ETV Bharat / entertainment

হত্যাৰ ভাবুকি দিয়া ফৈজানৰ টাৰ্গেটত কেৱল শ্বাহৰুখেই নাছিল ! - SRK ARYAN KHAN DEATH THREAT

শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিয়াৰ গোচৰত পোহৰলৈ আহিছে এক ডাঙৰ তথ্য । সবিশেষ আগলৈ-

Shah Rukh khan death threat update: Aryan Khan was also the target of the accused deets inside
শ্বাহৰুখ খান (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : Nov 22, 2024, 2:06 PM IST

মুম্বাই : বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনাত পোহৰলৈ আহিছে এটা ডাঙৰ আপডেট । আচলতে যিজন ব্যক্তিয়ে শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিছিল, তেওঁৰ টাৰ্গেটত কেৱল শ্বাহৰুখেই নাছিল, পুত্ৰ আৰিয়ান খানো আছিল । অভিযুক্ত ফৈজান খানে কেনেদৰে শ্বাহৰুখ খানৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল সেই বিষয়েও জনাইছে ।

শ্বাহৰুখ-আৰিয়ানৰ বিষয়ে স্পৰ্শকাতৰ তথ্য সংগ্ৰহ কৰিছিল অভিযুক্তই

শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দি ফৈজান খানে ৫০ লাখ টকা দাবী কৰিছিল । এই ভাবুকি জাৰি কৰাৰ পূৰ্বে ফৈজানে অনলাইন যোগে কিং খান আৰু আৰিয়ানৰ সৈতে জড়িত ব্যক্তিগত তথ্য আৰু ভিতৰুৱা তথ্য সংগ্ৰহ কৰিছিল । খবৰ অনুসৰি ফৈজানৰ দ্বিতীয়টো ম’বাইলৰ ফৰেনছিক পৰীক্ষাৰ সময়ত এই কথা পোহৰলৈ আহিছে । এই মোবাইলটো উদ্ধাৰ কৰিছে বান্দ্ৰা আৰক্ষীয়ে । যোৱা ৭ নৱেম্বৰত ফৈজানে বান্দ্ৰা আৰক্ষীক ফোন কৰি শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিছিল, তাৰ পিছত আৰক্ষীয়ে এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

ন্যায়িক জিম্মাত অভিযুক্ত

ফৈজানে ফোনত কৈছিল, “শ্বাহৰুখ সেইজনেই নেকি যিজন মন্নতত থাকে, যদি তেওঁ ৫০ লাখ নিদিয়ে তেন্তে মই তেওঁক মাৰি পেলাম ।” নিজৰ পৰিচয় প্ৰকাশ নকৰাকৈয়ে ফোনটো বিচ্ছিন্ন কৰি দিছিল ফৈজানে । ইয়াৰ পিছত আৰক্ষীয়ে ফৈজানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । এই ফোন নম্বৰটো ছত্তীশগড়ৰ ৰায়পুৰৰ বুলি গম পোৱাত আৰক্ষীয়ে তাত থকা স্থানীয় আৰক্ষীৰ সহায় বিচাৰি ফৈজানক গ্ৰেপ্তাৰ কৰিবলৈ সফল হয় ।

১২ নৱেম্বৰত ফৈজানক মুম্বাইলৈ অনা হয় । আদালতত হাজিৰ কৰাৰ পাছত তেওঁক ১৮ নৱেম্বৰলৈকে জিম্মাত ৰখাৰ পিছত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । বৰ্তমান মুম্বাই আৰক্ষীয়ে কটকটীয়া কৰিছে শ্বাহৰুখ খানৰ নিৰাপত্তা । ছুপাৰষ্টাৰৰ ঘৰৰ বাহিৰত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক : শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি, অধিবক্তাক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.