহা এখন বাইকে ৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই যুৱকৰ ৷
মৃত দুই যুৱক অসম আৰক্ষীৰ 15 আই আৰ বেটেলিয়ানৰ জোৱান আছিল ৷ তেওঁলোক ক্ৰমে ক্ৰমে পাথাৰকান্দি থানা এলাকাৰ খিলৰবন্দ গাঁৱৰ ৰাজীৱ বৰ্মন আৰু ৰাতাবাড়ি থানা এলাকাৰ দামছড়া গাঁৱৰ বুধন বর্মন বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, নিশা পাথাৰকান্দি পৰা ইৰালিগুলৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ সময়তে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পাথাৰকান্দি বাইপাছত এই ঘটনা সংঘটিত হয় ।