ETV Bharat / bharat

আইএছবিলৈ ৰামোজী ফাউণ্ডেচনৰ ৩০ কোটিৰ অনুদান - RAMOJI FOUNDATION DONATES ISB

আইএছবিৰ হায়দৰাবাদ চৌহদত ৪৩০ খন আসনৰ অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৰামোজী ফাউণ্ডেচনে আগবঢ়ালে ৩০ কোটি টকাৰ অনুদান ।

Ramoji Foundation
আইএছবিলৈ ৰামোজী ফাউণ্ডেচনৰ ৩০ কোটিৰ অনুদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 1:46 PM IST

হায়দৰাবাদ : ৰামোজী ফাউণ্ডেচনে ইণ্ডিয়ান স্কুল অৱ বিজিনেছ (আইএছবি)ৰ হায়দৰাবাদ চৌহদত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩০ কোটি টকাৰ অনুদান আগবঢ়ায় । আইএছবিয়ে বৃহস্পতিবাৰে ৰামোজী ফাউণ্ডেচনৰ পৰা লাভ কৰা এই বৃহৎ পুঁজিৰ কথা ঘোষণা কৰে ।

আইএছবিত এই পুঁজি ৪৩০ খন আসনৰ অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব । ই সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্ষাগৃহটোত প্ৰতিষ্ঠানখনে আন্তৰ্জাতিক সন্মিলন, গৱেষণা আলোচনাচক্ৰ, বক্তৃতা অনুষ্ঠান আৰু অন্যান্য মুখ্য শৈক্ষিক অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হ'ব ।

ৰামোজী ফাউণ্ডেচনৰ এই বিশেষ অনুদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইএছবি ব'ৰ্ডৰ অধ্যক্ষ হৰিশ মানৱানীয়ে কয়, "আমাৰ দাতাসকলৰ উদাৰতাই আইএছবিক শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এক বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ৰামোজী ফাউণ্ডেচনৰ এই অৱদানৰ বাবে আমি কৃতজ্ঞ । এই প্ৰচেষ্টাত আইএছবিক শীৰ্ষ পৰ্যায়ৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লগতে বহুদূৰ আগবঢ়াই লৈ যাব ।"

আইএছবিৰ বিকাশত অনুদান আৰু সহযোগিতাৰ ভূমিকা স্বীকাৰ কৰি ডিন মদন পিলুটলাই কয়, "আইএছবিৰ ইতিহাস জনহিতকৰ সমৰ্থনৰে পৰিপূৰ্ণ আৰু ই প্ৰতিষ্ঠানখনৰ বিকাশত সহায় কৰিছে । ৰামোজী ফাউণ্ডেচনৰ পৰা দিয়া অনুদানে প্ৰতিষ্ঠানখনৰ বিকাশত গুৰুত্বপূৰ্ণ সহায়ক হ'ব আৰু নিশ্চিত কৰিব যে আমি বিশ্বমানৰ শিক্ষাৰ অভিজ্ঞতা প্ৰদান কৰি যাব পাৰো ।"

ইণ্ডিয়ান স্কুল অৱ বিজিনেছ কি ?

ইণ্ডিয়ান স্কুল অফ বিজিনেছ (আইএছবি) হৈছে এক বিশ্বব্যাপী স্বীকৃত বিজিনেছ স্কুল । হায়দৰাবাদ আৰু মোহালিত থকা এই প্ৰতিষ্ঠানৰ চৌহদত উদ্ভাৱনী ব্যৱস্থাপনা শিক্ষা প্ৰদান কৰা হয় । শীৰ্ষ গোলকীয় বিজিনেছ স্কুলসমূহৰ ভিতৰত স্থান লাভ কৰা আইএছবিয়ে প্ৰগ্ৰাম মেনেজমেণ্টৰ স্নাতকোত্তৰ কাৰ্যসূচী (পিজিপি), কাৰ্যবাহী শিক্ষা আৰু ডক্টৰেটৰ দৰে কাৰ্যসূচী আগবঢ়ায় । ইয়াৰ বিশ্বস্তৰৰ শিক্ষক আৰু নেতৃত্বৰ জৰিয়তে আইএছবি এনে প্ৰতিভা সৃষ্টি কৰিবলৈ সক্ষম যি বিশ্বব্যাপী ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে ।

ৰামোজী ফাউণ্ডেচন কি ?

ৰামোজী ফাউণ্ডেচন হৈছে এক পঞ্জীভুক্ত ন্যাস, যাক ৰামোজী গ্ৰুপে পৰিচালনা কৰে । ২০১২ চনত প্ৰতিষ্ঠা লাভ কৰা এই ফাউণ্ডেচনে শিক্ষা, দক্ষতা বিকাশ, অনাথ আশ্ৰম, গ্ৰাম্য উন্নয়ন, স্বাস্থ্যসেৱা আৰু ক্ৰীড়া প্ৰশিক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত গ্ৰুপৰ হৈ জনহিতকৰ কাৰ্যকলাপ আৰু চিএছআৰ পদক্ষেপবোৰ সক্ৰিয়ভাৱে নেতৃত্ব দিয়ে । ফাউণ্ডেচনে এলভি প্ৰসাদ আই ইনষ্টিটিউট, জিন'ম ফাউণ্ডেচন, অক্ষয় পাত্ৰ, বাসৱতাৰকাম কৰ্কট ফাউণ্ডেচন আদিলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

লগতে পঢ়ক :এখন নহয় দুখনকৈ বি এম ডব্লিউ হেৰাল: হাহাকাৰ লাগিছে চৰকাৰৰ বৰঘৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.